BhupenHazarika : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জন্ম শতবার্ষিকীৰ প্ৰাক ক্ষণত ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীত থকা বাসগৃহটো আজি অতি অৱহেলিত আৰু অনাদৃত অৱস্থাত পৰি থকাত তীব্র উদ্বেগ প্রকাশ কৰিছে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে।
সংগঠনটোৱে অসম চৰকাৰক ঐতিহাসিক ঘৰটো শীঘ্ৰে সংৰক্ষণ আৰু পুনৰ মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে কয় যে অসম চৰকাৰে ঘৰটো নিজৰ অধীনলৈ নিয়াৰ পাছতো আজিলৈকে ইয়াৰ মেৰামতি বা সংৰক্ষণৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই।
ফলত বৰষুণ দিলেই ঘৰটো পানীৰে উপচি পৰে আৰু ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে। সুধাকণ্ঠৰ অতি মৰমৰ আপোন ঘৰ হিচাপে পৰিচিত এই বাসগৃহটোৰ স’তে শিল্পীজনৰ সৃষ্টি আৰু কৰ্মজীৱনৰ বহু মিঠা স্মৃতি জড়িত হৈ আছে।
সময় পালেই এই ঘৰটোত জিৰণি লোৱা কিংবদন্তি শিল্পীজনৰ জীৱনৰ বহু সৃষ্টিশীল মুহূৰ্তৰ সাক্ষী হৈ আছে কুঠৰীৰ এই ঘৰটো। ঘৰটো দেখাত হয়তো সৰু, কিন্তু এই সৰু ঘৰটোৰ স’তে সংপৃক্ত হৈ আছে অসমৰ এজন মহান শিল্পীসত্তাৰ স্মৃতি আৰু আত্মা।
সেয়েহে এই ঘৰটো কেৱল এটা সাধাৰণ বাসগৃহ নহয়-ই অসমৰ সাংস্কৃতিক ইতিহাসৰ এক মূল্যৱান সম্পদ। সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদ্যাপনৰ সময়তো তেওঁৰ জীৱন আৰু সৃষ্টিশীলতাক সমৃদ্ধ কৰা এই ঘৰটোৰ জৰাজীৰ্ণ অৱস্থাই আমাৰ জাতি আৰু সমাজৰ প্রতি এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।
বিশ্বৰ বুকুত অসমৰ সাংস্কৃতিক পৰিচয় উজলাই তোলা এজন মহান শিল্পীৰ স্মৃতি বিজড়িত – সম্পদ যদি এনেদৰে অৱহেলিত হৈ থাকে, তেন্তে সেয়া আমাৰ বাবেই দুর্ভাগ্যজনক। সুধাকণ্ঠৰ জন্ম আৰু মৃত্যুদিনত কেৱল প্ৰচাৰৰ স্বাৰ্থত সময় উলিয়াব পৰা বহু বিষয়া আৰু শুভাকাংক্ষীৰ আজি এই ঘৰটোলৈ এবাৰ দৃষ্টি দিয়াৰ সময় নাই নেকি-এই প্রশ্নও উত্থাপন কৰিছে সংগঠনটোৱে।
ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গৱেষণা কৰি খ্যাতি অর্জন কৰা লোকসকলৰ নীৰৱতাক লৈও সংগঠনটোৱে ক্ষোভ প্রকাশ কৰিছে।
অসম চৰকাৰে ঘৰটো সংৰক্ষণৰ বাবে সময়োচিত আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিলে কুঠৰীৰ এই ঐতিহাসিক বাসগৃহটোৱে কাজিৰঙালৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ বাবেও এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক কীর্তিচিহ্ন হিচাপে পৰিচিতি লাভ কৰিব পাৰে।
ইয়াৰ জৰিয়তে সুধাকণ্ঠৰ জীৱন, সৃষ্টি আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ স’তে নতুন প্ৰজন্মক পৰিচিত কৰোৱাৰো এক সুন্দৰ সুযোগ সৃষ্টি হ’ব। খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সাধনাৰ অন্যতম থলী কুঠৰীৰ এই বাসগৃহটো অতি সোনকালে সংৰক্ষণ কৰি এক স্থায়ী সাংস্কৃতিক সম্পদ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰক পুনৰ আহ্বান জনাইছে।






























