বহুচৰ্চিত নগা শান্তি চুক্তিক লৈ আৰম্ভ হৈছে অচলাৱস্থা ৷ নাগালেণ্ডৰ ৰাজ্যপাল তথা নগা শান্তি চুক্তি আলোচনাৰ কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী এন ৰবিৰ আৰু নগা বিদ্ৰোহী সংগঠনসমূহৰ মাজত বিগত কে’বামাহ ধৰি চলি থকা আলোচনা মোখনিৰ দিশলৈ আগবাঢ়োতেই সৃষ্টি হোৱা অচলাৱস্থাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অস্বস্তিত পৰিছে । এই পৰিস্থিতিত পি এম অ’ই চোৰাংচোৱা আই বিৰ মুৰব্বীক দায়িত্ব ল’বলৈ নিৰ্দেশ দিছে ৷
আই বিৰ সঞ্চালক অৰবিন্দ কুমাৰক আপাতদৃষ্টিত কক্ষচ্যুত হোৱা শান্তি আলোচনাক পুনৰায় সঠিক পথলৈ আনিবলৈ কোৱা হৈছে । “বিগত ছবছৰে আৰ এন ৰবিয়ে মধ্যস্থতাকাৰীৰ সমৰ্থনৰে বিভিন্ন নগা গোটৰে আলোচনা কৰি আছে ৷ কিন্তু বিগত ১০-১১ মাহে কথাবোৰ ঠিকমতে আগবঢ়া নাই।” এই দৰে কয় এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই ৷ বিষয়াজনৰ মতে পি এম অ’ই আই বিৰ বিশেষ সঞ্চালক অৰ্থাৎ কুমাৰ মিশ্ৰক যুদ্ধ কালীন প্ৰচেষ্টাৰে অংশ ল’বলৈ কৈছে।




































