Aideu handique:✒️অসমীয়া ছবি জগতৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী তথা আইদেউ সন্দিকৈ বহু নাৰীৰ বাবে প্ৰেৰণা।
প্রথম অসমীয়া বোলছবি ‘জয়মতী’ত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ (Aideu Handique) বৰ্তমান নাৰী সমাজৰো এক মূর্ত প্রতীক।
আজীৱন উকা সেওঁতাৰে চিৰকুমাৰী হৈ মৃত্যুক আকোঁৱালি লোৱা চিৰপৰিচিত এই মহীৰূহ নাৰী গৰাকী ত্যাগ আৰু সহনশীলতাৰো প্রতীক।
গোলাঘাটৰ জীয়ৰী তথা প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নায়িকা আইদেউ সন্দিকৈৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল লক্ষ্মী সন্দিকৈ।
তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্রহন কৰা নাছিল।আইদেউৱে সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ বাবে যি সম্মান পাব লাগিছিল তাৰ পৰা বঞ্চিত আছিল; ইয়াৰ পৰিৱৰ্তে কুলক্ষিণী, চৰিত্ৰহীনা, বেশ্যা আদি আৰোপহে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল।
আইদেউ সন্দিকৈ অসমীয়া চলচ্চিত্ৰৰ জগতৰ নায়িকাই নাছিল বৰঞ্চ তেওঁ আছিল জীৱন যুদ্ধৰোঁ এগৰাকী নায়িকা।
জ্যোতি প্রসাদ আগৰৱালাদেৱৰ নির্মিত প্রথম অসমীয়া বোলছবি “জয়মতী”ত (১৯৩৫) নাম ভূমিকাৰে এই গৰাকী অভিনেত্রীয়ে প্রথম অসমীয়া চলচ্চিত্র অভিনেত্রী হোৱাৰ গৌৰৱ লাভ কৰিছিল।
এগৰাকী সফল নায়িকা হৈও ১৯৮৫ চনতহে তেওঁ নিজৰ অভিনীত ‘জয়মতী’ত নিজৰ অভিনয় দেখিবলৈ পায়।
উল্লেখ্য যে,অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জয়ন্তীৰ সময়তহে তেওঁ ‘জয়মতী’ৰ ৰৈ যোৱা কেইটামান ৰীলত নিজৰ অভিনয় দেখা পায়।
বহু ঘাট প্ৰতিঘাট আৰু সংগ্ৰামী জীৱনৰ পাছত ২০০২ চনৰ ১৭ডিচেম্বৰত ইহ সংসাৰ ত্যাগ কৰে মহীৰূহ নাৰী আইদেউ সন্দিকৈয়ে । আজি তেখেতৰ স্মৃতি দিৱসত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে।





























