OxfordUniversity: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: লাওখোলাসহ নগা লোকৰ ৩৯টা মানৱ শৰীৰৰ অংশ ঘূৰাই দিবলৈ সম্মতি প্রকাশ কৰিলে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে। উল্লেখ্য যে ভাৰতত ব্রিটিছ শাসন চলি থকা সময়ত ইংলণ্ডলৈ নগা লোকসকলৰ শৰীৰৰ অৱশিষ্ট অংশসমূহ নিছিল।
তাৰ পাছৰে পৰা এইসমূহ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পিট ৰিভাৰ্ছ মিউজিয়াম শীর্ষক সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। তেনেদৰে দশক দশক ধৰি সংগ্রহালয়টোত নগা লোকৰ এই অৱশিষ্ট অংশসমূহ প্রদৰ্শন কৰা হয়।
বিগত কিছু বছৰৰ পৰা এই অংশসমূহ ঘূৰাই অনাৰ প্রক্রিয়া আৰম্ভ কৰে একাংশ নগা সংগঠনে। সেই অনুসৰি নগা ট্রাইব হ’বছ আৰু ‘ফৰাম ফৰ নগা ৰিকনচায়লেচন’ শীর্ষক দুই সংগঠনৰ প্ৰতিনিধি পিট ৰিভাৰ্ছ মিউজিয়াম কর্তৃপক্ষৰ স’তে আলোচনাত মিলিত হয়।
এই আলোচনাত সংগ্রহালয় কর্তৃপক্ষই নগা লোকৰ শৰীৰৰ অৱশিষ্ট অংগসমূহ প্রত্যর্পণ কৰাৰ প্ৰতি ইচ্ছা প্রকাশ কৰে বুলি উক্ত দুই সংগঠনে এক বিবৃতিত প্রকাশ কৰিছে। উল্লেখ্য যে অক্সফ’র্ড বিশ্ববিদ্যালয়ত বিশ্বৰ ভিতৰত সর্বাধিক নগা ঐতিহ্য সংৰক্ষণ হৈ আছে।
এই বিশ্ববিদ্যালয়ত কমেও আঠ হেজাৰ নগা ঐতিহ্য সংৰক্ষিত হৈ আছে। এই ঐতিহ্যসমূহৰ অধিকাংশই হৈছে লাওখোলা। তদুপৰি নগা লোকৰ মানৱ চুলিযুক্ত ১৭৮টা আন সামগ্রীও বিশ্ববিদ্যালয়খনত আছে।
ইয়াৰে ৩৯টা সম্পদ বিশ্ববিদ্যালয়ে নগালেণ্ডলৈ প্রত্যর্পণৰ বাবে সম্মতি প্ৰকাশ কৰিছে। সেই অনুসৰি অহা নৱেম্বৰত এই প্রত্যর্পণ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। যদি সেয়া হৈ উঠে তেন্তে ইয়ে হ’ব উক্ত ত সংগ্ৰহালয়ে পুনৰ হস্তান্তৰ কৰা সৰ্ববৃহৎ মানৱ অৱশিষ্টৰ প্ৰত্যর্পণ।
উল্লেখ্য যে ২০২০ৰ পৰাই একাধিক নগা সংগঠনে এই ঐতিহ্যসমূহ ইংলণ্ডৰ পৰা ঘূৰাই অনাৰ উদ্দেশ্যে পিট ৰিভাৰ্ছ মিউজিয়াম কর্তৃপক্ষৰ স’তে আলোচনা আৰম্ভ কৰে। ইয়াৰ অংশ হিচাপে যোৱা বছৰো এটা নগা প্রতিনিধি দল এই সংগ্রহালয় উপস্থিত হৈছিল।
গতিকে সুদীর্ঘ ছবছৰৰ মূৰত এই আলোচনাই ইতিবাচক ফল দিয়া বুলি উক্ত দুই নগা সংগঠনে প্রকাশ কৰিছে।































