Guwahati:✒️ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পাছত এটাকৈ কে’বাটাও সম্মান অৰ্জনৰে ড° পাৰ্থসাৰথি মহন্তৰ ‘অনচুনী চিখে’ চুটি ছবিখনে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইবাৰ মুম্বাইত অনুষ্ঠিত ‘উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ’ত তিনিটাকৈ বঁটা লাভেৰে পুনৰ উজলি উঠিল ‘অনচুনী চিখে’।
মহোৎসৱৰ ‘উত্তৰ-পূব বিশেষ শিতান’ত ছবিখনে ‘শ্রেষ্ঠ পৰিচালক’ আৰু ‘শ্রেষ্ঠ চুটি ছবি’ বঁটাৰ লগতে ভাৰতীয় শাখাত প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে ‘শ্রেষ্ঠ অভিনেত্রী’ৰ সম্মান অর্জন কৰে। যোৱা ২৭ছেপ্টেম্বৰত মহোৎসৱৰ সামৰণি অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হয়।
উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্র জগতখনত খলকনি তুলিবলৈ সক্ষম হোৱা ড° পাৰ্থসাৰথি মহন্তৰ এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত কল্লীউদ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ’ত ‘শ্রেষ্ঠ এছিয়ান চুটি ছবি’ৰ উপৰি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান ইনডিপেন্ডেন্ট চলচ্চিত্র মহোৎসৱতো ‘শ্রেষ্ঠ চুটি ছবি’ৰ বঁটা লাভ কৰিছিল।
আনহাতে, ১৯ সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱত ছবিখনে লাভকৰিছিল ‘শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবি’ৰ সন্মান। তদুপৰি ছবিখন এছিয়ান টেলেন্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু কান চলচ্চিত্র মহোৎসৱৰ ‘মার্চে ডু ফিল্ম’ (অনলাইন শাখা) তো ছবিখন প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকৰ মাজত বিশেষভাবে সমাদৃত হৈছিল। ড০ পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্রাণী বৰুৱাই প্রযোজনা কৰা এই চুটি ছবিখনৰ কাহিনী ড° মহন্তৰে এটি কবিতাৰ আধাৰত ৰচনা কৰা হৈছে।
ছবিখনত এককভাবে অভিনয় কৰিছে প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়ৰ যোগেদি ছবিখনত এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানৰে ভৰা দুর্বিষহ আৰু কষ্টকৰ এক শক্তিশালী জীবন যাত্রাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্রাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সম্মুখীন হয়, তাৰ প্ৰকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে।






























