Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Coal Mine Tragedy:দিছপুৰৰ পৰাই চলিছে ক’লা সাম্ৰাজ্য

Coal Mine Tragedy:দিছপুৰৰ পৰাই চলিছে ক'লা সাম্ৰাজ্য

Editor by Editor
January 9, 2025
in Assam, News, Politics
Reading Time: 1 min read
0
Coal Mine Tragedy

Coal Mine Tragedy

1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

COAL MINE TRAGEDY IN DIMA HASAO :এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

আগন্তুক উপ নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব অসম জাতীয় পৰিষদ দলে

ৰাজ্যত ছিণ্ডিকেট নাই বুলি সততে দাবী কৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালত যে চৌদিশে ছিণ্ডিকেটৰ ক’লা সাম্রাজ্য অব্যাহত আছে, উমৰাংছ’ৰ অবৈধ কয়লা খনিত সংঘটিত ভয়াৱহ দুর্ঘটনাৰ পাছত সেই কথা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল স্বয়ং মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই। মঙলবাৰে মুখ্যমন্ত্রীগৰাকীয়ে দুর্ঘটনা সংঘটিত হোৱা খনিটো অবৈধ আছিল বুলি স্বীকাৰ কৰাৰ পাছতে ঘটনাক বিৰোধী ৰাজনৈতিক দল-সংগঠনসমূহে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে আক্ৰমণ কৰে ।

ADVERTISEMENT

বিৰোধীয়ে কয় যে, এই ঘটনাৰ পিছত এতিয়া লুক-ঢাক কৰিবলগীয়া একো নাই। দিছপুৰৰ পৃষ্ঠপোষকতাত কেৱল উমৰাংছ’তে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছিণ্ডিকেটৰ ক’লা সাম্রাজ্য অব্যাহত আছে বুলি সমালোচনাত মুখৰ হৈ উঠিছে বিৰোধী শিবিৰ। উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য (চিইএম) দেৱোলাল গৰ্লোছাৰ নেতৃত্বত ডিমা হাছাও জিলাত অব্যাহত থকা কয়লা, চূণশিলৰ বিশাল ক’লা সাম্ৰাজ্যৰ বিৰুদ্ধে ‘দৈনিক অগ্রদূত’ত সবিস্তাৰে প্ৰকাশ পাই আহিছে যদিও দিছপুৰে গৰ্লোছাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ সলনি ক’লা সাম্ৰাজ্যৰ বেহা চলাই যাবলৈহে পৃষ্ঠপোষকতা কৰি আহিছে।

লক্ষ্যণীয়ভাবে ‘ৰেট হ’ল‘ (নিগনিৰ দৰে কুটি কুটি খন্দা) খনন পদ্ধতিৰ অবৈধ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ দুদিন উকলাৰ পাছতো চৰকাৰে ৰহস্যজনকভাৱে এই পর্যন্ত ইয়াৰ কোনো উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা নাই। ইয়াৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে বিৰোধীয়ে।

এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্রী-বিজেপি চৰকাৰে নিজে লিপ্ত হোৱা দুর্নীতি, লুটপাট, ছিণ্ডিকেটৰাজৰ ওপৰত নিজেই কিদৰে তদন্ত কৰিব বুলি প্রশ্ন উত্থাপন কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই দাবী কৰে যে এই ঘটনাত যদি মুখ্যমন্ত্রী জড়িত নাই, তেন্তে চিবিআই তদন্ত ঘোষণা কৰিব লাগে।

এই দুই নেতাৰ উপৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা, চিপিআই(এম)ৰ বাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰকে ধৰি বিবোধী নেতৃত্বই কয় যে এই ঘটনাই বিজেপি চৰকাৰৰ দিনত চলি থকা ছিণ্ডিকেটৰাজ পুনৰ প্রমাণিত কৰিলে।

আৰু ক’ত চলি আছে অবৈধ কয়লা খনন: গৌৰৱ গগৈ

সাংসদ গৌৰৱ গগৈয়ে উমৰাংছ’ৰ বাহিৰে ৰাজ্যৰ আৰু ক’ত ক’ত অবৈধ কয়লা খনন চলি আছে সেই কথা স্পষ্ট কৰিবলৈ চৰকাৰক দাবী জনায়। তেওঁলোকে কয় যে ছিন্ডিকেটৰ ওপৰতে চলি আছে চৰকাৰ। যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে তীব্র সমালোচনাত সৰবৱ হৈ পৰে ।

যোৱা নিশা এক সংবাদমেলত সাংসদ গগৈয়ে কয়, ‘উচ্চতম ন্যায়ালয়ে কিছু মাহ পূর্বে ভাৰতত কয়লা খনন বন্ধ কৰিবলৈ এক ৰায় দিছিল, তেনে ক্ষেত্রত আমি সংবাদ মাধ্যমৰ জৰিয়তে খবৰ লাভ কৰিছো যে ইয়াত অবৈধভাবে কয়লা খনন চলি আছে। আমি অসম চৰকাৰৰ পৰা জানিব বিচাৰো যে ৰাজ্যত কয়লা খনন বন্ধ কৰিবলৈ কি পদক্ষেপ গ্রহণ কৰিছে। উমৰাংছ’ত এটা বিশেষ দুর্ঘটনা সংঘটিত হোৱা বাবে আমি খবৰ পাইছো আৰু কিমান ঠাইত এনে অবৈধ খনন চলি আছে যাৰ খবৰ লাভ কৰা নাই। সেই প্রশ্ন উত্তৰ আমি বৰ্তমানৰ চৰকাৰৰ পৰা জানিব বিচাৰো।’
তদুপৰি তেওঁ কয়, ‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নিযুক্তি দিয়া অভিভাৱক মন্ত্রীসকলৰ ভূমিকা কি? এই সম্পর্কে এটা গোচৰ কজু হৈছে যদিও আমি বিচাৰো যে এক বিশেষ তদন্ত কমিটা গঠন কৰিব লাগে। আজিৰ তাৰিখত এই গোচৰৰ জৰিয়তে যে কিবা তথ্য পোহৰলৈ আহিব তাত আমাৰ সন্দেহ আছে।’

কয়লা ছিণ্ডিকেট হৈছে বিজেপি চৰকাৰৰ খীৰতী গাই: চিপিআই(এম)

চিপিআই(এম)ৰ নেতা সুপ্রকাশ তালুকদাবে কয়, ‘অসমত বিশেষকৈ কয়লা ছিন্ডিকেট ভয়ানক ৰূপত চলি আছে যদিও মুখ্যমন্ত্রীকে ধৰি তেওঁৰ সহযোগীসকলে সমগ্র ঘটনা গাপ দি বাখিবলৈ চেষ্টা চলাইছে। কিন্তু লিডু, মাৰ্ঘেৰিটা, ডিমা হাছাওলৈ যদি যায় স্থানীয় লোকৰ মুখে মুখে কয়লাৰ ক’লা সাম্রাজ্যৰ কথা শুনিব। এই ঘটনা ঘটাৰ পাছত উপায়হীন হৈ মুখ্যমন্ত্রীয়ে অবৈধ বুলি কালি মন্তব্য কৰিছে: কিন্তু দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অবৈধ কার্য কিদৰে সম্ভৱ ।’ আজি স্পষ্ট হৈছে যে যি স্থানত এই দুর্ঘটনা সংঘটিত হৈছে, সেই স্থানত অবৈধ খনন চলিছিল আৰু ইয়াৰ বাবে দায়ী কোন বুলি তালুকদাৰে প্রশ্ন তুলি পুনৰ কয়, ‘এই ঘটনাৰ ৰাবে প্রথম দায়ী হৈছে চৰকাৰ, কাৰণ চৰকাৰে অবৈধ খননক প্রশ্রয় দি আহিছে।’

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদকজনে পুনৰ কয়, ‘এনে কাৰ্য এইখন চৰকাৰৰ বাবে খীৰতী গাই। ইয়াক ব্যবহাৰ কৰি বিভিন্ন মন্ত্রীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছে। মুখ্যমন্ত্রীকো ইয়াৰ পৰা বাহিৰত ৰাখিব নোৱাৰি। এনে কার্যক লৈ এক অশুভ বুজাবুজি গঢ়ি তোলা হৈছে। ব্যবসায়ী, চৰকাৰী বিষয়া, মন্ত্রী আৰু ৰাজনৈতিক নেতাই মিলি এই অশুভ হ’বলৈ ধৰিছে। হিন্দী চিনেমাত দেখাৰ দৰে বিহাৰ-উত্তৰ বুজাবুজি গঢ়ি প্রদেশৰ ছিণ্ডিকেটৰাজ, গুণ্ডাৰাজ দেখিবলৈ পাওঁ, অসমত ইয়াক বাস্তবায়িত কৰি তুলিছে বিজেপিৰ নেতা-মন্ত্রীয়ে।’

লগতে তেওঁ কয় যে বিজেপিৰ চৰকাৰ চলি থাকোঁতে অন্য দলৰ দ্বাৰা ছিন্ডিকেট চলোৱাৰ প্রশ্নই নুঠে। বিজেপিৰ চৰকাৰ চলি থাকোতে আন দলৰ মানুহে ছিণ্ডিকেট চলাব পাৰে বুলি সন্দেহ ব্যক্ত কৰাটো আভুৱা ভাৰা কথা বুলি তেওঁ মন্তব্য কৰি কয়, ‘সর্বপ্রথমে আমি অপৰাধীক তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰি বিহিত ব্যৱস্থা লোৱাৰ সমান্তৰালকৈ এক উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ দ্বাৰা নিৰপেক্ষ তদন্ত কৰি স্থায়ীভাবে এনে ছিন্ডিকেট বন্ধ কৰাৰ দাবী জনাইছো।’

ইমান পৰিষ্কাৰ দল বিজেপিৰ নাকৰ তলত কিদৰে অবৈধ খনন চলিছিল

ইফালে, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, ‘মুখ্যমন্ত্রীয়ে ঘোষণা কৰিলে যে উমৰাংছ’ত যি দুৰ্ঘটনা সংঘটিত হৈছে, তাত অবৈধভাৱে কয়লা খনন চলিছিল। অবৈধ বুলি ঘোষণা কৰাৰ পাছত ইমান পৰিষ্কাৰ দল বিজেপিৰ নাকৰ তলত কিদৰে অবৈধ খনন চলিছিল সেয়াহে প্রশ্ন। তেওঁলোকেতো কয় যে দুর্নীতিত বিজেপি একেবাৰে নাই। মুখ্যমন্ত্রী ড° শর্মা বোলে দুর্নীতি বিবোধী সংগ্ৰামৰ প্রধান সেনাপতি। এতিয়া সেইজন মানুহৰ নাকৰ আগত বাৰম্বাৰ কয়লা খননৰ কাহিনী ওলাই আছে আৰু কয়লা খান্দি থাকোতেই মানুহ মৰি আছে।’

নিগনিৰ দৰে গাঁত খান্দি মানুহ সোমাই গৈ কয়লা খননত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰা বুলি বিধায়ক গগৈয়ে উল্লেখ কৰি উমবাংছ’ত নিগনিৰ দৰে গতি খান্দি মানুহ সোমাই কয়লা খনন কৰিবলৈ গৈ প্রায় ২০ জন আবদ্ধ হৈ ইয়াৰেব গৰিষ্ঠ সংখ্যকে হয়তো মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে বুলি কয়। তেওঁ কয়, ‘ড° শৰ্মাৰ দৰে সক্রিয়-দক্ষ বুলি কোৱা এজন মুখ্যমন্ত্রী থকাৰ পাছত ইমান এটা ডাঙৰ অবৈধ খনন চলি থকাৰ পাছত, কিয় এতিয়ালৈকে ডিআইজি, জিলা আৰক্ষী অধীক্ষক, আয়ুক্তৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰা হোৱা নাই? ইয়াৰ পৰাই প্রমাণিত হয় যে ইয়াত মুখ্যমন্ত্রী ড° শর্মা নিজেও জড়িত।’

উল্লেখ্য যে এই ঘটনাত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গৰ্লোছাৰ পত্নী জড়িত থকা বিষয়টো ইতিমধ্যে স্পষ্ট হৈছে বুলি বিধায়ক গগৈয়ে মন্তব্য কৰি পুনৰ কয়, ‘দুর্ঘটনা সংঘটিত হোৱা খনিটো তেওঁলোকৰ হয় বুলি তাত প্রতিবাদ সাব্যস্ত কৰিছে। তুলিৰাম ৰংহাঙৰ কাৰ্বি আংলং আৰু গৰ্লোছাৰ ডিমা হাছাও মুখ্যমন্ত্রী ড° শৰ্মাৰ একো একোটা এটিএম। এই এটিএমত কয়লাৰ টকা আহে বাবে কয়লাৰ এই অবৈধ খনন মুখ্যমন্ত্রীয়ে বন্ধও কৰা নাই আৰু এতিয়ালৈকে তদন্তও ঘোষণা কৰা নাই। এই ঘটনাৰ চিবিআইৰ তদন্ত ঘোষণা কৰি সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগে।

এতিয়া আৰু লুক-ঢাক কৰিবলগীয়া একো নাই বুলি মন্তব্য প্রদেশ কংগ্ৰেছ সভাপতি বৰাৰ

আনহাতে, উমৰাংছ’ৰ অবৈধ কয়লা খনিত সংঘটিত দুর্ঘটনাক শাসকীয় বিজেপিৰ প্রত্যক্ষ নিয়ন্ত্ৰণত চলা ছিন্ডিকেটৰ দুর্ভাগ্যজনক বহিঃপ্রকাশ বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়, ‘ডিমা হাছাওৰ উমৰাংছ’ত চলি থকা অবৈধ কয়লা ছিন্ডিকেটৰ নায়ক উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী গর্লোছা। তাত লুক-ঢাক কৰিবলগীয়া একো নাই। অসমৰ ৰাইজে স্পষ্টভাৱে জানি থোৱা উচিত যে মুখ্য কার্যবাহী দেৱোলালে পার্বত্য জিলাখনত চলাই থকা কয়লা, শিল, বালি, চূণশিল আদি প্রতিটো ছিণ্ডিকেটৰ আঁৰত কিন্তু মুখ্যমন্ত্রী ড° শৰ্মাৰ প্রত্যক্ষ সহযোগ আৰু আশীর্বাদ আছে। আমি প্রত্যাহ্বান জনাইছো, সাহস আছে যদি অসমৰ মুখ্যমন্ত্রীয়ে সমগ্র ঘটনাৰ নিৰপেক্ষ তদন্ত কৰক।’

উমৰাংছ’ৰ-কয়লাখনিক ‘প্রাৰম্ভিকতে অবৈধ যেন লাগিছে’ বুলি মুখ্যমন্ত্রী ড৹ শৰ্মাই কৰা মন্তব্যক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে প্রশ্ন কৰে, ‘অবৈধ বুলি গম পাইছেই যদি তদন্ত কৰি তাৎক্ষণিকভাৱে অপৰাধীক গ্রেপ্তাৰ কৰাৰ লগতে অবৈধ কয়লাখনিসমূহক আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা নাই কিয়?’

নিজে কৰা দুর্নীতি, লুটপাটৰ নিজে তদন্ত কৰিব কেনেকৈ বুলি কটাক্ষ অজাপ সভাপতিৰ

ইফালে, উমৰাংছ’ৰ অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ দুর্ঘটনাক দেশৰ প্রধানমন্ত্রী কার্যালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত তদন্ত কৰিবলৈ প্রত্যাহান জনাই অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে কয় যে, উমৰাংছ’ত যি হৈছে, ই একপ্ৰকাৰৰ জাতীয় লজ্জাৰ বিষয়। অসমৰ প্রাকৃতিক সম্পদে জাতীয় অর্থনীতি টনকিয়াল কৰাৰ পৰিৱর্তে মাত্র কেইজনমান নেতাৰূপী মাফিয়া, দালাল, ছিণ্ডিকেটৰ নায়কক বছৰ বছৰ ধৰি লাভবান কৰি আহিছে। গগৈয়ে পুনৰ কয় যে এনে লুণ্ঠনৰ কাৰণেই অসমৰ ৰাজকোষ দুর্বল হৈ আহিছে।

ৰাজ্যত যি ধৰণে মুষ্টিমেয় নেতাই মাফিয়াৰ ৰূপত প্রাকৃতিক সম্পদৰ ওপৰত অবাধ লুন্ঠন চলাই আছে, এই সমগ্র কাহিনী দেশৰ জনতাৰ লগতে প্রধানমন্ত্রী, ৰাষ্ট্রপতিৰ আগত উদঙাই দিয়াৰ স্বার্থত অসমৰ বিৰোদী দলৰ সাংসদসকলক সংসদত উপস্থাপন কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘নিজে কৰা দুর্নীতি, লুটপাট, ছিণ্ডিকেটৰাজৰ ওপৰত নিজেই তদন্ত কৰিব কেনেকৈ। তথাপি তাৰ ফলাফল কি হ’ব ৰাইজে জানে। গতিকে এটাই উপায় আছে যে অসমত যি হৈ আছে ইয়াক সমগ্র ক’লা অধ্যায় দেশৰ জনতাৰ আগত উলংগ ৰূপত উপস্থাপন কৰিব লাগে। ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ লগতে দেশৰ উচ্চতম ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰাৰ পাছতো এনেবোৰ অবৈধ খনন কেনেকৈ আৰু কাৰ নির্দেশত চলিব পাৰে বুলিও গগৈয়ে প্রশ্ন উত্থাপন কৰে।

বৌ-বৰালিক গ্রেপ্তাৰ কৰি চৰকাৰে বাজ্যৰ অবৈধ কয়লাৰ বৃহৎ বেহাক তিৰপালৰে ঢকাৰ প্রয়াস কৰা বুলিও অভিযোগ কৰে অসম জাতীয় পৰিষদে। গগৈৰ লগতে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিবৃতিত কয় যে, অসমত কয়লাৰ বেআইনী খনন, পৰিবহণ, অবৈধ ধনৰ সৰবৰাহ আৰু ছিণ্ডিকেটৰ এক পর্বতসম দুর্নীতি-অনিয়ম দিছপুৰৰ পৃষ্ঠপোষকতাত যে সংঘটিত হৈ আহিছে সেয়া উমৰাংছ’ৰ ঘটনাই জনচক্ষুৰ সম্মুখত উদঙাই দিলে। অজাপৰ নেতাজয়ে দুর্নীতি-কেলেংকাৰীৰ বাবে মুখ্যমন্ত্রী ড৹ শৰ্মাক দায়ী সাব্যস্ত কৰি কয় যে মুখ্যমন্ত্রীৰ অজ্ঞাতে বা সম্মতি অবিহনে উচ্চতম ন্যায়ালয়ক অৱজ্ঞাৰ দৰে ইমান ভয়াবহ অনিয়ম-কেলেংকাৰি সংঘটিত কৰাটো সম্ভৱ নহয়।

তেওঁলোকে কয়, মুখ্যমন্ত্রীৰ অজ্ঞাতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কোনোবাই এই কাম কৰা বুলি মুখ্যমন্ত্রীয়ে কৈছে। কিন্তু জিলা আযুক্ত বা আৰক্ষী অধীক্ষকে এইবোৰ মুখ্যমন্ত্রীক অৱগত কৰা নাছিল নেকি? যদি কৰা নাছিল তেনেহ’লে তৎকালীনভাৱে জিলা আয়ুক্ত আৰু অধীক্ষকক মুখ্যমন্ত্রীয়ে গ্রেপ্তাৰৰ নিৰ্দেশ দিয়ক।’

বিবৃতিত কয়, ‘এক উচ্চ পর্যায়ৰ ন্যায়িক তদন্তৰ জৰিয়তে এই পর্বতসম দুর্নীতি-অনিয়মৰ গুৰি উদ্ধাৰ কৰাৰ প্রয়োজন।’ কয়লাৰ বেআইনী খনন আৰু পৰিবহণ আৰু অবৈধ ধনৰ সৰবৰাহৰ এই জঘন্য ঘটনাৰ স’তে ৰাজ্যত সক্রিয় হৈ থকা ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট, টপচেম চিমেন্ট আৰু ষ্টাৰ চিমেন্টকে ধৰি কে’বাটাও কোম্পানীৰ নাম জড়িত থকা বুলি অভিযোগ কৰি অসম জাতীয় পৰিষদে এই চিমেন্ট কোম্পানীসমূহকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে। বিবৃতিত গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয়, ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ‘ৰেট হ’ল মাইনিং’ৰ জৰিয়তে কয়লা খনন ভাৰতৰ উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ উভয়ৰ দ্বাৰা নিষিদ্ধ এই কথা সকলোবে জ্ঞাত। উক্ত নিষেধাজ্ঞা উলংঘা কৰি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া, কার্বি আংলং, ডিমা হাছাও আদি জিলাত কয়লাৰ বেআইনী খনন, অসমৰ ৰাজপথসমূহৰ মাজেৰে তাৰ ব্যাপক পৰিবহণ আৰু এই অবৈধ ব্যৱসায়ৰ বিনিময়ত উচ্চ পৰিমাণৰ অবৈধ ধনৰ লেনদেন-সৰবৰাহ আৰু ছিণ্ডিকেট চলাৰ বিষয়ে অজাপসহ ৰাজ্যৰ প্রায়সমূহ দল-সংগঠন তথ্য সংশ্লিষ্ট অঞ্চলব ৰাইজে বিগত দুই-তিনি বছৰ ধৰি কৈ আহিছে যদিও চৰকাৰ তথা আৰক্ষীয়ে বিষয়টো গাপ দি আহিছে।

বিবৃতিত তেওঁলোকে পুনৰ কয়, ‘চৰকাৰী পক্ষই অসমত ‘ৰেট হ’ল মাইনিং’ৰ জৰিয়তে কয়লা খনন হৈ থকা কথা অস্বীকাৰ কৰি আহিছে। শেহতীয়াভাবে উমৰাংছ’ৰ ঘটনাস্থলীৰ ফটো-ভিডিঅ’ত ৰেট হ’ল মাইনিং চলি থকাৰ ঘটনা স্পষ্ট হোৱাত এই ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অমান্য কৰাটো উন্মোচন কৰিলে।’ অজাপৰ নেতাই কয় যে গৰ্লোছাৰ পত্নীৰ আত্মীয়ক গ্রেপ্তাৰ কৰি চৰকাৰ-আৰক্ষীৰ অজ্ঞাতে ৰেট হ’ল খনন চলাই অহা বুলি প্রতীয়মান কৰিব বিচাৰিছে। ‘চৰকাৰ-প্রশাসন-আৰক্ষীৰ ভয়ংকৰ দুঃসাহস কিদৰে সম্ভৱ?’ এই প্রশ্ন কৰে অজাপৰ নেতাদ্বয়ে। তদুপৰি কয় যে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা উলংঘা কৰাৰ দবে ভয়াবহ অনিয়ম সংঘটিত হোৱাৰ বাবে ডিমা হাছাওৰ জিলা আযুক্ত, আৰক্ষী অধীক্ষককে ধৰি ইয়াৰ স’তে জড়িত প্রত্যেকজনকে গ্ৰেপ্তাৰ কৰিব লাগে।

তদুপৰি অসম খনি উন্নয়ন নিগমৰ সঞ্চালক নটৰাজন আনন্দক গ্রেপ্তাৰৰ দাবী উত্থাপন কৰে অজাপই। অজাপৰ নেতাদ্বয়ে কয় যে, মুখ্যমন্ত্রীৰ অজ্ঞাতে এএমডিচিয়ে এক্তিয়াৰ বহির্ভূতভাৱে তথা সর্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি কিদৰে কয়লা খনন আৰু বিক্ৰী কৰিলে। -যদি সঞ্চালক নটৰাজনে জনোৱা নাছিল তেন্তে তেওঁক তৎকালীনভাৱে গ্রেপ্তাৰ কৰিবলৈ দাবী জনাই গগৈ আৰু ভূঞাই বিবৃতিত কয়, ‘অন্যথা এইটো প্রমাণ হ’ব যে সর্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি সমগ্র বাজ্যতে কয়লাৰ বেআইনী খনন, অবৈধ পৰিবহণ আৰু সৰবৰাহৰ এই বৃহৎ কেলেংকাৰিৰ স’তে মুখ্যমন্ত্রী ড৹ শৰ্মাৰ চৰকাৰ জড়িত হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: COAL MINE TRAGEDYঅসম জাতীয় পৰিষদগৌৰৱ গগৈছিণ্ডিকেটৰাজপ্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰেট হ'ল
Editor

Editor

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d