অসমত মহামাৰী কৰ’না ভাইৰাছৰ ফলত বহুতোলোক আক্রান্ত হোৱাৰ লগতে কেবাজনো লোকৰ মৃত্যু হোৱাও পৰিলক্ষিত হৈছে।
ইতিমধ্যে আৰক্ষী বিভাগে বিভিন্ন ,ৰাস্তা বজাৰ আদিৰে মাইকেৰে ঘোষণা কৰি আছে যে মাক্স পিন্ধাটো বাধ্যতামূলক অন্যথা জৰিমনা বিহিব বুলি কোৱাৰ লগতে নৈশ সান্ধ্য আইনো জাৰি কৰিছে চৰকাৰে।
চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নতুন নীতি নিৰ্দেশনাক পালন কৰিবলৈ আহ্বান জনাইছে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাই।
ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাই সংবাদমাধ্যমৰ যোগেদি ফকিৰাগ্ৰামবাসী ৰাইজক কয় যে চৰকাৰে বান্ধি দিয়া নতুন SOP মানি চলক।
সদায় মাক্স পৰিধান কৰক আৰু সামাজিক দুৰত্ব মানি চলক নহলে বিপদ অনিবার্য। ঘৰতে থাকক সুৰক্ষিত থাকক।





























