মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাক্সা জিলাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত আজি জনজাতিকৰণকে ধৰি কে’বাটাও মুখ্য দাবী তুলি আদিবাসী ছাত্ৰ সন্থাৰ লগতে বাগিচাৰ শ্ৰমিক কৰ্মচাৰীয়ে চৰকাৰ তথা বাগিচাৰ মালিক-কৰ্মচাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত তথা এম এছ ইউনিটৰ সহযোগত ৰূপায়িত আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জনজাতিকৰণৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ আছাৰ কৰ্মকৰ্তা তথা চাহ বাগিচাৰ শ্ৰমিকসকলে বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , হিমন্ত বিশ্ব শৰ্মা হায় হায় , জনজাতিকৰণ আমাক লাগিবই , ন’ এছ টি ন’ ৰেষ্ট আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছাৰ প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাৰ লগতে অন্যান্য নেতাসকলে কয় যে মানাহৰ ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকসকলক বাগানৰ মালিকপক্ষই দিনে ১৬৭ টকাকৈ হাজিৰা দিয়ে যদিও সেই ন্যুনতম টকাৰে সৰ্বদিশেৰে পৰিয়াল এটা চলাই নিয়াত বাৰুকৈয়ে কষ্ট হয় ৷ গতিকে মালিকপক্ষই চাহ শ্ৰমিকসকলক ১৬৭ টকাৰ পৰিৱৰ্তে ৩৫১ টকাকৈ দৈনিক হাজিৰা প্ৰদান কৰিব লাগে ৷ একেদৰে ২০২০ বৰ্ষৰ ভিতৰতে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই আছে । অন্যহাতে, জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে সমাগত বিধানসভা নিৰ্বাচনত আদিবাসী ৰাইজৰ এশ শতাংশই ভোট চৰকাৰে লাভ কৰিব বুলি কয়৷




































