দেশজুৰি কৰ’নাৰ সংক্রমণে সকলােকে ত্রাসিত কৰাৰ সময়তে মধ্য প্রদেশৰ নীছমৰ বাসিন্দা এজন কৃষকে নিজৰ কন্যাৰ বিবাহৰ বাবে সঞ্চয় কৰি ৰখা ধন কৰ’না ৰােগীৰ চিকিৎসাৰ বাবে দান হিচাপে আগবঢ়ালে।
চম্পালাল গুৰ্জৰ নামৰ কৃষকজনে অলপতে জিলা কালেক্টৰৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ সঞ্চিত দুই লাখ টকা কৰ’না ৰােগীৰ চিকিৎসাৰ কামত ব্যয় কৰিবলৈ দান দিয়ে।
দুগৰাকী কন্যাৰ পিতৃ চম্পালালে কয় যে তেওঁ কন্যাৰ বিবাহ ধূমধামকৈ সম্পন্ন কৰাৰ বাবে উক্ত ধন সঞ্চয় কৰিছিল যদিও কৰ’নাৰ সংক্ৰমণত বহু লােকৰ দুৰ্গতি প্রত্যক্ষ কৰি মন বিচলিত হয় আৰু সেয়েহে এই ধনৰ দুই লাখ টকা দান কৰিবলৈ সিদ্ধান্ত লৈছিল।
এই ধনৰাশি দান কৰি চম্পালালে কৰ’না ৰােগীৰ বাবে প্রয়ােজনীয় অক্সিজেন কনচেনট্রেটৰ ক্ৰয় কৰিবলৈ প্ৰশাসনক অনুৰােধ জনায়। পিতৃৰ এই সিদ্ধান্তৰ প্রতি তেওঁৰ দুই কন্যায়াে সমর্থন ব্যক্ত কৰে।
কৰ’না কালতে চম্পালালৰ জ্যেষ্ঠ কন্যা অনিতাৰ বিবাহ স্থিৰ হৈছিল। পিতৃয়ে বিবাহৰ বাবে জমা কৰা ধন দান কৰাৰ প্রসংগত অনিতাই কয় যে এতিয়া তেওঁৰ বিবাহ অনাড়ম্বৰভাৱে অনুষ্ঠিত হ’ব যদিও এই ধনৰে কৰ’না ৰােগীৰ জীৱন নিশ্চয় ৰক্ষা পৰিব।
সেয়েহে এই বিবাহ হ’ব সম্পূর্ণ অভিনৱ আৰু সমগ্র জীৱনলৈ পিতৃৰ এই ত্যাগৰ কথা সকলােৰে মনত থাকিব।





























