হাস্পতালৰ মৰ্গৰ বাহিৰত ৰখা আছে এম্বুলেন্স । এম্বুলেন্সখনত সৎকাৰৰ বাবে উঠাই নিয়া হৈছে ২২ জন লোকৰ মৃতদেহ । এই ভয়াবহ ছবি দেখা গৈছে মহাৰাষ্ট্ৰৰ বীড জিলাৰ অম্বেজ’গাইত ।
অম্বেজ’গাইৰ স্বামী ৰামানন্দ তীৰ্থ মাৰাঠাৱাড়া মেডিকেল কলেজত সংঘটিত হৈছে এই ঘটনা । স্থানীয় সূত্ৰ অনুসৰি, মৃতদেহ কেইটা গাড়ীত তোলাৰ সময়ত আৰক্ষীও উপস্থিত আছিল । অভিযোগ উত্থাপিত হৈছে যে, মৃতসকলৰ পৰিয়ালবৰ্গই ফটো তুলিবলৈ গ’লে তেওঁলোকৰ ফোন কাঢ়ি লৈ যায় । এই দেহসমূহৰ সৎকাৰ হোৱাৰ পাছত ফোন উভতোৱা হৈছে বুলি জানিবলৈ দিয়ে তেওঁলোকে ।

ঘটনা সন্দৰ্ভত বীড জিলাৰ জিলা প্ৰশাসক ৰবীন্দ্ৰ জগতপে এক সংবাদ মেলত জনায়, ‘অম্বেজ’গাইৰ অতিৰিক্ত জিলা প্ৰশাসকক ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে । কোনো লোক দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
স্বামী ৰামানন্দ তীৰ্থ মাৰাঠাৱাড়া মেডিকেল কলেজৰ ডিন শিবাজি সুকৰে কয়, ‘সৎকাৰ কৰিবলৈ মৃতদেহ লৈ যাবৰ বাবে মাত্ৰ দুখন এম্বুলেন্স আছে । আমি আৰু এম্বুলেন্সৰ দাবী জনাইছো । কোনো লোকৰ মৃত্যু হোৱাৰ পাছত স্থানীয় প্ৰশাসনক গটাই দিয়া লৈকেই আমাৰ দায়িত্ব । তেওঁলোকে কেনেকৈ লৈ যাব সেইটো আমাৰ নিয়ন্ত্ৰণত নাই ।’





























