Protest:✒️পশ্চিম গুৱাহাটীৰ কৃষিপ্রধান অঞ্চল ৰাণী চাপৰি ভূখণ্ডৰ কৃষকসকলক মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে একাংশ অনাকৃষকে এই ভূমি হস্তগত কৰাৰ কুচক্ৰান্তত লিপ্ত হৈছে।
কে’বা দশক ধৰি ৰাণী চাপৰিত কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা কৃষকক বঞ্চিত কৰি একাংশ অনাকৃষকে উক্ত ভূখণ্ডত ম্যাদী পট্টা হস্তগত কৰাৰ চক্রান্তত লিপ্ত হৈছে। এই কার্যত আতংকিত হৈ অঞ্চলটোৰ ভট্টাপাৰা-গড়লৰ বাসিন্দা দুই শতাধিক কৃষকে ৰাণী চাপৰিৰ চৰমাজুলী ভূখণ্ডত ভূমি প্রদান ব্যৱস্থাপনাত স্থগিতাদেশ বিচাৰি আজাৰা ৰাজহ চক্ৰ বিষয়াক দাবী জনাইছে।
এই কৃষকসকলে এক আবেদনযোগে ভূমি পট্টা প্রদান প্রক্রিয়া স্থগিত ৰাখিবলৈ কয়। উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিৰ পৰা কিছু নিলগত অবস্থিত ৰাণী চাপৰি নামবে এই বৃহৎ ভূখণ্ড। এই ভূখণ্ড দুটা ভাগত বিভক্ত। এটা হৈছে চৰনেহালি আৰু আনটো চৰমাজুলী।
এই চাপৰিত ধাৰাপুৰ, গড়ল, মজুলি, ভট্টপাৰা, কেন্দুকুছি, মাজিগাঁও আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক কৃষকে বছৰৰ ১২ মাহে শাক-পাচলি, ধান, কবি, জিকা, লাউ, তিয়হ, কোমোৰা, মৰাপাট, ভেণ্ডি, বেঙেনাকে ধৰি বিভিন্ন ঋতুকালীন কৃষিকাৰ্যৰে নিজ পৰিয়ালক পোহপাল দিয়াৰ উপৰি অঞ্চলটোৰ গ্ৰাম্য অর্থনীতিতো গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।
বৃহত্তৰ ৰাণী চাপৰিৰ প্ৰায় চাৰি হেজাৰ বিঘা ভূমিক কৃষিৰ উপযোগী কৰি বিজ্ঞানসম্মত পদ্ধতিৰে উৎপাদন বৃদ্ধি কৰি আহিছে। অতি দুর্ভাগ্যজনক যে যুগ যুগ ধৰি উক্ত চাপৰিত খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকৰ আজি পর্যন্ত নিজৰ নামত চৰনেহালিৰ পতিত মাটি ম্যাদী হোৱা নাই।
যাৰ ফলত প্রধানমন্ত্রী কৃষিধন যোজনা, প্রধানমন্ত্রী কৃষক সম্মানৰ নিধিকে ধৰি বহু অভিলাষী আঁচনিৰ পৰা এই প্রায় চাৰি শতাধিক কৃষক ৰাইজ বঞ্চিত হ’বলগীয়া হৈছে।
সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান জালুকবাৰী সমষ্টিত অন্তর্ভুক্ত হোৱাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বাণী চাপৰিত কৃষিকার্য কৰি জীৱিকা নিৰ্বাহ কৰাসকলক ম্যাদী মাটিৰ পট্টা উক্ত ভূখণ্ডত প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।
ইয়াৰ লগে লগে সক্রিয় হৈছে অসাধু চক্র। এই অভিযোগ উত্থাপন কৰি চৰমাজুলী, ৰাণী চাপৰি, ভট্টাপাৰা, গড়লৰ ৰাইজে স্থানীয় চক্র বিষয়াক এখন আবেদন দাখিল কৰি কয় যে তেওঁলোক অঞ্চলটোৰ স্থায়ী বাসিন্দা আৰু একোজন আধিয়াৰ একচনা পট্টাদাৰ।
এই পট্টাদাৰসকলে লিখিতভাৱে কয়, ‘ম্যাদী পট্টা যোগান ধৰাৰ ব্যৱস্থাপনাৰ সুযোগ লৈ এচাম অসাধু ব্যক্তিয়ে নিজৰ নামত বিঘাই বিঘাই মাটিৰ আধিয়াৰ দেখুৱাই পট্টা ল’বলৈ উঠি-পৰি লাগিছে। উক্ত ভূমিত আজিলৈকে কোনো ধৰণৰ খেতি-বাতি কৰি নোপোৱা এচাম লোকে পট্টা পোৱাৰ পাছত এই ভূমি আনৰ হাতত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰিবলৈ সাজু হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে।’
এই খেতিয়কসকলে কয় যে ভট্টাপাৰা (গড়ল) ৰ দুই গাঁওপ্রধান মনু দাস আৰু ভূপেন বৰুৱা তথা ৰাণী চাপৰি মনসা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অখিল বৈশ্য, সম্পাদক সুভাষ কলিতাই নিজ ইচ্ছা অনুসৰি, অকৃষকক কৃষিভূমিৰ আধিয়াৰ, দখল দেখুৱাই নথিত নাম সন্নিবিষ্ট কৰাৰ তথ্য তেওঁলোকে লাভ কৰিছে। কোনো ধৰণৰ চৰজমিন তদন্ত নকৰাকৈ এই ভূমি পট্টা প্রদান কৰিলে ভৱিষ্যতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগতে অপ্রীতিকৰ-অশান্তিৰ পৰিৱেশৰ উমান পোৱা বুলি আবেদনত কৃষকসকলে উল্লেখ কৰে।






























