Zubeen Garg:✒️কণ্ঠ, সুৰ, কথাৰে বিশালতাৰ ছবি অকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে শিল্পীসমাজে। নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ চূড়ান্ত অৱহেলাৰ বাবে প্রিয় শিল্পীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে শিল্পী সমাজে।
শ্যামকানু, সিদ্ধার্থক গ্রেপ্তাৰ কৰিলেই নহ’ব, তেওঁলোকক ৰাইজৰ সম্মুখত থিয় কৰাব লাগিব বুলিও দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে শিল্পীসমাজে। যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰত সাগৰৰ বক্ষত প্রাণ হেৰুওৱা প্রিয় শিল্পীজনক মঙলবাৰে অশ্রুসিক্ত নয়নৰে লাখ লাখ অনুৰাগীয়ে চিৰবিদায় জনোৱাৰ পাছতে এই মৃত্যুৰ উচিত তদন্তৰ দাবীৰে প্ৰৱল জনমত গঢ়ি উঠিছে।
উল্লেখ্য যে জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি নিতৌ উন্মোচিত হোৱা ন ন তথ্যই এই ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে। এনে তথ্যসমূহে চৰম দায়িত্বহীনতাৰ লগতে অবহেলাৰ ফলতে প্রিয় শিল্পীজনৰ মৃত্যু হোৱাৰ সন্দেহ দৃঢ় কৰি তুলিছে। আনকি এয়া পূর্ব পৰিকল্পিত ঘটনা হ’ব পাৰে বুলি বহুতে সন্দেহ প্রকাশ কৰি কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্তৰ দাবী কৰিছে।
এই ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্রান্তত এজাহাৰ দাখিল হোৱাৰ সমান্তৰালভাবে এইবাৰ এই ঘটনাৰ উচিত তদন্ত বিচাৰি আজি চান্দমাৰিত প্রতিবাদ সাব্যস্ত কৰে শিল্পী সমাজে। উল্লেখ্য যে ‘মায়াবিনী’ গীত গাই আৰু মমবাতি জ্বলাই শিল্পী সমাজে জুবিনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী কৰে। লগতে ‘২৪ ঘণ্টাৰ ভিতৰত দোষী গ্ৰেপ্তাৰ কৰক, দোষী হাৰি যাবলৈ দিয়া নহ’ব’ শীর্ষক শ্ল’গানৰে সমগ্র চৌপাশ উত্তাল কৰি তোলে।
এই প্রতিবাদত কণ্ঠশিল্পী প্রিয়ংকা ভড়ালী, অজয় ফুকন, নাহিদ আফ্রিন, দীপান্বিতা ডেকা, মন্টুমণি শইকীয়া, অস্তিয়ানা দিহিংগীয়া আদিয়ে অংশগ্রহণ কৰি নৰ্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক, ছিংগাপুৰৰ অসম এছ’চিয়েছন, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ চূড়ান্ত অৱহেলাৰ বাবে প্রিয় শিল্পীজনৰ মৃত্যু হোৱাৰ অভিযোগ তোলে। সমান্তৰালভাবে শিল্পী সমাজে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।
ইফালে, প্রতিবাদত অংশগ্রহণ কৰি কণ্ঠশিল্পী প্রিয়ংকা ভড়ালীয়ে কয় যে চূড়ান্ত অৱহেলাৰ বাবেই যে এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল তাৰ কোনো সন্দেহ নাই। ইতিমধ্যে ইয়াৰ সমস্ত কাৰণ এটাৰ পাছত আনটো পোহৰলৈ আহিছে। এই মৃত্যু আমি সাধাৰণভাবে ল’ব পৰা নাই বুলি তেওঁ মন্তব্য কৰি কয়, ‘এই ঘটনাৰ সময়ত যিসকল লোক সংশ্লিষ্ট স্থানত উপস্থিত আছিল, সেইসকলক শীঘ্ৰে তদন্তৰ আওতালৈ আনি আমাৰ মনৰ সন্দেহসমূহ দূৰ কৰিব লাগে। ন্যায় বিচাৰি আজি আমি শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰিছো আৰু চৰকাৰে গুৰুত্ব দিব। আশা কৰিছো এই ৰহস্য শীঘ্রে উদ্ঘাটন হ’ব। কিয়নো আমাৰ মনত বহু প্রশ্ন আহিছে, বহু কথা দেখা পাইছো। একমাত্ৰ অৱহেলাৰ বাবেই আজি এই ঘটনা, য’ত আমি জুবিন দাক হেৰুৱালো। আজি ছটা দিন হ’ল, তেওঁলোক কিয় ওলাই অহা নাই। প্রকৃততে কি হৈছিল কিয় তেওঁলোকে স্পষ্টকৈ ক’ব পৰা নাই? গতিকে উচিত তদন্ত বিচাৰিছো।’
একেদৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী দীপান্বিতা ডেকাই কয় যে শ্যামকানু মহন্তই যদি একো ভুলেই কৰা নাই, লুকাই কিয় আছে? তেওঁক গ্ৰেপ্তাৰ কৰক, নিষিদ্ধ কৰিলেই নহ’ব, শ্যামকানু আৰু সিদ্ধার্থক আমাৰ মাজলৈ আনিব লাগিব বুলি মন্তব্য কৰে। ইয়াৰ উপৰি কণ্ঠশিল্পী মন্টুমণি শইকীয়াই কয়, ‘ঘটনা সংঘটিত হোৱাৰ সময়ত যিসকল মানুহ আছিল আৰু যিয়ে জুবিন দাক ছিংগাপুৰলৈ নিছিল এই সকলোকে তদন্তৰ আওতালৈ আৰক্ষীয়ে আনিব বুলি আমাৰ বিশ্বাস। ইয়াৰ আগতে এইসকলক অসমবাসীয়ে দোষী বুলি মানি ল’লেই, কাৰণ জুবিন দা অসুস্থ আছিল। জুবিন দা এটা অনুষ্ঠান আছিল। এই অনুষ্ঠানৰ সকলো দিশ চোৱাচিতা কৰিছিল সিদ্ধার্থ শর্মাই। তেওঁৰ দায়িত্ব আছিল বহুত, কিন্তু তেওঁ দায়িত্ব পালন নকৰিলে। যাৰ বাবে জুবিন দাক আমি হেৰুৱালো।’
লগতে নাহিদ আফ্রিনে কয় যে জুবিন দাৰ আত্মাই সদগতি লাভ কৰক; কিন্তু যিসকল লোকৰ দায়িত্বহীনতাৰ বাবে দাদাৰ মৃত্যু হ’ল, তেওঁলোকৰ বিৰুদ্ধে উচিত তদন্ত হওক। একেদৰে অস্তিয়ানা দিহিংগীয়াই আজিলৈকে নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধার্থ শৰ্মাকে ধৰি ঘটনাৰে জড়িতসকল কিয় তদন্তৰ আওতালৈ অহা নাই বুলি প্রশ্ন কৰে। সমান্তৰালভাৱে অভিনেতা ৰবি শৰ্মাই ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জুবিনৰ মৃত্যুৰ পাছতো নর্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ’ল, এয়া অসমীয়াৰ গালত এটা প্রচণ্ড চৰ। এই চৰটো খাই মই মনে মনে নাথাকো বুলি উল্লেখ কৰি শৰ্মাই কয়, ‘জুবিন গাৰ্গক মুখ্য আকর্ষণ বুলি কৈ ফেষ্টিভেল অনুষ্ঠিত কৰি অহা মানুহজনে জুবিনৰ মৃত্যুক সম্মান জনাই অনুষ্ঠান বাতিল কৰিব পাৰিলেহেঁতেন। এই সমগ্র ঘটনাৰ নিৰপেক্ষ বিচাৰ হ’বই লাগিব। চৰকাৰক যদি আমাৰ সহায় লাগে লওক; কিন্তু নিৰপেক্ষ তদন্ত হ’ব লাগিব।’ জুবিন এজন ব্যক্তি নহয়, জুবিন এক সত্তা বুলি মন্তব্য কৰে শৰ্মাই।






























