Blue Origin scrubs :✒️মণ্ডল অভিযানৰ আৰম্ভণিতেই লাগিল আউল। নাছা আৰু মার্কিন বেচৰকাৰী সংস্থাৰ যৌথ প্রকল্পত বাথা হৈ থিয় দিলে কিউমুলোনিম্বাছ মেঘে। বেয়া আৰু মেঘাচ্ছন্ন বতৰৰ প্ৰকোপত মঙল গ্রহলৈ যৌথ মহাকাশযান প্ৰেৰণৰ পৰিকল্পনা স্থগিত ৰাখিলে জেফ বেজোছৰ কোম্পানীয়ে। আজি গভীৰ নিশা যানখনে ফ্ল’ৰিডাৰ পৰা মঙলৰ উদ্দেশ্যে উৰা মৰাৰ কথা আছিল; কিন্তু বিপদৰ আশংকাতে সেই অভিযান স্থগিত ৰখা বুলি ‘ব্লু অৰিজিন’ৰ তৰফৰ পৰা জনোৱা হৈছে।
আজি নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো যেতিয়া বতৰৰ উন্নতি নঘটিল, তেতিয়াই আশা এবি দিয়ে নাছাৰ বিজ্ঞানীসকলে। ইয়াৰ কিছু সময়ৰ পাছতে বেজোছৰ কোম্পানীয়ে নিজৰ ‘এক্স’ হেণ্ডলত প’ষ্ট কৰি জনালে, ‘বেয়া বতৰ বিশেষকৈ পুঞ্জীভূত মেঘৰ কাৰণে আকাশ পৰিষ্কাৰ নহয়। এনে অৱস্থা এনজি-২ৰ উৎক্ষেপণ স্থগিত ৰখা হ’ল। পৰৱৰ্তী ভাল পৰিৱেশৰ বাবে আমি অপেক্ষা কৰিছো। আমাৰ মূল লক্ষ্য হৈছে বাধাহীন তথা নিৰাপদ উৎক্ষেপণ।’
এই কিউমুলাছ বা পুঞ্জীভূত মেঘৰ পৰা কি বিপদ হ’ব পাৰে? বতৰবিদৰ মতে, এই মেঘ বজ্রগর্ভ, বিদ্যুৎ কণাৰে ভৰপূৰ। পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰত এই ধৰণৰ মেঘ বেছিকৈ জমা হৈ থাকিলে বিজুলী-ঢেৰেকণিসহ বৰষুণ অৱধাৰিত। যি মহাকাশ যানৰ পক্ষে অতি বিপজ্জনক। সেয়ে যিকোনো অভিযানত ৰকেট উৎক্ষেপণৰ পূৰ্বে বতৰৰ পূর্বাভাসৰ প্ৰতি সতর্ক দৃষ্টি থাকে বিজ্ঞানীৰ। সেই বিষয়টোতে অন্তিম মুহূর্তত মঙলমুখী হ’ব নোৱাৰিলে ব্লু অৰিজিনৰ যৌথ মহাকাশ যান ব্লু আৰু গ’ল্ডে।
এই দুখন যানৰ উৎক্ষেপণৰ বাবে নিউ গ্লেন ৰকেট ব্যৱহাৰ কৰা হৈছিল। ৩২১ ফুট দীঘল অতি গধুৰ এই ৰকেটে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ টান এৰাই যোৱাত যৌথ মহাকাশ যানক সহায় কৰিব। এই দুখন যানৰ গতিপথ কিছু ভিন্ন। পৃথিৱীৰ কক্ষপথ পাৰ হৈ প্রথমে পৃথিৱী-সূৰ্যৰ মাজৰ লেগাৰাঞ্জিয়ান পইন্ট ২ বা এল২ পইণ্টত প্রথমে উপস্থিত হ’ব ব্লু আৰু গ’ল্ড।
সেই অঞ্চল পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত। তাৰ পাছত যান দুখন লাহে লাহে মঙল গ্ৰহৰ দিশে অগ্ৰসৰ হোৱাৰ কথা। অথচ মেঘৰ বাধাত আৰম্ভণিতেই থমকিল বেচৰকাৰী উদ্যোগৰ মঙল অভিযান।





























