Nagaon:
নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই বৃহস্পতিবাৰে পুৱাই পৰিদৰ্শন কৰে বৰবজাৰৰ মাছৰ বজাৰ,শাক-পাচলি বজাৰ আৰু বহু কেইখন মিঠাইৰ দোকান ৷
খাদ্য সুৰক্ষা বিষয়া, ভ্রাম্যমান পৰীক্ষাগাৰ লগত লৈ আয়ুক্ত গৰাকীয়ে ফুলকবি সহ বিভিন্ন শাক-পাচলি পৰীক্ষা কৰাৰ সমান্তৰালভাৱে মিঠাই দোকানৰ মিঠাই প্ৰস্তুত কৰাৰ কাৰাখানাই পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে। অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা দেখি খঙত অগ্নিশর্মা হৈ আয়ুক্ত দেৱাশীষ শর্মাই কাৰখানাত তলা লগাবলৈ নিৰ্দেশ দিয়ে খাদ্য সুৰক্ষা বিষয়াক।
আনহাতে আয়ুক্ত গৰাকীৰ স’তে যোৱা ভ্রাম্যমান পৰীক্ষাগাৰত মাছ আৰু ফুলকবি সহ আন পাচলি পৰীক্ষা কৰি কিংকৰ্তব্যবিমূঢ় হৈ পৰে আয়ুক্ত গৰাকী ৷ কিয়নো পৰীক্ষাত ধৰা পৰে ফর্মেলিনযুক্ত মাছ, কীটনাশক ঔষধযুক্ত পাচলি।
আয়ুক্ত গৰাকীয়ে মাছ আৰু শাক -পাচলি বিক্ৰেতাক ফর্মেলিনযুক্ত মাছ, কীটনাশক ঔষধযুক্ত পাচলি বজাৰৰ পৰা অচিৰেই আঁতৰাই নিবলৈ নিৰ্দেশ দিয়াৰ লগতে ভৱিষ্যতে এনে কামৰ পৰা বিৰত থাকিবলৈ সৰ্তক কৰি দিয়ে ৷



































