এইবাৰ উত্তৰাখণ্ডৰ এখন চিকিৎসালয়ত একেসময়তে পাঁচ জন ক’ভিড ৰোগীৰ মৃত্যু । অক্সিজেন যোগান ব্যাহত হোৱাৰ বাবে তেওঁলোকৰ মৃত্যু হোৱাৰ অভিযোগ । মৃতসকলৰ ভিতৰত এগৰাকী মহিলাও আছিল। অক্সিজেন সেৱাত ব্যাঘাত ৰখাৰ বাবে ৰোগীসকলে প্ৰায় আধা ঘণ্টা ক’ভিড ৱাৰ্ডত অক্সিজেন অবিহনে থাকিব লগা হৈছিল।
ঘটনাটো বুধবাৰে পুৱতি নিশা হৰিদ্বাৰ জিলাৰ ৰুৰকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে। চিকিৎসালয়ৰ এজন চিকিৎসকে কয় যে অক্সিজেনৰ যোগান হঠাতে ব্যাহত হৈছিল। নিশা ১.৩০ বজাৰ পৰা দুই বজালৈকে ৰোগীসকলে প্ৰায় আধা ঘণ্টাৰ বাবে অক্সিজেন পোৱা নাছিল। মৃত্যু হোৱা পাঁচজন লোকৰ এজন ভেণ্টিলেটৰত আছিল। বাকীবোৰ অক্সিজেন বিচনাত আছিল।
হৰিদ্বাৰ জিলা উপায়ুক্ত চি ৰবি শংকৰে কয় যে, ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। চিকিৎসালয়খনৰ অডিট দলটোৱেও নিজে এটা তদন্ত আৰম্ভ কৰিছে। চিকিৎসালয়ত অক্সিজেনৰ চাহিদা কত,সেই তুলনাত সৰবৰাহ কত সেই বিষয়লৈ সম্পূৰ্ণ ৰিপৰ্ট তৈয়াৰ কৰা হৈছে। ৰবি শংকৰে কয় যে অৱহেলাৰ প্ৰমাণ পোৱা গ’লে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব।





























