ChinaNepal : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰকৃতিৰ তাণ্ডৱত তচনচ হোৱা নেপালৰ দুৰ্যোগৰ বাবে পৰোক্ষভাৱে চীনকে দায়ী কৰিলে হিমালয়ৰ পাদদেশৰ ক্ষুদ্ৰ ৰাষ্ট্ৰখনে। প্ৰচাৰিত বাতৰি অনুসৰি বিপৰ্যয়ৰ তিনিমাহ পূর্বে হিমবাহৰ গতি প্রকৃতি চীনৰ পৰা জানিব বিচাৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰিলে নেপালে। ভোটেকোশী আৰু ত্রিশূলী নদীৰ আকস্মিক বানৰ তিনিমাহ পূর্বে কাঠমাণ্ডুত বৈঠকত মিলিত হৈছিল নেপাল আৰু চীনৰ প্ৰতিনিধিসকল। সেই বৈঠকত প্রাকৃতিক দুৰ্যোগৰ ধ্বংসলীলাৰ পৰা হাত সাৰিবলৈ কি ধৰণৰ ব্যৱস্থাৱলী বা পদক্ষেপ গ্রহণ কৰিব লাগে তাকে লৈ আলোচনা হৈছিল। এই সতর্কতামূলক বৈঠকত নেপালে হিমবাহৰ গতি প্রকৃতি সম্বন্ধীয় তথ্য কাঠমাণ্ডুত অৱগত কৰিবলৈ বেইজিঙৰ পৰা অহা প্রতিনিধি দলক অনুৰোধ জনাইছিল। কিন্তু বৈঠকৰ পাছত বেইজিঙে নেপালক কোনো যথাযথ তথ্য অৱগত নকৰা বুলি বাতৰি প্ৰকাশিত হৈছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এনে বাতৰি অনুসৰি যোৱা ২৭ মে’ত নেপালৰ ৰাজধানী কাঠমাণ্ডুত সম্পন্ন হোৱা বৈঠকত নেপালৰ ১০ জন আৰু চীনৰ ১২ জন প্রতিনিধিয়ে অংশ লয়। বৈঠকত দুয়ো দেশৰ প্ৰতিনিধিসকলে বিপর্যয় মোকাবিলাৰ যৌথ পদক্ষেপক লৈ আলোচনা কৰে। সম্প্রতি বৈঠকত অংশ লোৱা নেপালৰ বান সতর্কতা বিষয়ক বিভাগৰ জল বিশেষজ্ঞ সৌহদ্র যোশীয়ে কয়, ‘আমি চীনৰ পৰা যিটো বিচাৰিছিলো এতিয়াও বিচাৰিছিলো। হিমবাহৰ চলন্ত গতি প্রকৃতি সন্দৰ্ভত আমি আগতীয়া তথ্য বিচাৰো।’ এই বিভাগৰ দুজন বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে হিমবাহ সম্পর্কীয় সম্ভাব্য বিপদ আৰু জলস্তৰ বৃদ্ধিক লৈ চীনৰ পৰা তেওঁলোকে পর্যাপ্ত তথ্য লাভ নকৰাৰ বাবে বিপৰ্যয়ৰ পূর্বে প্রস্তুতি গ্ৰহণৰ সুযোগ লাভ নকৰিলে।
এই সন্দৰ্ভত নেপালৰ ৰাষ্ট্ৰীয় বিপর্যয় মোকাবিলা বিভাগৰ মুৰব্বী ধৰ্মৰাজ উপাৰেতিয়ে কয় যে নদীৰ বুকুৰে আকস্মিক বানৰ ধল নামি অহাৰ পূর্বে পাঁচ মিনিট সময়ো নিজকে ৰক্ষা কৰিবলৈ নাপালে মানুহে। কি হৈছে বুজি উঠাৰ পূর্বে ধুমুহাৰ গতিত নামি অহা বোকা-মাটিৰ সোঁতে সকলো উটুৱাই নিলে। তেওঁ কয়, ‘পাহাৰৰ শিখৰ অঞ্চলত আমাৰ কোনো বতৰ বিজ্ঞান কেন্দ্ৰ নাই। কাৰণ চীন আৰু নেপাল এই দুই দেশৰ মাজত বতৰ সম্পৰ্কীয় তথ্য আদান-প্রদানৰ কোনো ব্যৱস্থা নাই।’
ইপিনে, চীনে দাবী কৰি আহিছে যে হিমালয় আৰু পার্বত্য অঞ্চলত নানান প্রযুক্তিগত সমস্যা থাকিলেও দুৰ্যোগৰ পূর্বাভাস লাভ কৰিলে চুবুৰীয়া দেশক তেওঁলোকে সতৰ্ক কৰি দিয়ে। এই প্ৰসংগত নেপালৰ চীনা দূতাবাসে সামাজিক মাধ্যমৰ এক বিবৃতিত কয়, ‘সীমিত সামর্থ্যৰ মাজেৰে চীনে নেপালৰ দিশলৈ বতৰ সম্পৰ্কীয় বিষয়ত দৃষ্টি ৰাখে আৰু ইয়াৰ বিশ্লেষণ কৰি গুৰুত্বপূৰ্ণ তথ্য নেপালক প্ৰদান কৰে।’ চীনৰ চৰকাৰী সংস্থাৰ প্ৰতিবেদন অনুসৰি শেহতীয়া দুর্যোগৰ পাছত তিব্বত অঞ্চলৰ হিমবাহ আৰু হিমবাহ সৃষ্ট হ্রদসমূহৰ সমীক্ষাৰ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে।































