ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বজালী জিলাতো কৰ’না মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে । এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই আজি জিলাখনৰ সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় পৰ্যন্ত পোন্ধৰ দিনৰ বাবে বন্ধ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰে । উল্লেখ্য এই সন্দৰ্ভত চৰকাৰে ইতিমধ্যে জাৰি কৰা আদেশৰ ভিত্তিতেই জিলা উপায়ুক্তই আজি শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়ে ।
বন্ধৰ একেটা নিৰ্দেশতেই শিক্ষানুষ্ঠান সমূহৰ আৱাসসমূহো খালী কৰি দিবলৈ কোৱা হৈছে । উপায়ুক্তৰ দ্বাৰা প্ৰেৰিত নিৰ্দেশ আজিৰে পৰা তৎকালীনভাৱে বলৱৎ কৰিবলৈ কয় । শিক্ষাৰ্থীসকলক কৰ’নাৰ বীজাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিবৰ উদ্দেশ্যৰেই উপায়ুক্তই এই ব্যৱস্থা গ্ৰহণ কৰে ।
তাৎপৰ্যপূৰ্ণ যে একেটা নিৰ্দেশতেই অনলাইন পাঠদানৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈও কোৱা হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আঠ মে’ পৰ্যন্ত বিদ্যালয় বন্ধ ঘোষণা কৰিছে ।





























