Trade Union Strikes
কেন্দ্রীয় চৰকাৰৰ পুঁজিপতিপন্থী আৰু জনবিৰোধী তথা ৰাজহুৱা খণ্ড বিৰোধী আর্থিক নীতিৰ অভিযোগ তুলি দেশৰ বিভিন্ন ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেছনসমূহে অহা ন জুলাইত সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে।
এই ধর্মঘটলৈ ৰাজহুৱা খণ্ডৰ বেংক, বীমা আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ সংগঠনসমূহেও সমর্থন জনাইছে। বুধবাৰেএনে সমর্থন ইয়াত এক সংবাদমেলৰ জৰিয়তে আগবঢ়ায় অসম প্রাদেশিক বেংক কৰ্মচাৰী সমিতি, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতি, উত্তৰ-পূৰ্বাঞ্চল বেংক এমপ্লয়িজ ফেডাৰেছন, উত্তৰ-পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি আৰু সদৌ ভাৰত বেংক বিষয়া সমিতিৰ অসম ৰাজ্যিক সমিতিয়ে।
সংগঠনকেইটাৰ নেতৃবৃন্দই তেওঁলোকৰ সমর্থনৰ সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰৰ সমসাময়িক ব্যৱস্থাৱলীয়ে এইটো স্পষ্ট কৰিছে যে ইতিমধ্যে নির্বিয়োজন চলিছে আৰু ইয়াৰ অন্তিম পর্যায় হৈছে বেচৰকাৰীকৰণ। ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা বীমা প্রতিষ্ঠানলৈকে সকলোতে নির্বিয়োজন হৈছে। বীমা খণ্ডত প্রত্যক্ষ বিদেশী বিনিয়োগ এশ শতাংশ বৃদ্ধি কৰি ৰাষ্ট্ৰীয়কৃত বীমা প্রতিষ্ঠানক দুৰ্বল কৰাৰ প্ৰক্ৰিয়া চৰকাৰে দ্রুতগতিত আগবঢ়াই নিছে। ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীৰ সুবিধার্থে জীৱন বীমা নিগম আইন-১৯৫৬, ইন্সুৰেন্স এক্ট-১৯৩৮ আৰু আইআৰডিএ আইন-১৯৯৯ৰ সংশোধনী ৰূপ সংসদৰ অহা অধিবেশনত চৰকাৰে উত্থাপন কৰিব বুলিও তেওঁ কয়।
সামগ্রিকভাৱে দেশৰ ৰাজহুৱা খণ্ডটোৱেই বৃহস্পতিবাৰে চৰকাৰৰ ব্যক্তিগতকৰণ নীতিৰ ষড়যন্ত্ৰত সোমাই পৰিছে বুলি উত্তৰ-পূৰ্বাঞ্চল বেংক এমপ্লয়িজ ফেডাৰেছনৰ প্ৰতিনিধি প্রকাশ শর্মাই মন্তব্য কৰে। এই সংবাদমেলৰ জৰিয়তে ন জুলাইৰ ধৰ্মঘটৰ দাবীসমূহো উত্থাপন কৰা হয়। তাৰ ভিতৰত আছে ৰাষ্ট্ৰীয়কৃত বেংক আৰু বীমা তথা বিত্তীয় প্রতিষ্ঠানসমূহৰ বেচৰকাৰীকৰণ-নিৰ্বিয়োজন বন্ধ কৰা, ৰাজহুৱা খণ্ড ৰক্ষা কৰা, বীমা খণ্ডত এশ শতাংশ প্রত্যক্ষ বিদেশী নীতি প্রত্যাহাৰ কৰা, নতুন নিয়োগ, চাৰিটা শ্রম সংহিতা প্রত্যাহাৰ, সকলোকে পুৰণি পেন্সন আঁচনিৰ অধীনলৈ নিয়া আৰু চৰকাৰৰ পুঁজিপতিপন্থী জনবিৰোধী আর্থিক নীতি পৰিৱৰ্তন কৰা।
এই ধৰ্মঘটলৈ অসমৰ পেন্সনাৰ সংগঠনসমূহ আৰু অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ যৌথ মঞ্চয়ো সমর্থন আগবঢ়াইছে। একেদৰে গ্ৰেটাৰ গুৱাহাটী মেট্র’ শ্বেয়াৰ টেক্সি কো-অর্ডিনেছন সমিতিয়েও প্রস্তাৱিত সাধাৰণ ধর্মঘটলৈ সমর্থন জনোৱা বুলি সদৰী কৰে সংগঠনটোৱে।






























