এটা স্প্ৰে তেই আপোনাৰ দূৰ হ’ব মানসিক অৱসাদ লগতে হতাশগ্ৰস্ততা । জনছন এণ্ড জনছনে অতি শীঘ্ৰেই বজাৰত মুকলি কৰিবলৈ গৈ আছে এনে এটি স্প্ৰে । এই স্প্ৰে’ নাকৰ সন্মুখত মাৰি দিয়াৰ পাছতে নিৰ্দিষ্ট লোকজনৰ অৱসাদ তথা হতাশা মুহূৰ্ততে আঁতৰ হ’ব । ২০১৯ ৰ মাৰ্চত এই স্প্ৰে মানুহৰ ওপৰত প্ৰয়োগৰ অনুমতি দিয়া হৈছিল । সেই সময়ৰ পৰা বৰ্তমানলৈকে প্ৰায় ছহেজাৰ লোকৰ চিকিৎসাত এই স্প্ৰে’ ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ ফলাফলো যথেষ্ট ইতিবাচক । বজাৰত এই স্প্ৰেৰ নাম হ’ব স্প্ৰাভাটো ।
জনছন এণ্ড জনছনৰ মতে, স্প্ৰাভাটো নামৰ এই স্প্ৰে ফলাফল অতি দ্ৰুতভাৱে লাভ কৰিব পাৰি । এই স্প্ৰে প্ৰয়োগ কৰা সকলৰ চিন্তা-ভাবনাৰো দ্ৰুত পৰিৱৰ্তন পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই মানসিক হতাশগ্ৰস্ততা তীব্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে । এই ৰোগৰ পৰা উদ্ধাৰত ব্যৰ্থ হোৱা সকলে আত্মহত্যাৰ দৰে চূড়ান্ত পথো বাছি লৈছে । তেনে লোক সকল এই স্প্ৰে’ৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব বুলি চিকিৎসক সকলো আশাবাদী ।




































