দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আমেৰিকাত বসবাস কৰা ভাৰতীয় ছফটৱেৰ অভিযন্তা প্রিয়ংকা জৈন সম্প্রতি সামাজিক মাধ্যমত নিজৰ ব্যৱসায়ৰ জৰিয়তে বিশেষভারে চর্চিত হৈছে। প্রিয়ংকাই আমেৰিকাত পুৱা ন বজাৰ পৰা পাঁচ বজালৈ চাকৰি কৰাৰ লগতে মেহেন্দী আর্টিষ্ট হিচাপে কাম কৰি আহিছে।
অলপতে সামাজিক মাধ্যমত এক ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰিয়ংকাই সদৰী কৰা অনুসৰি তেওঁ আমেৰিকাত মেহেন্দী লগাই প্রতি ঘণ্টাত প্রায় ১০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাত ৯,০০০ৰ পৰা ১০,০০০ টকালৈকে উপাৰ্জন কৰি আহিছে।
প্রিয়ংকাই ইনস্টাগ্রামৰ এক ভিডিঅ’ত তেওঁৰ মেহেন্দী ব্যৱসায়ৰ সন্দৰ্ভত সবিশেষ সদৰী কৰিলে। প্রিয়ংকাই কয় যে মেহেন্দী লগোৱাটো তেওঁৰ এক ব্যৱসায়ে নহয়, ই তেওঁৰ বাবে এক চখ আৰু আৱেগত পৰিণত হৈছে।
প্রিয়ংকাই আমেৰিকাত কোনো ব্যক্তিক মেহেন্দী লগাই দিয়াৰ বাবদ প্রতি ঘণ্টাত ১০০ ডলাৰ পাৰিশ্ৰমিক গ্রহণ কৰে। আনহাতে, বিবাহৰ ক্ষেত্ৰত তেওঁ কইনাৰ মেহেন্দীৰ বাবদ ১০ ঘণ্টাত প্রায় এক লাখ টকা দাবী কৰে।
ইয়াৰ লগতে প্রিয়ংকাই গ্রাহকৰ পৰা উপহাৰ আৰু অধিক ধনো লাভ কৰি আহিছে। প্রিয়ংকাই জনোৱা অনুসৰি, এজন ছফটৱেৰ অভিযন্তা হোৱাৰ পাছতো তেওঁ আমেৰিকাত মেহেন্দী আর্টিষ্ট হিচাপে ১০ ঘণ্টাত ভাৰতীয় মুদ্রাত প্রায় এক লাখ টকা উপাৰ্জন কৰি আহিছে।
আমেৰিকাত ভাৰতীয় মূলৰ লোকৰ লগতে পাকিস্তানী, বাংলাদেশী, আৰৱৰ লোকেও প্রিয়ংকাৰ জৰিয়তে মেহেন্দী কৰাই আহিছে।





























