বেষ্টছেলাৰ ইংৰাজী লেখক চেতন ভগতে কয় যে ভাৰতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ এই সংকটৰ পৰা শিক্ষা গ্রহণ কৰি দেশৰ স্বাস্থ্য ব্যৱস্থাৰ সংস্কাৰ সাধন কৰাটো জৰুৰী হৈছে।
গ’ল্ফ মহাৰাষ্ট্র বিজনেছ ফ’ৰাম (জি এম বি এফ)ৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত অংশ লৈ ডুবাইত জনপ্রিয় লেখকজনে কয় যে ভাৰতে ২০২০ টিকাকৰণক গভীৰতাৰে গ্রহণ কৰা নাছিল, কিন্তু আন দেশসমূহে বিষয়টোত গুৰুত্ব দিছিল।
এই সংকটৰ পৰা ভাৰতে বিশেষকৈ স্বাস্থ্য সেৱাৰ দুর্দশাৰ শিক্ষা লােৱা জৰুৰী। ভুল কৰাটো স্বাভাৱিক, যদিহে আমি সেই ভুল স্বীকাৰ কৰি লওঁ। এই সংকটৰ এটি ইতিবাচক দিশ এয়ে যে আমি ইয়াৰ পৰা এক শিক্ষা ল’ব পাৰাে।
ক’ভিড পৰিস্থিতিত ভাৰতে সন্মুখীন হােৱা দুর্দশাৰ প্রসংগত ভগতে কয় যে দেশে সম্ভাব্য সংকটক আৰম্ভণিৰে পৰা গুৰুত্বসহকাৰে নােলােৱাৰ ফলত আজি ভাৰতে কৰ’নাত এইদৰে হাহাকাৰ কৰিবলগা হৈছে।
দেশৰ স্বাস্থ্য খণ্ডই ক’ভিড পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে সংশােধনৰ পথ লােৱা জৰুৰী বুলি জনপ্রিয় লেখকজনে মত প্রকাশ কৰে।






























