মুখত অক্সিজেন মাস্ক । উঠি থিয় দিয়াৰে শাৰীৰিক সামর্থ্য নাই; কিন্তু মনত আছিল প্রৱল জীৱনীশক্তি। সেই বাবেই হাস্পতালৰ বিছনাত বহি থাকিয়েই ‘লাভ ইউ জিন্দেগী’ গীতৰ সুৰত কঁকাল ঘূৰাইছিল এগৰাকী ৩০ বছৰৰ যুৱতীয়ে।
অৱশ্যে সেই প্ৰচুৰ জীৱনীশক্তিৰ অধিকাৰিণীও সাৰি নগ’ল কৰ’নাৰ কৰাল গ্রাসৰ পৰা । সেই ক’ভিড আক্রান্ত যুৱতীগৰাকীৰ ইতিমধ্যে মৃত্যু হােৱা বুলি জনাইছে নতুন দিল্লীৰ এখন হাস্পতালৰ চিকিৎসক মণিকা সিঙে।
https://twitter.com/drmonika_langeh/status/1392871777739575301?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1392871777739575301%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcovid-patient-listening-love-you-zindagi-has-died-dgtl%2Fcid%2F1281033
যুৱতীৰ নৃত্যৰ এক ভিডিঅ’ তেওঁ সামাজিক মাধ্যমত আপলােড কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। টুইট কৰি চিকিৎসকগৰাকীয়ে লিখিছে, সাংঘাতিক দুখ লাগিছে । আমি এগৰাকী যুৱতীৰৰ সাহসীক হেৰুৱালাে। দয়া কৰি তেওঁৰ পৰিয়ালৰ বাবে প্রার্থনা কৰক। ইয়াৰ পূর্বে তেওঁ ক’ভিড আক্রান্ত যুৱতীৰ শাৰীৰিক অৱস্থাৰ কথাও জনাইছিল।
She got the ICU bed but the condition is not stable. Please pray for brave girl. Sometimes I feel so helpless. It's all in the hands of almighty what we plan what we think is not in our hands. A little kid is waiting for her at home. Please pray. https://t.co/zfpWEt5dYm
— Dr.Monika Langeh (@drmonika_langeh) May 9, 2021
যােৱা ১০ মে’ত চিকিৎসক সিঙে লিখিছিল, তেওঁৰ অৱস্থা স্থিতিশীল নহয়। আইচিইউত ৰখা হৈছে তেওঁক। তেওঁৰ বাবে প্রার্থনা কৰক। নিজকে বৰ অসহায় যেন লাগিছে। সকলােবােৰ এতিয়া ভগৱানৰ হাতত।





























