সমগ্ৰ দেশত ভয়াবহ ৰূপ ধাৰণ কৰা কৰ’না সংক্ৰমণে দেশৰ লগতে ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰিছে । জনসাধাৰণে এই সময়ছোৱাত নিজে সাৱধানতা অৱলম্বন নকৰিলে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাটো কঠিন হ’ব । তাৰোপৰি ৰাজ্যত তলাবন্ধ বহু পৰিমাণে শিথিল কৰি দিয়াৰ ফলত সংক্ৰমণ বৃদ্ধি পাইছে বুলি সূত্ৰত প্ৰকাশ পাইছে ।
আনহাতে, অক্টোবৰৰ প্ৰথম সপ্তাহত ৰাজ্যত ICUৰ অভাৱ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই । লগতে কয় যে, প্ৰথমাৱস্থাত যদিও কম বয়সীয়া লোক আক্ৰান্ত হোৱাৰ বাবে মৃত্যুৰ সংখ্যা কম আছিল কিন্তু এতিয়া তেওঁলোকৰ পৰা বয়সস্থ লোকলৈ সংক্ৰমণ হোৱাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ।
আনহাতে, যোৱাকালি কৰ’নাত আক্ৰান্ত হৈ ১৮ জনৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ক’ভিডৰ ভেকচিনো নৱেম্বৰ-ডিচেম্বৰলৈ অহাৰ সম্ভৱনা নাই । সেয়ে জনসাধাৰণক সতৰ্ক হ’বলৈ আহ্বান জনাইছে ড° হিমন্ত বিশ্ব শৰ্মাই ।
আনফালে, দেশত সমাগত দুৰ্গাপূজা । বিগত ৬ মাহ ধৰি ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ প্রভাৱৰ ফলত বিহুকে ধৰি সকলো উৎসৱ-পাৰ্বণ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ।
সম্প্ৰতি কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দূৰ্গা পূজাসমূহো নিৰ্দিষ্ট ধর্মীয় নীতি নিয়মৰ মাজেৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে ।
লগতে কয় যে বহু লোকৰ সমাগম হ’লে যিহেতু নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব সেয়ে এনে পৰিস্থিতিত অনুষ্টুপীয়াকৈ পালন কৰা হ’ব দূর্গাপূজা।





























