মঙল গ্ৰহত দেখিবলৈ পোৱা উপত্যকা বিলাক প্ৰকৃততে কি হয় ইয়াক লৈ নানা ধৰণৰ কৌতুহল মনত সৃষ্টি হৈ আহিছে । কিছুলোকে এই উপত্যকাবিলাকক জনপ্ৰবাহৰ উৎস বুলি ক’ব খোজে । কিন্ত শেহতীয়াকৈ কানাডা আৰু আমেৰিকাৰ বিজ্ঞানীসকলৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য সন্মুখলৈ আহিছে । ‘নেছাৰ জিঅ’চাইন’ত প্ৰকাশিত তথ্য অনুসৰি এসময়ত মঙল গ্ৰহৰ বতৰ অতিকৈ উষ্ণ আছিল ।
এনে উষ্ণতাৰ ফলত হিমবাহ গলি পানীৰে ভৰি পৰে ৰঙা গ্ৰহটো । গৱেষক সকলে মঙলত উপত্যকাৰ সন্ধান পোৱাৰ সময়ৰে পৰা এনে উপত্যকাবিলাকত নদী আছে বুলি প্ৰাথমিকভাৱে ধাৰণা কৰিছিল; কিন্ত পৰৱৰ্তী সময়ত হিমবাহ গলাৰ ফলতে তেনে হোৱা বুলি ধাৰণা কৰা হয় ।গৱেষকসকলে দাবী কৰা অনুসৰি প্ৰায় চাৰিশ কোটি বছৰ পূৰ্বে মঙলত উপত্যকাৰ সৃষ্টি হৈছিল । উপত্যকা বিলাক আছিল বৰফে আৱৰি ৰখা মাটিৰ ওপৰত ।
পৰৱৰ্তী সময়ত গ্ৰহটোৰ উষ্ণতা বৃদ্ধি পাবলৈ লয় । ফলত হিমবাহবিলাক গলিবলৈ লয় । ইউনিভাৰচিটি অৱ ব্ৰিটিছ কলম্বিয়াৰ গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি বৰফৰ স্তৰে মাটিত পানীৰ স্থায়িত্ব বৃদ্ধি কৰে । মঙলত বহু বছৰ পূৰ্বেই উষ্ণতাৰ ফলত মাটিৰ প্ৰকৃতি পৰিৱৰ্তন কৰাটোও স্পষ্ট হৈছে; কিন্ত এয়া পৃথিৱীত বহি কৰা গৱেষণাৰ ফলাফল ।
গ্ৰহটোত জীৱৰ সন্ধান তথা শিল-মাটিৰ গুণাগুণ পৰীক্ষা কৰিবলৈ নাছাৰ অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ৰোভাৰ পাৰছিভিয়াৰেন্স প্ৰেৰণ কৰা হৈছে । অহা ফেব্ৰুৱাৰীত ই গৈ মঙল পাব । তাৰ পাছতে আৰম্ভ হ’ব ৰাসায়নিক বিশ্লেষণ তথ্য প্ৰেৰণ কৰিব প্রতিটো পৰীক্ষাৰ ।




































