◆গড় চুক স্থিত অসম দক্ষতা বিকাশ অভিযান কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত আজি মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
◆ ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ লগতে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থাটো অধিক সুচল কৰাৰ সন্দৰ্ভত আলোচনা।
◆ বৈঠকত পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে মহানগৰীত ২০০ খন চিটিবাছ চলোৱাৰ উপৰি আন্তঃ জিলা পৰিবহণ সুচল কৰাৰ বাবে ২৪৮ খন বাছৰ সেৱা আৰম্ভ কৰিছে।
◆ তলাবন্ধৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা সহযোগিতা।
◆ সামাজিক ব্যৱধান বজাই ৰাখি স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিবলৈ জনসাধাৰণলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
◆ যুৱ প্ৰজন্মক গ্রাম্য অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে অসম দক্ষতা বিকাশ অভিযানক নিৰ্দেশ ।
◆ আন্তঃ ৰাজ্যিক বাছ আস্থানত যাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি যাত্ৰীসকলক অহা যোৱাৰ বাবে লোৱা ব্যৱস্থাৱলী প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
ADVERTISEMENT





























