Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাৰ পাপ কোনে ধুব !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 30, 2025
in Assam, News
Reading Time: 4 mins read
0
কাৰ পাপ কোনে ধুব !
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

কাৰ পাপ কোনে ধুব !

# প্রাঞ্জলসেন ডেকা

এজন অধস্তন মন্ত্ৰীৰ অবাঞ্ছিত আচৰণৰ বাবে ক্ষমা খুজিবলগীয়া হ’ল মুখ্যমন্ত্ৰীয়ে। এনে ধৰণৰ ঘটনা অসমত ইয়াৰ পূৰ্বে সংঘটিত হোৱাৰ কথা মনত নপৰে। এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে দোষ কৰিলে মানুহে শাস্তি ভুগিবলগীয়া হয় অথবা ক্ষমা বিচাৰিবলগীয়া হয়। মুখ্যমন্ত্রীয়েই যিহেতু ক্ষমা খুজিলে, গতিকে সেই কথা স্পষ্ট যে মন্ত্ৰীজনৰ দোষ হৈছে।

ADVERTISEMENT

মন্ত্ৰীৰ দৰে পদত থকা ব্যক্তিৰ অবাঞ্ছিত আচৰণৰ বাবে শাস্তি হ’ব লাগে; কিন্তু মন্ত্ৰীজনক সুৰক্ষা দিবলৈকে মুখ্যমন্ত্রীয়ে কৌশলৰে নিজেই ক্ষমা খুজিলে। ৰাইজক দেখুৱাই তেওঁ মন্ত্রীজনকো ক্ষমা খুজিবলৈ ক’লে যদিও প্রত্যক্ষভাবে তেওঁ তেনে কৰা পৰিলক্ষিত নহ’ল; অথচ তাৰ পাছত মুখ্যমন্ত্রীও নীৰৱ। সেয়েহে স্বাভাৱিকতে ৰাইজে ধৰি লৈছে যে ইয়াৰ জৰিয়তেই বিজেপি চৰকাৰত পাপ ধোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল। সন্দেহ নাই যে আগন্তুক সময়ছোৱাত ই আৰু অধিক লক্ষ্যণীয় হ’ব।

বিধানসভা নির্বাচনলৈ ১০ মাহ বাকী থকা অৱস্থাত কোনে কাৰ পাপ ধুবলগীয়া হয়, তাকে লৈ বিজেপি দল আৰু চৰকাৰৰ আভ্যন্তৰত বেছ কিছু সময় ধৰি চৰ্চা চলি আহিছে। এই চৰকাৰৰ কাৰ্যকালত মুষ্টিমেয় ক্ষমতাশালী ব্যক্তিৰ কার্যকলাপে অহা নির্বাচনত দলীয় প্রার্থীসকলক সংকটৰ গৰাহত পেলাব বুলি দীর্ঘদিন ধৰি উদ্বেগৰ সৃষ্টি হৈ আহিছে। মুখেদি যিয়েই দাবী কৰা নহওক, সেই মুষ্টিমেয় ক্ষমতাশালীৰ নেতৃত্বত অব্যাহত থকা দুর্নীতি-ভ্ৰষ্ট্ৰচাৰ ৰাজ্যবাসীৰ চকুত নপৰাকৈ থকা নাই।

একাংশৰ সোঁৱে-বাঁৱে অলেখ সা-সম্পত্তিৰ আহৰণ, প্ৰতিটো ক্ষেত্ৰতে অবৈধ ছিণ্ডিকেটৰ দৌৰাত্ম্য, কেতবোৰ নেতাৰ উদ্ধতালি আদিয়ে অধিকাংশ বিজেপি বিধায়ককে উদ্বিগ্ন কৰি ৰাখিছে। প্রতিখন বিধায়িনী দলৰ বৈঠকতে আগন্তুক নির্বাচনত প্রার্থিত্ব লাভৰ ক্ষেত্ৰত নেতৃত্বৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হ’বলগীয়া হোৱা হেতুকে তেনেবোৰ দুষ্কাৰ্যৰ সম্পর্কত মাত মাতিবলৈ কোনোৱেই সাহস নকৰে; কিন্তু সেই বুলি নেতাসকলৰ কাণ্ড-কাৰখানাই তেওঁলোকক হতাশ নকৰাকৈ থকা নাই।

বিজেপিৰ শীর্ষ নেতৃত্বৰ বিশ্লেষণ অনুসৰি, বৰ্তমানৰ বিধায়কসকলৰ নিজৰ বলত পুনৰ জয়লাভৰ সম্ভাৱনা থকা সমষ্টিৰ সংখ্যা এডজনৰ অধিক নহয়। বিৰোধী দুৰ্বল হোৱা হেতুকে বিজেপিয়ে বিগত নির্বাচনসমূহত জয়ী হ’বলৈ সক্ষম হৈছে ঠিকেই; কিন্তু ৰাইজৰ মাজত ক্ষোভ-অসন্তুষ্টি বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ মুষ্টিমেয় ক্ষমতাশালীৰ কাৰ্যকলাপৰ বাবে নিজ নিজ সমষ্টিত বিধায়কসকল ৰাইজৰ প্ৰশ্নৰ সম্মুখীন হ’বলগীয়া হৈছে, যাৰ উত্তৰ তেওঁলোকৰ হাতত নাই। সাধাৰণ মহিলাক ১,২৫০ টকা দিয়া চৰকাৰে মন্ত্রী-পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য কেনেকৈ দিলে- এই প্রশ্নৰেই বা সন্তোষজনক উত্তৰ ক’ত!

গতিকে নিৰ্বাচনৰ প্ৰাকৃক্ষণত অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হোৱাটো অৱধাৰিত। সেই মুষ্টিমেয় ক্ষমতাশালীৰ পাপ ধুবলৈ গৈ নিজেই বিপৰ্যয়ৰ সম্মুখীন হ’বলগীয়া হোৱাৰ আশংকাই বিজেপিৰ বিধায়কসকলৰ লগতে প্রার্থিত্ব প্রত্যাশীসকলক খেদি ফুৰিছে।

এনে পৰিপ্ৰেক্ষিতত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ আচৰণত আচৰিত হ’বলগীয়া একো নাই; বৰঞ্চ এয়াই স্বাভাৱিক বুলিয়ে ক’ব পাৰি। এই কথা কাৰো বুজিবলৈ বাকী নাই যে দুগ্ধ উন্নয়নৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰিত ধৰা পৰি যোৱা হেতুকেই তেওঁ ধৰফৰাই উঠিছে। সততে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ হাস্যকৰ শ্ল’গান দি অহা চৰকাৰখনৰেই এজন মন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানে দুগ্ধপালকৰ বাবে আগবঢ়োৱা ৰাজসাহায্যৰ ৫০ লাখ টকা নীতি-নিয়ম উলংঘা কৰি আদায় কৰা ঘটনাটোৱে ৰাজ্যজুৰি বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰাটোৱে স্বাভাৱিক।

মুখ্যমন্ত্রী অথবা তেওঁৰ অধস্তন মন্ত্রীয়ে যি যুক্তিয়েই দাঙি ধৰিবলৈ চেষ্ট নকৰক কিয়, ৰাজসাহায্যৰ ৫০ লাখ টকা আদায় কৰাটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। মন্ত্রীয়ে দাবী কৰাৰ দৰে যদিহে উক্ত ৰাজসাহায্য লাভৰ বাবে পর্যাপ্তসংখ্যক আবেদনকাৰী নাছিল, তেন্তে ই চৰকাৰখনৰ আন এক চৰম ব্যর্থতাকে উদঙাই দিয়ে। এই ক্ষেত্রত যে যথোচিত সজাগতাৰ সৃষ্টি কৰা নহ’ল সেয়া স্পষ্ট। তদুপৰি ইয়াৰ আঁৰত ব্যক্তি বিশেষক লাভৱান কৰাৰ অসৎ উদ্দেশ্য জড়িত হৈ থকাটো ওলাই পৰিছে। সেই বাবেই এনে ৰাজসাহায্য লাভ কৰা ব্যক্তিসকল ক্ষমতাশালী আৰু বিত্তবান বুলি প্রকাশ পাইছে।

আনহাতে, দুগ্ধপালন কৰি আৰ্থিক লোকচানৰ সম্মুখীন হোৱা হেতুকে ৰাজসাহায্য লাভ কৰিছে বুলি মন্ত্ৰীয়ে যুক্তি দাঙি ধৰিবলৈ অপচেষ্ট চলালেও চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা মন্ত্ৰী পত্নীৰ প্ৰতিষ্ঠানৰ বেলেন্স শীট (বার্ষিক বিত্তীয় লেনদেন তথা লাভ-লোকচানৰ হিচাপৰ নথি)ৰ তথ্যই আন দিশহে দাঙি ধৰে। বেলেন্স শীট অনুসৰি মন্ত্ৰীৰ পৰিয়ালে অধিগ্রহণ কৰাৰ পৰৱৰ্তী বছৰতে উক্ত প্ৰতিষ্ঠানৰ লাভ পূর্ববর্তী বৰ্ষতকৈ ১৬০০ শতাংশৰো অধিক বৃদ্ধি হয়। গতিকে মন্ত্ৰীৰ স্পষ্টীকৰণ যে সত্যৰ অপলাপ সেয়া ওলাই পৰিছে।

ঘটনাটো মন্ত্রী-পত্নীৰ ৫০ লাখ টকা আদায়তে শেষ হোৱা নাই। বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বহুচৰ্চিত তথা বহু বিতর্কিত গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত সংঘটিত বৃহৎ দুর্নীতি-অনিয়মো ই পোহৰলৈ আনিলে। প্রকল্প কর্তৃপক্ষই সদৰী কৰা অনুসৰি, দুগ্ধপালনৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’র্ড (এনডিডিবি)-এ যোগান ধৰা তিনিশ গীৰ গাইৰ ২১০ জনীহে গৰুখুঁটিলে অনা হয়। বাকী ৯০ জনী গাই প্ৰকল্পৰ অধ্যক্ষৰ পৰামৰ্শ অনুসৰি কৃষকৰ মাজত বিতৰণ কৰা হয় সাতজন জনপ্রতিনিধিৰ দ্বাৰা।

সেই গাই আহি পোৱাৰ সময়ত উপযুক্ত আন্তঃগাঁথনি প্রস্তুত নোহোৱা হেতুকে এনে পদক্ষেপ গ্রহণ কৰা হয় বুলি প্রকল্প কর্তৃপক্ষই লিখিতভাৱে সদৰী কৰে। অতি দুর্ভাগ্যজনক কথা এয়ে যে এই গাইসমূহ অনাৰ সময়ত প্রয়োজনীয় নীতি-নিয়ম নমনাৰ পৰিণতিত অসুস্থ হৈ ইয়াৰে ৫৬ জনী গীৰ গাই মৃত্যুমুখত পৰে। অকল এয়েই নহয়, বাকী থকা ১৫৪ জনী গীৰ গাই এনডিবিবি-এনডিএছলৈ ঘূৰাই পঠিওৱা হয়।

বিষয়টো পোহৰলৈ অহাৰ সময়ৰে পৰা প্ৰকাশ পাইছে যে তিনিশজনী গীৰ গাই ছিপাঝাৰৰ গৰুখুঁটি প্রকল্পলৈ অনাৰ পথত ৰঙিয়াৰ পৰা তাৰে ৯০ জনী অন্তর্ধান হয়। পাছত মন্ত্রী জয়ন্ত মল্লবৰুৱাই এখন তালিকা প্রকাশ কৰি উক্ত ৯০ জনী গাই কোনে কোনে সংগ্ৰহ কৰিছিল, সেই বিষয়ে সদৰী কৰে। তাৰ ২০ জনী গাই তেওঁৰ পত্নীৰ প্ৰতিষ্ঠানত ৰখা হৈছে বুলিও মন্ত্রীজনে কয়; অথচ গৰুখুঁটি প্রকল্পই উক্ত ৯০ জনী গাই কৃষকক বিতৰণৰ বাবেহে সাতজন জনপ্রতিনিধিক দিয়া বুলি সদৰী কৰিছে।

এইদৰেই কৃষকক দিবলৈ বুলি নি মন্ত্রী পত্নীৰ মালিকানাধীন প্রতিষ্ঠানক গতাই দিয়া হ’ল। তদুপৰি উক্ত ৯০ জনী গাই বিতৰণৰ পূৰ্বে কোনো ধৰণৰ ৰাজহুৱা জাননী অথবা নিবিদা আদি আহ্বান কৰা নহ’ল যাতে প্রকৃত দুগ্ধপালকে সেই গাই সংগ্ৰহ কৰিব পাৰে। এনেদৰেই সাতজন জনপ্রতিনিধিক ৯০ জনী গাই দিয়া বুলি সদৰী কৰিলেও তালিকাত এনে তিনিজন ব্যক্তিৰ নাম অন্তর্ভুক্ত হৈছে, যি তিনিজন কোনো জনপ্রতিনিধি নহয়। সেই লোক তিনিজনে কি অৰ্হতাৰ ভিত্তিত আৰু কাক দিবলৈ ৫০ জনীৰো অধিক গীৰ গাই নিলে, তাৰ তথ্য কোনে দিব? সন্দেহ নাই যে নিৰপেক্ষ তদন্ত হ’লে গৰুখুঁটি প্রকল্পত পূৰ্বৰ পৰা অভিযোগ উত্থাপিত হৈ অহাৰ দৰে বহু গুৰুতৰ দুর্নীতি-অনিয়ম ওলাই পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেদৰে নিকৃষ্ট কৌশলেৰে ৰাজহুৱা প্ৰকল্পলৈ অনা গীৰ গাই হস্তগত কৰি আকৌ তাৰ নামতে ৫০ লাখ টকাৰ ৰাজসাহায্য নীতি বহির্ভূতভাৱে আদায় কৰা মন্ত্ৰীক ধিক্কাৰ নজনাই ৰাইজে গামোচা পিন্ধাই আদৰিব নেকি? এই কথা ঠিক যে নলবাৰীৰ দৰে শিক্ষিত অঞ্চলৰ ৰাইজৰ প্ৰতিনিধিজন ‘গৰুচোৰ’ ৰূপে অসমবাসীৰ দ্বাৰা চিহ্নিত হোৱাটো নিশ্চয় কাম্য হ’ব নোৱাৰে। স্বয়ং চৰকাৰী নথিত লিপিবদ্ধ হৈ থকা গৰুখুঁটি প্রকল্পলৈ অনা গীৰ গাই নিজৰ পৰিয়ালৰ প্ৰতিষ্ঠানলৈ নিয়া আৰু দুগ্ধপালকলৈ আগবঢ়োৱা ৰাজসাহায্য আদায় কৰাৰ বিষয়টো বিনম্রতাবে স্বীকাৰ কৰাৰ পৰিৱৰ্তে মন্ত্রীজনে লম্ফজম্ফ কৰি বিজেপি দল আৰু চৰকাৰৰ বাবে পৰিস্থিতি অস্বস্তিকৰহে কৰি তুলিলে।

প্রসংগক্রমে উল্লেখনীয় যে মন্ত্রীজনে তেওঁৰ দায়িত্বপ্রাপ্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহুচৰ্চিত জল জীৱন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত শোচনীয়ভারে ব্যর্থ হোৱা বুলি প্ৰতিটো চৰকাৰী সমীক্ষাতে প্রকাশ পাইছে। ফলস্বৰূপে এই আঁচনি সম্পূৰ্ণ কৰাৰ সময়সীমা ইতিমধ্যে একাধিকবাৰ বৃদ্ধি কৰিবলৈ চৰকাৰ বাধ্য হৈছে। আঁচনিৰ নিৰ্মাণ কার্যও যথেষ্ট আঁসোৱাহপূর্ণ বুলি উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত ইয়াৰ নিৰীক্ষণৰ বাবে বহিঃৰাজ্যৰ বিশেষজ্ঞৰ দলক দায়িত্ব অর্পণ কৰিবলগীয়া হৈছে।

তদুপৰি এই আঁচনিৰ যিকোনো ঠিকা লাভৰ পূৰ্বে সংশ্লিষ্ট ঠিকাদাৰে পাঁচৰ পৰা ১০ শতাংশ পর্যন্ত কমিছন আদায় দিবলগীয়া হয় বুলি বিধায়কৰ লগতে বিভিন্ন দল-সংগঠনে সততে অভিযোগ উত্থাপন কৰি আহিছে। এই ঠিকাদাৰসকল আমাৰেই কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, কাৰোবাৰ ভ্ৰাতৃ অথবা পুত্র। গতিকে ঠিকা লাভৰ বাবে কমিছন আদায় দিবলগীয়া হোৱা কথাটো সাধাৰণ লোকে গম নোপোৱাকৈ নাথাকে। অকল সেয়ে নহয়, জল জীৱনৰ কাম সম্পূৰ্ণ কৰাৰ পাছতো সংশ্লিষ্ট ঠিকাদাৰসকলক কে’বা হেজাৰ কোটি টকা আদায় দিবলৈ বাকী আছে বুলি প্রকাশ পাইছে। আনকি পাওনা আদায়ৰ দাবীৰে বিভাগীয় ঠিকাদাৰসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে চচলত অৱস্থান ধৰ্মঘট পর্যন্ত কৰিবলগীয়া হৈছে।

বিভাগীয় দায়িত্ব পালনত এনে বহু অভিযোগৰ সন্মুখীন হোৱা মন্ত্রীজনৰ বিৰুদ্ধে পোহৰলৈ অহা দুর্নীতি-অনিয়মৰ তথ্য প্ৰকাশ কৰি সংবাদ মাধ্যম প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাটো দুর্ভাগ্যজনক। নিজৰ চাফাই গাবলৈ গৈ মন্ত্রীজনে একাংশ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰৰ বিৰুদ্ধেও দুর্নীতিৰ অভিযোগ উত্থাপন কৰিছে। আনকি এই সম্পৰ্কত বহু গুৰুত্বপূর্ণ তথ্য-প্রমাণ আছে বুলিও দাবী কৰিছে। সেয়েহে প্রশ্ন উত্থাপিত হয় যে দিছপুৰত ইমান দুর্বল চৰকাৰ এখন অধিষ্ঠিত হৈ আছে নেকি যিয়ে দুর্নীতিৰ বহু তথ্য-প্রমাণ থকাৰ পাছতো মুষ্টিমেয় লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ সাহস নকৰে। পাঁচশ টকা উৎকোচ আদায় কৰা সাধাৰণ চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ফটা ঢোল কোবোৱা এই চৰকাৰ মন্ত্ৰীয়ে দাবী কৰা দুর্নীতিগ্রস্তসকলৰ ক্ষেত্ৰত নীৰৱ কিয়?

সংবাদমেলত মন্ত্রীজনে আৰু কৈছে যে কংগ্রেছত থকা কালত তেওঁলোক বহু দুষ্কার্যত লিপ্ত হৈছিল যদিও তাৰ দায়িত্ব কংগ্ৰেছেই মূৰ পাতি ল’ব লাগিব। বিজেপিলৈ অহাৰ পাছত কোনো বেয়া কাম কৰা নাই বুলিও তেওঁ দাবী কৰিছে। তাৰ প্ৰমাণ দিবলৈ তেওঁ মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰি সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰা উচিত আছিল। তাৰ পৰিৱৰ্তে উদ্ধতালিহে প্ৰদৰ্শন কৰা দেখা গৈছে। সংবাদমেলত মন্ত্রীজনে তেওঁৰ পত্নীক ৰাজনীতিৰ মাজলৈ টানি অনা বুলি আক্ষেপ প্রকাশ কৰি আৱেগিক হৈ পৰিছে। আনকি সেইবাবেই বিদেশত অধ্যয়নৰ সুযোগ লাভ কৰা কন্যাই পাছত ঘূৰি আহি অসমত কাম কৰিবলৈ অনীহা প্ৰকাশ কৰা বুলিও কৈছে। ঠিকেই, ৰাজনীতিৰ মাজলৈ অনাহকত কাৰো পত্নী-সন্তান অথবা পৰিয়ালক টানি অনাটো কাম্য নহয়; কিন্তু চর্চিত প্রসংগটো দুর্নীতি-অনিয়মৰহে।

গতিকে তাত কাৰোবাৰ পত্নী অথবা সন্তান জড়িত থাকিলে চর্চালৈ নাহিব নেকি? তদুপৰি এই একেজন মন্ত্রীয়েই ক’ব পাৰিবনে যে তেওঁলোকে কোনো প্রতিদ্বন্দ্বী ৰাজনীতিকৰ পত্নী অথবা শিশু সন্তানক নিকৃষ্ট ৰাজনীতিৰ মাজলৈ টানি আনি মুনাফা লাভৰ চেষ্ট কৰা নাই? থু ওপৰলৈ পেলালে নিজৰ গাতে পৰে! গতিকে মন্ত্রীয়ে দিয়া সুযোগ গ্রহণ কৰি এচামে অতি দুর্ভাগ্যজনকভাৱে তেওঁৰ প্রয়াত পিতৃৰ সম্পৰ্কত কুৰুচিপূর্ণ বিভিন্ন কথা প্ৰকাশ কৰাৰ সাহস পাইছে। ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা বুলি বহুতেই দাবী কৰিলেও ৰাইজে এই কথাও জানে যে গাখীৰৰে ধুলেও এঙাৰ বগা নহয় ৷

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cotroversial CommentGir gaiJayantamalla BruahPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d