Puri Shankaracharya’s controversial remarks:
পুৰীৰ শংকৰাচাৰ্যৰ অসম কেন্দ্ৰীক এক বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ অসম ব্রাহ্মণ সমাজৰ ৷ অচিৰেই শংকৰাচাৰ্য গৰাকীক ক্ষমা খোজাৰ দাবী ব্রাহ্মণ সমাজৰ ৷ অন্যৰ্থাই ৰাজ্যৰ প্ৰতিখন থানাত শংকৰাচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ হুংকাৰ ব্রাহ্মণ সমাজৰ ৷ ইতিমধ্যে এই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিছে জনগোষ্ঠীয় সংগঠনটোৱে ৷
উল্লেখ্য যে ৰাজ্যত শেহতীয়াকৈ গো- মাংস কেন্দ্ৰীক বিষয়লৈ উত্তাল হৈ থকাৰ মাজতে হঠাতে পুৰীৰ শংকৰাচাৰ্যই প্ৰকাশ কৰে অসমৰ বামুণক লৈ নিকৃষ্ট মন্তব্য ৷ অসমৰ ব্রাহ্মণ সকলে গো- মাংস ভক্ষণ কৰে । এনে গুৰুতৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ অসম ব্রাহ্মণ সমাজে শংকৰাচাৰ্য গৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ এনে কাণ্ডজ্ঞানহীন মন্তব্য প্ৰকাশ বাবে তেওঁক গৰিহণা দিয়ে ৷






























