দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: একেথৰে শিশুটিয়ে চাই আছে কেমেৰাৰ ফালে। চাৰিওফালে ইমান মানুহ, ইমান কেমেৰা, কি হৈছে, সেইবোৰ কথাত শিশুটিৰ যেন কৌতূহলৰ অন্ত নাই।
অথচ ঘৰত উপস্থিত আন লোকসকলে যিটো সত্য সম্পর্কে জ্ঞাত, সেই বিষয়ে ১২ বছৰীয়া শিশু ছেৰিঙে একোৱেই অৱগত নহয়। নেপালৰ প্ৰলংয়কৰী বানৰ পাছত অনেক হৃদয়স্পর্শী ঘটনা পোহৰলৈ আহিছে। তেনেদৰেই সম্প্রতি উঠি আহিছে আকস্মিক বানত পিতৃ-মাতৃক হেৰুওৱা এই অবোধ শিশুটিৰ মর্মস্পর্শী ঘটনাৰ কথা।
শিশুটিৰ মাতৃ কাম্মি আৰু পিতৃ ফুৰছাং এতিয়া আৰু জীৱিত অৱস্থাত নাই। কালৰূপী বানে তেওঁলোকক শিশুটিৰ কাষৰ পৰা চিৰদিনলৈ লৈ গ’ল। অথচ জীৱনৰ সেই কঠিন সত্য সম্পর্কে এতিয়াও অৱগত নহয় ছেৰিং।
আচলতে শিশুটিক এই বতৰা কোনেও দিয়া নাই। ছেৰিঙক কেৱল কোৱা হৈছে যে তেওঁৰ পিতৃ-মাতৃ জংঘলৰ কোনো এক ঠাইত আবদ্ধ হৈ আছে। তেওঁলোকে ৰাস্তা ভুল কৰিছিল।
বানৰ ফলত ৰাস্তা ভাঙি গৈছে বাবে তেওঁলোক ঘূৰি আহিবলৈ হয়তো এক-দুবছৰ সময় লাগিব।
সেই কথাই বিশ্বাস কৰি এতিয়া পিতৃ-মাতৃলৈ অপেক্ষা কৰি আছে শিশু ছেৰিঙে। উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ কালৰূপী আকস্মিক বানত নেপালৰ এটা অংশ ধ্বংসস্তূপত পৰিণত হৈছে।
অসংখ্য লোকৰ মৃত্যু হৈছে। আন বহুতো এতিয়াও সন্ধানহীন হৈ আছে। সেই বিপৰ্যয়ৰ পাছত নেপালৰ ৰছুৱা অঞ্চলৰ পৰা বহুতো লোকে আহি কাঠমাণ্ডুত আশ্রয় লৈ আছে। সেই সকলৰ মাজতে আছে ১২ বছৰীয়া ছেৰিং।
এতিয়া শিশুটিৰ আপোন লোক বুলিবলৈ মাহীয়েক মিনগমাৰ দোলমা আৰু আইতাক আশ্রয় শিবিৰৰ চাৰিওফালে যেতিয়াই কোনোবাই বেদনাত কান্দিছে, শিশু ছেৰিঙে জানিবলৈ বিচাৰে তেওঁলোকে কিয় কান্দিছে? কেতিয়াবা আকৌ শিশুটিয়ে নিজেও সেই কান্দোনত যোগ দিছে।
যদিও পিতৃ-মাতৃৰ কথা সুধিলে শিশুটিৰ পৰা এটাই উত্তৰ পোৱা যায়। তেওঁলোক জংঘললৈ গৈছে, ৰাস্তা বেয়া হোৱাৰ বাবে এতিয়াই ঘূৰি আহিব নোৱাৰিব।
অৱশ্যে ছেৰিঙৰ মাহীয়েক মিনগমাৰে প্ৰকৃত সত্য জানে। মাহীয়েকে জনাইছে যে ছেৰিঙৰ পিতৃ-মাতৃ এতিয়া আৰু এই পৃথিৱীত নাই; কিন্তু সেই কথা তেওঁলোকে এতিয়াই সেই ১২ বছৰীয়া শিশুটিক জনাব বিচৰা নাই।
সেয়ে পিতৃ-মাতৃৰ অপেক্ষাতেই সেই আশ্রয় শিবিৰত দিন অতিবাহিত হৈ অবোধ শিশুটিৰ। ৰছুৱাৰ ৫২০জন লোকে সম্প্ৰতি কাঠমাণ্ডুৰ এক বৌদ্ধ মঠত আশ্রয় লৈ আছে। ঘৰ-দুৱাৰ হেৰুৱাই, আত্মীয়-প্রিয়জনক হেৰুওৱাৰ বেদনা বুকুত লৈয়েই তেওঁলোকে সেই মঠতে নতুনকৈ জীৱন আৰম্ভ কৰাৰ চেষ্টা কৰিছে।
শিশু ছেৰিঙে অৱশ্যে ইমানবোৰ বুজি পোৱা নাই। ধ্বংসৰ ভয়ৱহতাক বুজিব পাৰিলেও উপলব্ধি কৰিব পৰা নাই যে মাত্র ১২ বছৰতে নিজৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে।
কেৱল পিতৃ-মাতৃ ঘূৰি অহালৈ অপেক্ষা ছেৰিঙৰ। অথচ সেই অপেক্ষা যে অনন্ত, সেই কথা উপলব্ধি কৰিব পৰা নাই শিশুটিয়ে।






























