BankOfBaroda : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাবি চাওক ৩৬ হেজাৰ কোটি টকা! দেশৰ জনতাৰ কষ্টোপার্জিত এই পৰিমাণৰ ধন মাথোঁ পাঁচ বছৰতে বৃহৎ পুঁজিপতিক ৰেহাই দিলে মাথোঁ এটা ৰাষ্ট্ৰীয়কৃত বেংকেই।২০২০-২১ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাত বেংক অৱ বৰোদাই ৩৫,৭১৫ কোটি টকাৰ ঋণ বৃহৎ পুঁজিপতিক ৰেহাই দিয়ে।
ইয়াৰ দ্বাৰা এটা প্রশ্ন উদয় হৈছে যে যদি মাথোঁ এটা বেংকেই এনে কম সময়ত বৃহৎ পুঁজিপতিক ৩৫ হেজাৰৰো অধিক কোটি টকাৰ ঋণ ৰেহাই দিয়ে তেন্তে সকলো বেংকক বিবেচনালৈ আনিলে এই পৰিমাণ যে ২০ লক্ষাধিক কোটি টকা হ’ব তাত বিতৰ্কৰ অৱকাশ নাই।
দেশৰ অন্যতম ৰাষ্ট্ৰীয়কৃত বেংক বেংক অৱ বৰোদাই মাত্র পাঁচটা বিত্তীয় বর্ষত বৃহৎ পুঁজিপতিক এই বিপুল অংকৰ ঋণ ৰেহাই দিয়াৰ তথ্য পোহৰলৈ আহিছে পুনেৰ এজন লোকে তথ্য জনাৰ অধিকাৰ জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত কৰা আবেদনৰ জৰিয়তে। আশ্চর্যজনক যে বিবেক ভেলানকাৰ নামৰ সমাজ কর্মীজনে জনোৱা এই আৰটিআই আবেদনৰ উত্তৰত বেংকটোৱে এশ কোটিতকৈ অধিক টকাৰ ঋণ লৈ ঘূৰাই নিদিয়া সকলৰ নাম প্ৰকাশ নকৰিলে।
আৰটিআই আইনৰ ৮(১) (জ) ধাৰাৰ অজুহাত দি বেংকে এই বৃহৎ কোটিপতিসকলৰ নাম ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে। অথচ এইসকলে জনতাৰ কষ্টোপার্জিত ধনৰ অংশ কার্যতঃ চান কাঢ়ি লৈ গৈছে। এনে লুণ্ঠনকাৰীসকলৰ নাম কিদৰে গোপন ৰখাটো সম্ভৱ তাক লৈ সমাজকর্মী ভেলানকাৰৰ লগতে বহুতে প্রশ্ন উত্থাপন কৰিছে।
এইসকলে আঙুলিয়াই দিছে যে গাড়ী বা গৃহ ঋণৰ দৰে কম পৰিমাণৰ ঋণ লোৱাসকলে ঋণ পৰিশোধত কিছু পলম হ’লেই বেংকে হেঁচা মাৰি ধৰে। ইখনৰ পাছত সিখন আইনৰ গইনা লৈ কম ঋণ গ্ৰহণকাৰীসকলক হাৰাশাস্তি কৰে। ইয়াৰ বিপৰীতে শশ বা হেজাৰ কোটি টকা ঋণ লোৱা পুঁজিপতিসকলৰ ক্ষেত্ৰত বেংক নিশ্চুপ হৈ ৰয়। আনকি এনে লুণ্ঠনকাৰীসকলৰ নাম প্রকাশ কৰিবলৈও বেংক ইচ্ছুক নহয়।
বৰঞ্চ এইসকলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ বেংকসমূহ উঠি পৰিহে লাগে। ইয়াৰ অন্তৰালত কি আছে বুলিও বহুতে প্রশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে বিজেপি নেতৃত্বাধীন এনডিএৰ শাসনত বিগত ১২ বছৰত বিভিন্ন বেংকে পুঁজিপতিসকলক লাখ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়াৰ তথ্য সময়ে সময়ে প্রকাশ পাই আহিছে।
ঋণৰ ক্ষেত্ৰত বেংকে পুঁজিপতিৰ প্ৰতি আন এক ধৰণেও দৰদ প্ৰদৰ্শন কৰি আহিছে। এই দৰদক অর্থনীতি বা বেংকৰ ভাষাত ‘হেয়াৰকাট’ বুলি কোৱা হয়। এই ‘হেয়াৰকাট’ৰ অৰ্থ হ’ল কোনো সম্পদৰ বজাৰ মূল্য হ্রাস বা ঋণদাতাৰ পাওনাৰ ধনৰ এটা অংশ ঋণ গ্রহণকাৰীক ৰেহাই দিয়া।
উদাহৰণস্বৰূপে যদি এজন ঋণ গ্রহণকাৰীয়ে বেংকক এশ টকা দিবলৈ থকা অৱস্থাত তেওঁ যদি ৮০ টকা পৰিশোধ কৰে আৰু সেই ধন গ্রহণ কৰিয়ে বেংক ক্ষান্ত হয় তেন্তে বাকী ২০ টকাক ‘হেয়াৰকাট’ বুলি কোৱা হয়। ‘হেয়াৰকাট’ পদ্ধতিৰেও বেংক অৱ বৰোদাই বিগত পাঁচটা বিত্তীয় বর্ষত বৃহৎ পুঁজিপতিক বিপুল অংকৰ ধন ৰেহাই দিলে।
এই পদ্ধতিত ২০২০-২১ৰ পৰা ২০২৫-২৬লৈ বেংকে ৭,৮১৭ কোটি টকাৰ ঋণ ৰেহাই দিয়ে। ইয়াৰ বিপৰীতে এই পাঁচ বিত্তীয় বৰ্ষত বেংকে মুঠ ঋণৰ ২৮ শতাংশ তথা ৯,৯৪৬ কোটি টকাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত বেংকে এই বিত্তীয় বর্ষসমূহৰ ভিতৰত সৰ্বাধিক ঋণ ৰেহাই দিয়া বর্ষ দুটা হ’ল ২০২০-২১ আৰু ২০২১-২২।
উক্ত দুটা বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয়কৃত বেংকটোরে ক্রমে ১১,৯১৬ কোটি টকা আৰু ১১,২৬১ কোটি টকা বৃহৎ পুঁজিপতিক ৰেহাই দিয়ে।




































