কৰ’নাৰ দ্বিতীয় লহৰৰ মােকাবিলা কৰিবলৈ সমগ্র বিশ্বই হাবাথুৰি খাবলগীয়া হৈছে। এই জীৱাণুৰ পৰা ৰক্ষা পােৱাৰ বাবে মাস্ক, পিপিই, সঠিক জীৱাণু মুক্তিকৰণ অবিহনে আন কোনাে উপায় নাই। এই অৱস্থাত সম্প্রতি এনে এবিধ মাস্ক আৱিষ্কাৰ হৈছে যি কেৱল জীৱাণুক শৰীৰত প্ৰৱেশ কৰাত ৰােধ কৰিয়েই ক্ষান্ত নাথাকে, আনকি মাস্কৰ ওপৰত আহি পৰা জীৱাণুক মাৰিও পেলায়।
এই বিশেষ আৱিষ্কাৰেৰে সম্প্রতি চমক সৃষ্টি কৰিলে আইআইটি মাণ্ডিৰ এদল গৱেষকে। সমগ্র বিশ্বতে এই গৱেষণা অত্যন্ত ফলপ্রসূ হ’বলৈ গৈ আছে বুলিও গৱেষকৰ দলটোৱে দাবী কৰিছে। এই গৱেষণাৰ প্রতিবেদন শেহতীয়াকৈ প্রকাশ পাইছে আমেৰিকাৰ বিজ্ঞান পত্রিকা ‘আমেৰিকান কেমিকেল ছ’চাইটি-এপ্লাইড মেটেৰিয়েলছ এণ্ড ইণ্টাৰফেচেচ’ত।
উল্লেখ্য যে আইআইটি মাণ্ডিৰ গৱেষক অমিত জয়ছােৱালৰ নেতৃত্বত সৌনক ৰায়, প্রবীণ কুমাৰ আৰু অনিতা সৰকাৰৰ অবিৰাম পৰিশ্রমেই সম্প্রতি অতিমাৰীক ৰােধৰ আশা দেখুৱাইছে। এই মাস্ক তৈয়াৰৰ উপাদান আৰু কিদৰে ই কাম কৰে, সেয়াও তেওঁলােকে বুজাই দিছে। মলিবডেনাম ডাইছালফাইড নামৰ এবিধ উপাদানেৰে এডাল চুলিতকৈ কে’বা গুণে পাতল এক আবৰণ তৈয়াৰ কৰা হৈছে।
যি আবৰণ গৱেষকৰ দলটোৱে মাস্কৰ ওপৰত সংযুক্ত কৰিছে। এই উপাদানটোৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণাগুণ আছে বুলিও তেওঁলােকে দাবী কৰে। এশৰ পৰা দুশ নেন’মিটাৰৰ কোনাে ভাইৰাছ বা বেক্টেৰিয়া এই আবৰণৰ ওপৰলৈ গুচি আহিলে নিমিষতে মাৰি পেলাব পাৰে সেই আবৰণে।

গৱেষকৰ দলটোৱে কয় যে ক’ভিড-১৯ ভাইৰাছটো ১২০ নেন’মিটাৰৰ। সেই এই উপাদানৰ সংস্পৰ্শলৈ আহিলে ক’ভিড-১৯ ভাইৰাছৰাে মৃত্যু হয় ।গৱেষকসকলে জনাইছে যে মলিবডেনাম ডাইছালফাইডৰ এই আবৰণে জীৱাণু নাশত দুই প্রকাৰে কাম কৰে। ইয়াৰ তল-ওপৰ অতি ধাৰাল।
ইলেকট্রন অণুবীক্ষণ যন্ত্ৰৰে চালে ধাৰণা হ’ব যেন অসংখ্য ক্ষুদ্র ছুৰ ওপৰা-উপৰিকৈ ৰখা আছে। ক’ভিড-১৯ বা কোনাে জীৱাণুৰ সংস্পৰ্শলৈ আহিলেই সিবােৰৰ কোষপর্দা ভেদ কৰি ভিতৰত প্রৱেশ কৰে ছুৰীৰ দৰে তীক্ষ্ণ অংশবােৰে। ফলত মৃত্যু হয় ভাইৰাছ-বেক্টেৰিয়াৰ ।কোৱা হৈছে যে এই উপাদান সূৰ্যৰ পােহৰত অত্যন্ত সক্রিয় হৈ উঠে। কিছু ক্ষণ সূৰ্যৰ ৰ’দত থাকিলেই ৭০ ডিগ্রী চেলছিয়াচ পর্যন্ত ইয়াৰ তামমাত্রা হয়, যি অনেক জীৱাণুকেই বাচিবলৈ নিদিয়ে।
মাস্কৰ ওপৰত ঘাটি স্থাপন কৰা ক’ভিড-১৯ক মাৰি পেলােৱাৰ বাবে নিশ্চিত হৈ এই মাস্ক একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি। আকৌ সহজে কেৱল ৰ’দত ৰাখিয়েই ইয়াক জীৱাণুমুক্ত কৰিব পাৰি। এই উপাদানৰ আন এক বিশেষত্ব হৈছে ঘনাই চাবােনেৰে ধুই পৰিষ্কাৰ কৰিলেও ইয়াৰ কার্যকাৰিতাত কোনাে হেৰফেৰ নহয়। পৰীক্ষাত দেখা গৈছে যে ৬০বাৰ চাবােন পানীৰে বােৱাৰ পাছতাে এই উপাদানেৰে তৈয়াৰী মাস্কে একেদৰেই জীৱাণু ধ্বংস কৰাত সক্ষম হৈ আছে।
এই উপাদানেৰে কেৱল মাস্কেই নহয়, পিপিইও তৈয়াৰ কৰা সম্ভৱ বুলি গৱেষকসকলে জনাইছে। তেওঁলােকে লগতে দাবী কৰিছে যে এই উপাদানেৰে তৈয়াৰী মাস্ক পৰিধান কৰি শ্বাস-প্রশ্বাস লােৱাত কোনাে কষ্ট নহ’ব। ইয়াৰ সঠিক ব্যৱহাৰত মাস্কৰ সংস্পৰ্শলৈ অহা ৯০ শতাংশৰাে অধিক জীৱাণু ধ্বংস কৰি দিয়াৰ ক্ষমতা আছে বুলিও গৱেষকসকলে দাবী কৰিছে।
অৱশ্যে এতিয়াও তেওঁলােকে কোনাে মাস্ক, পিপিই উৎপাদনকাৰী কোম্পানীৰ স’তে কথা পতা নাই। কিয়নাে তেওঁলােকে এই বিষয়ত আৰু কিছুদিন গৱেষণা চলাব বিচাৰে। ইয়াৰ পাছতহে বাণিজ্যিক উৎপাদনৰ বাবে এই উপাদানৰ ফমূলা বিভিন্ন কোম্পানীৰ স’তে ভাগ কৰিব বুলিও তেওঁলােকে জনাইছে। ইয়াৰ মূল্য গগনচুম্বী নােহাৱাৰাে আশ্বাস দি গৱেষকৰ দলটোৱে কয় যে ইয়াৰ মূল্য মধ্যবিত্ত পৰিয়ালৰ সাধ্যতে থাকিব।





























