HumanTrafficking : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আইনক ফাকি দি মধ্যযুগীয় ক্রীতদাস প্রথা আজিৰ ভাৰতত বাহাল আছে নেকি? তাকো সেই প্রথা বাহাল আছে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ নিজ ৰাজ্যত? সম্প্রতি এই প্রশ্নই উত্থাপন হৈছে গুজৰাটৰ এক ঘটনাক কেন্দ্ৰ কৰি।
১০ হেজাৰ টকাত বিক্ৰী হোৱাৰ পাছত এজন কিশোৰে গুজৰাটত ক্রীতদাসৰ দৰে জীৱন কটাবলৈ বাধ্য হৈছিল। অৱশেষত উদ্ধাৰ হৈছে সেই দুৰ্ভগীয়া কিশোৰজন। এই ভয়াৱহ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে।
সংশ্লিষ্ট কিশোৰজনৰ লগতে আৰু দুজনক সেই ভয়াবহ জীৱনৰ পৰা উদ্ধাৰ কৰিছে গুজৰাট অপৰাধ শাখা আৰু মানৱ সৰবৰাহ নিবাৰক গোটে।
ঘটনাৰ সূত্রপাত হয় ২০২২ত। গুজৰাটৰ আহমেদাবাদৰ হেবাতপুৰ অঞ্চলৰ পৰা অন্তর্ধান হয় এজন ১৪ বছৰীয়া কিশোৰ। এই ঘটনাত কিশোৰজনৰ মাতৃয়ে থানাত অভিযোগ দাখিল কৰে। যদিও কিশোৰজনৰ কোনো সন্ধান নোলাল। এই ঘটনাৰ চাৰি বছৰ অতিবাহিত হয়।
অৱশেষত গোচৰৰ তদন্তত নামে অপৰাধ শাখা আৰু মানৱ সৰবৰাহ নিবাৰক গোটে। গোপন খবৰৰ ভিত্তিত তদন্তকাৰী দলে সম্প্ৰতি গুজৰাটৰ পঞ্চমহল জিলাৰ ধেৰা সমীপৰ নাদিছাৰ গাঁৱত অভিযান চলায়। তাতেই সন্ধানহীন হৈ থকা কিশোৰজনৰ লগতে ১৬ আৰু ১৭ বছৰীয়া আন দুজন নাবালকক উদ্ধাৰ কৰা হয়।
লগতে গ্ৰেপ্তাৰ হয় দীনেশ ওড (৪৭) নামৰ এজন শ্রমিক ঠিকাদাৰ আৰু ভৰত ভৰদ্বাজ নামৰ এজন পশুপালক। অভিযোগ অনুসৰি, এই অভিযুক্তদ্বয়ে তিনি কিশোৰক ক্রীতদাসৰ দৰে ব্যৱহাৰ কৰিছিল। দুয়োজন অভিযুক্তই নাদিছাৰ গাঁৱৰ নিৱাসী বুলি আৰক্ষীয়ে জনাইছে।
আৰক্ষীয়ে দাবী কৰিছে যে ২০২২ত অভিযুক্ত দীনেশে সেই কিশোৰজনক অপহৰণ কৰাৰ পাছত ১০ হেজাৰ টকাত ভৰতক বিক্ৰী কৰিছিল। তাৰ পাছৰে পৰা কিশোৰজনক ঘৰচীয়া জন্তুৰ পাম আৰু ঘৰত বলপূর্বক কাম কৰোৱা হৈছিল। সেই কিশোৰজনে দুবাৰ পলায়নৰ চেষ্টা কৰিছিল; কিন্তু ধৰা পৰি যোৱাত নিৰ্মমভাৱে প্ৰহাৰ কৰি তেওঁক বন্দী কৰি ৰখা হৈছিল।
সমান্তৰালকৈ উদ্ধাৰ হোৱা বাকী দুই নাবালকৰ এজনৰ ঘৰ নাদিছাত আৰু আনজন ভডোদৰাৰ ছানিৰ বাসিন্দা। ইতিমধ্যে তিনিওকে নিজ নিজ পৰিয়ালক গতাই দিয়া হৈছে।
ইপিনে, যাক কেন্দ্ৰ কৰি এই তৎপৰতা, সেই কিশোৰৰ পিতৃ মানসিকভাৱে অসুস্থ। তেওঁৰ মাতৃৰো মৃত্যু হৈছে। এই অৱস্থাত সেই কিশোৰজনক তেওঁৰ খুড়াকৰ জিম্মাত দিয়া হৈছে। ধৃত লোক দুজনক ছোলা আৰক্ষী থানাৰ আৰক্ষীৰ জিম্মাত দিয়া হ’ব বুলি অভিযানকাৰী দলে জনাইছে।































