ভাৰতৰ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ সৎকাৰৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰি ঠাট্টা কৰিছিল চীনে । পাছত তীব্ৰ সমালোচনা আৰম্ভ হোৱাত সামাজিক মাধ্যমৰ সেই ফটো দিয়া পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হয় বেইজিং । চীনৰ চৰকাৰে জনায় যে, কৰ’নাৰ বিৰুদ্ধে যুঁজত ভাৰতক সহযোগ কৰিবলৈ প্ৰস্তুত চীন ।
টিয়ানহে মহাকাশ ষ্টেচনৰ উদ্দেশ্যে ৰকেটৰ মাধ্যমত এটা মড্যুল প্ৰেৰণ কৰিছে চীনে । সেই ৰকেটৰ ইন্ধনৰ অংশৰ পৰা নিৰ্গত বিপুল জুইৰ ফটো আৰু ভাৰতৰ কৰ’নাত মৃতসকলৰ দেহ সৎকাৰৰ সময়ৰ জুইৰ ফটো সংলগ্ন কৰি চীনে পোষ্ট কৰে । ফটোখন এটা প্ৰশাসনিক একাউণ্টৰ পৰা পোষ্ট কৰা হয় । পোষ্টটোত লিখা থাকে, ‘এফালে চীনে জুই জ্বলাইছে, আনফালে ভাৰতে জুই জ্বলাইছে ।’
ইয়াৰ পাছতেই ভাৰতৰ কৰ’না পৰিস্থিতিক লৈ কৰা চীনৰ ইতিকিঙৰ বিষয়ত ক্ষোভ প্ৰকাশ কৰে আন্তৰ্জাতিক মহলে । কিছুসময়ৰ পাছত পোষ্টটো আঁতৰাই দিয়া হয় ।
চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ এই ঘটনাৰ পাছত স্পষ্টভাৱে নহ’লেও ভাৰতৰ স’তে চীনৰ সম্পৰ্কৰ বিষয়ত এটা প্ৰতিক্ৰিয়া দেখা যায় । চীনৰ বৈদেশিক মন্ত্ৰীয়ে জনায়, ‘ক’ভিডৰ বিৰুদ্ধে যুঁজত চীনে ভাৰতক কিদৰে সহায় কৰিছে সকলোৱে তাত গুৰুত্ব দিয়া উচিত ।’
চীনৰ সংবাদ মাধ্যম গ্ল’বেল টাইমছে জনায়, ‘এই সময়ত ভাৰতক সহযোগ কৰা অধিক প্ৰয়োজনীয় । চীনৰ জনসাধাৰণেও তেওঁলোকৰ মূল্যবোধ জীয়াই ৰাখিব লাগিব । ভাৰতক মানৱীয়তা আৰু সহানুভূতিৰ চকুৰে চাব লাগিব ।’





























