কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত দিনে ৰাতিয়ে মিলি পিন্ধি থাকিবলগীয়া হয় পিপিই কিট। এই গৰমত প্ৰায় উশাস বন্ধ হৈ যোৱা পৰিস্থিতিত কি হৈছে চিকিৎসকসকলৰ।এই কথা টুইটত ছবি প্ৰকাশ কৰি জনালে চিকিৎসক ছুহিলে ।বৰ্তমান তেওঁৰ টুইটটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সকলোৱে চিকিৎসকজনক বহুত প্ৰশংসা কৰিছে।
টুইটটোত দেখুওৱা হৈছে যে কেনেকৈ একেৰাহে ১৫ ঘণ্টাৰ পাছত কৰ’না ৰোগীসকলৰ ১৫ ঘণ্টাৰ চিকিৎসাৰ পাছত ডাঃ ছুহিলৰ চাৰ্ট ঘামত তিতি গৈছিল। দেখাত এইটো এনেকুৱা লাগিছে যে তেওঁ চাৰ্টতো পিন্ধি গা ধুইছে!
এক টুইটযোগে ছুহিলে লিখিছে, “এতিয়াও যুঁজ দিব লাগিব কৰ’নাৰ বিৰুদ্ধে । কাৰণ, যি ভাবেই নহওক, জিকিব লাগিব। ”
https://twitter.com/DrSohil/status/1387388481899401217?s=20
দিল্লীৰ চিকিৎসক ছুহিলে বুধবাৰে (২৮ এপ্ৰিল) টুইটটো কৰিছিল। তেতিয়াৰ পৰাই সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে তেওঁৰ এই প’ষ্ট।





























