ব্রিটেইনত শেহতীয়াভাৱে পুনৰ কৰ’নাৰ সংক্রমণ বৃদ্ধি পাইছে। এইবাৰ দেশখনত কৰ’নাৰ ভাৰতীয় ষ্ট্রে’নৰ সংক্রমণ দ্রুতগতিত বিয়পিছে। এই সংক্রমণ ইমানে দ্রুত হৈছে যে ব্রিটিছ জনস্বাস্থ্য বিশেষজ্ঞসকল চিন্তিত হৈছে।
কৰ’নাৰ এনে সংক্ৰমণৰ মাজতে ভেকচিন টাস্ক ফ’ৰ্চৰ বিদায়ী মুৰব্বী ক্লাইভ ডিক্সে দাবী কৰি কয় যে অহা আগষ্টৰ ভিতৰতে ব্রিটেইনত সম্পূৰ্ণৰূপে নিয়ন্ত্রণলৈ আহিব ক’ভিডৰ সংক্রমণ।
এখন ব্রিটিছ সংবাদপত্ৰৰ স’তে হােৱা সাক্ষাৎকাৰত ডিক্সে কয়, ‘আগষ্টৰ ভিতৰতে ব্রিটেইনত আৰু ভাইৰাছটোৰ সংক্রমণ নাথাকিব। তেওঁ লগতে কয় যে ২০২২ৰ আৰম্ভণিতে ব্রিটেইন চৰকাৰে দেশবাসীক প্রতিষেধকৰ বুষ্টাৰ পালি প্রদান আৰম্ভ কৰিব।
বর্তমানে স্বাস্থ্য বিজ্ঞানীয়ে সবাতােকৈ কাৰ্যকৰী বুষ্টাৰৰ সন্ধানত গৱেষণা অব্যাহত ৰাখিছে বুলিও ভেকচিন টাস্ক ফ’ৰ্চৰ বিদায়ী মুৰব্বীজনে জানিবলৈ দিয়ে। অহা জুলাইৰ ভিতৰত দেশৰ সকলাে বাসিন্দাই প্রতিষেধকৰ কমেও এপালিৰ যােগান লাভ কৰিব বুলিও ডিক্সে মন্তব্য কৰে।
প্রতিষেধক সকলােৱে লাভ কৰাৰ ফলত অহা আগষ্টৰ ভিতৰত ব্রিটেইন কৰ’নামুক্ত হ’ব পাৰিব বুলি বিশেষজ্ঞজনে মত প্রকাশ কৰে।





























