দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চৌদিশে ভঙা-ছিঙা ইটা, কংক্রীটৰ স্তূপ আৰু যুদ্ধৰ বিষাদ। প্রতিটো ক্ষণতে প্রিয়জনক হেৰুওৱা লোকসকলৰ হা-হুমুনিয়াহ। প্রায় অনাহাৰত কটোৱা আবাল-বৃদ্ধ-বনিতাৰ পেটত ক্ষুধাৰ জ্বালা। চাৰিওফালে কেৱল ধ্বংসৰ ছায়া।
সেই চৰম ধ্বংসস্তূপৰ মাজতে এটুকুৰা পোহৰ হৈ ধৰা দিলে শৈশৱৰ নিষ্পাপ হাঁহিয়ে। যুদ্ধবিধ্বস্ত গাজাত মুকলি আকাশৰ তলত বহি কণমানি শিশুসকলে মনোযোগ দি ডিজনীৰ বিখ্যাত এনিমিটেড ছবি ‘দ্য লায়ন কিং’ উপভোগ কৰাৰ দৃশ্যই সম্প্রতি আলোড়িত কৰিছে বিশ্ববাসীক।
ফটোগ্ৰাফাৰ ওমৰ আছতাওইয়েৰ কেমেৰাত বন্দী হোৱা সেই ফটোখন সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সংবেদনশীল মানুহৰ চকু সিক্ত কৰি তুলিছে।
ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন মিছনৰ পক্ষৰ পৰা প্ৰথমে ফটোখন প্ৰকাশ কৰা হয়। সন্ধিয়াৰ কোমলৰ পোহৰত যেতিয়া আকাশখন ক্ৰমাৎ ৰংহীন হৈ আহিছিল, তেতিয়াই বিধ্বস্ত ঘৰ-দুৱাৰৰ ধ্বংসাৱশেষৰ ওপৰত শাৰী পাতি বহিছিল এদল পেলেষ্টিনীয় শিশু। সম্মুখৰ ডাঙৰ পর্দাত তেতিয়া চলিছিল সিংহৰ পোৱালি ছিম্বাৰ কাহিনী।
চাৰিওফালৰ আতংক, যুদ্ধৰ ছাইৰেন আৰু অনিশ্চয়তাক কিছুক্ষণৰ বাবে পাহৰি তেওঁলোক হেৰাই গৈছিল ডিজনীৰ সেই যাদুকৰী জগতত।
এই বিৰল আনন্দৰ আয়োজন কৰিছিল ‘মাছাৰাউই ফাণ্ড’ নামৰ চলচ্চিত্র সংস্থাটোরে। তেওঁলোৰ ভ্ৰাম্যমাণ চিনেমা উদ্যোগ ‘লিটল উইংছ’ৰ আওতাত এই স্ক্রিণিঙৰ ব্যৱস্থা কৰা হয়।
দীঘলীয়া যুদ্ধ, অনাহাৰ আৰু আত্মীয়-স্বজনক হেৰুওৱাৰ ভয়াৱহ আবহত আবদ্ধ হৈ পৰা শিশুসকলৰ মনত এখুদ বিনোদন আৰু স্বাভাৱিক শৈশৱৰ স্পৰ্শ আনি দিয়াই আছিল তেওঁলোকৰ মূল উদ্দেশ্য।
এফালে অবিৰাম গোলাবর্ষণ আৰু বাস্তুচ্যুতিৰ কাৰণে গাজৰ অগণিত শিশুৰ ভৱিষ্যৎ সম্প্রতি গভীৰ সংকটত, আনফালে সেই অন্ধকাৰৰ মাজতো তেওঁলোক দুচকুত নতুনকৈ জীয়াই থকাৰ স্বপ্ন।
সেই দৃশ্য কেৱল এক চিনেমাৰ প্রদর্শনী নহয়; বৰঞ্চ সীমাহীন যন্ত্ৰণাৰ সাগৰত পেলেষ্টাইনৰ শিশুসকলৰ এফোঁটা নির্ভেজাল আনন্দ, যি আকৌ এবাৰ বুজাই দিয়ে যে যুদ্ধ যিমানেই নিষ্ঠুৰ নহওক কিয়, শৈশৱৰ আশা আৰু সাৰল্যক সম্পূৰ্ণৰূপে মছি পেলাব নোৱাৰে।































