গুৱাহাটীৰ সমীপৱৰ্তী দীপৰ বিলৰ পাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। অঞ্চলটোৰ পথ, ৰে’লপথকে ধৰি কাষৰীয়া চকৰদৌৰ কলিতাপাৰা আৰু মাজপাৰা আজি পুৱাৰে পৰা এটা মতা দঁতাল বনৰীয়া হাতীয়ে মুক্তভাবে বিচৰণ কৰি থকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে ।
এই সন্দৰ্ভত চকৰদৌ কলিতাপাৰা ৰাইজৰ সভাপতি বলেন কলিতা আৰু সম্পাদক প্ৰমোদ কলিতাই জনোৱা মতে যোৱা নিশা খাদ্যৰ সন্ধানত হাতীৰ এটা জাক দীপৰ বিললৈ আহিছিল। জাকটোৰ আন হাতী সমূহ কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰলৈ উভতি যোৱাৰ বিপৰীতে উক্ত হাতীটো ৰৈ যায় । হাতীটো ৰাজপথত মুক্তভাবে ঘূৰি ফুৰা দেখি অঞ্চলবাসীয়ে বন বিভাগ আৰু দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়াক খবৰ দিয়ে ।
বনকৰ্মীৰ দল এটা উক্ত স্থানত উপস্থিত হৈ হাতীটোক খেদি পঠিয়াবলৈ চেষ্টা কৰাত হাতীটো ৰেলপথত আৱদ্ধ হৈ পৰে। অৱশেষত ৰাইজৰ সহযোগত বনকৰ্মীৰ দলেটোয়ে হাতীটো ৰেলপথৰ পৰা আঁতৰাই পঠিযায় যদিও আজি বিয়লি হাতীটোয়ে অঞ্চলটোৰ কে’বাঘৰ মানুহৰ বাৰীত সোমাই কলগছ খাই তহিলং কৰে । বৰ্তমানেও হাতীটো স্থানীয় লোকৰ বাৰীত আবদ্ধ হৈ আছে । অৱশ্যে হাতীটোৱে কোনো লোকক অনিষ্ট সাধন কৰা নাই । ৰাণীৰ বন কাৰ্য্যালয়ৰ এটা বনকৰ্মীৰ দলে উক্ত স্থানত তহল দি থকা বুলি জানিব পৰা গৈছে ।




































