UnluckyDate : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ২৬ তাৰিখটোও এখন কেলেণ্ডাৰৰ মাত্ৰ এটা সংখ্যা। সাধাৰণ দৃষ্টিত এই ২৬ তাৰিখটোও আন দিনসমূহৰ দৰেই। যদিও ইটোৰ পাছত সিটো ভয়াৱহ দুৰ্যোগৰ স’তে এই তাৰিখৰ যোগসূত্ৰ সন্মুখলৈ অহাৰ পাছতে নতুনকৈ আৰম্ভ হৈছে চর্চা। ভূমিকম্প, বান, ছুনামিৰ পৰা আৰম্ভ কৰি সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণ- বিভিন্ন বছৰৰ একাধিক মর্মান্তিক ঘটনা ২৬ তাৰিখতে সংঘটিত হোৱালৈ চাই সম্প্রতি সামাজিক মাধ্যমত বহুতে প্রশ্ন কৰিছে, ‘২৬ বাৰু সঁচাকৈয়ে অশুভ নেকি?’
যোৱা ২৬ আগষ্টত নেপালত কালান্তক বানৰ ঘটনাৰ পাছতে এই চৰ্চা প্ৰৱল হৈ পৰিছে। সামাজিক মাধ্যমত বিয়পি পৰিছে একাধিক প’ষ্ট। য’ত ২৬ তাৰিখত সংঘটিত বিভিন্ন বিপৰ্যয়ৰ তালিকা তুলি ধৰি কোনো কোনোৱে দাবী কৰিছে যে এই তাৰিখতে পৃথিৱীলৈ বাৰে বাৰে দুর্যোগ নামি আহিছে।
ভাইৰেল হোৱা প’ষ্টসমূহত প্রথমেই উঠি আহিছে ২০০১ৰ ২৬ জানুৱাৰীত গুজৰাটত হোৱা ভূমিকম্পৰ কথা। সেই ভূমিকম্পত কে’বা হেজাৰ লোকৰ মৃত্যু হৈছিল। ইয়াৰ পাছত আছে ২০০৪ৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰত হোৱা ছুনামি, যি বহু দেশৰে মানুহৰ জীৱন আৰু সম্পূর্ণ উপকূলীয় অঞ্চলসমূহক বিপর্যস্ত কৰিছিল।
২০০৫ৰ ২৬ জুলাইত মুম্বাইৰ ভয়াৱহ বান আৰু ২০০৮ৰ ২৬ নৱেম্বৰত মুম্বাইৰ ২৬/১১ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাও এই তালিকাত আছে। তদুপৰি ২০০৮ৰ আহমেদাবাদ বিস্ফোৰণ, ২০০৭ত গুৱাহাটীৰ ধাৰাবাহিক বিস্ফোৰণ আৰু ২০০৩ক ইৰানৰ ভূমিকম্পয়ো সামাজিক মাধ্যমৰ বিভিন্ন প’ষ্টত স্থান পাইছে।
বিশ্বৰ অন্যতম ভয়াৱহ পাৰমাণৱিক দুর্ঘটনা চের্ন’বিল বিপর্যয়ো ঘটিছিল ১৯৮৬ৰ ২৬ এপ্ৰিলত। এইবাৰ সেই তালিকাত যুক্ত হৈছে ২৬ আগষ্টৰ নেপাল বান বিপর্যয়। এনেবোৰ বিপৰ্যয়ৰ তথ্য দাঙি ধৰি একাংশ লোকে আনকি ২৬ তাৰিখটোক ‘অশুভ’ বুলিও দাবী কৰিছে।
বহুতেই অৱশ্যে এই বিষয়টোক কাকতালীয় বুলিহে দাবী কৰিছে। এনে দাবী কৰাসকলে মন্তব্য কৰিছে যে এটা নির্দিষ্ট তাৰিখত কে’বাটাও ডাঙৰ ঘটনা ঘটিলেই তাৰ লগত কোনো অলৌকিক বা বৈজ্ঞানিক সম্পর্ক আছে বুলি কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰি।
তথাপি প্রশ্ন উঠিছে যে সঁচাকৈয়ে ২৬ তাৰিখটো অশুভনেকি? একাধিক ভয়াৱহ ঘটনা একেটা তাৰিখতে সংঘটিত হোৱাটো সঁচা; কিন্তু তাৰ ভিত্তিতে ‘অশুভ’ বা বিপৰ্যয়ৰ বাবে বিশেষ কোনো দিনৰূপে চিহ্নিত কৰাৰ কোনো বৈজ্ঞানিক কাৰণ নাই। প্রাকৃতিক দুৰ্যোগৰ অন্তৰালত থাকে ভূতাত্ত্বিক, বতৰজনিত আৰু পৰিৱেশগত নানা কাৰণ। আনহাতে, সন্ত্রাসবাদীৰ আক্ৰমণৰ দৰে ঘটনা সম্পূর্ণ ভিন্ন ধৰণৰ মানৱসৃষ্ট পৰিস্থিতিৰ ফল।
সেয়ে ২৬ তাৰিখক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই কৌতূহল আচলতে সামাজিক মাধ্যমৰ এক ভাইৰেল পেটার্ণ, ই বৈজ্ঞানিকভাবে প্রমাণিত নহয় বুলিয়ে একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে।



































