Dhemaji:
ধেমাজিৰ গাইনদীৰ সমীপত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ মৃতদেহৰ কাষত উদ্ধাৰ হয় এএছ ২২-কে ২১১২ নম্বৰৰ এখন স্কুটী ৷

গাইনদীৰ ৰে’লৱে দলঙৰ সমীপৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটো জ্যোতিকা কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্কুটী খনৰ পৰা উদ্ধাৰ হোৱা এখন আধাৰ কাৰ্ডৰ জৰিয়তে যুৱতী গৰাকীক চিনাক্ত কৰা হয়।
ADVERTISEMENT
আনহাতে স্থানীয় ৰাইজে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই যুৱতী গৰাকীক হত্যা কৰি এইদৰে দলঙৰ সমীপত পেলাই থৈ যায় ৷

ইতিমধ্যে মৃতদেহটো পৰিয়ালৰ লোক নহা লৈকে ধেমাজী চিভিল হাস্পতালৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷


































