NASA : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দুৰ্যোগৰ আভাস হেনো আগতীয়াকৈ পোৱা যাব। অথচ বাস্তৱত ঘটিল বিপৰীত কাণ্ড। হিমালয়ৰ প্ৰাকৃতিক দুর্যোগ আৰু হিমবাহ স্খলনৰ পূর্বাভাস দিয়াৰ বাবে ১.৩ নিযুত ডলাৰ অৰ্থাৎ প্রায় ১০ হেজাৰ কোটি টকা ব্যয় কৰি মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল বিশ্বৰ সবাতোকৈ দামী অসামৰিক উপগ্রহ ‘নিছাৰ’ক।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ আৰু ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ‘ইছৰ”ৰ এই যৌথ স্বপ্নক কেন্দ্ৰ কৰি উত্তেজনা আছিল তুংগত। দাবী কৰা হৈছিল যে এই কৃত্রিম উপগ্ৰহৰ অত্যাধুনিক ৰাডাৰটো ভূ-প্রকৃতিৰ মাত্ৰ কেই মিলিমিটাৰ সূক্ষ্ম পৰিৱৰ্তনো ধৰা পেলাবলৈ সক্ষম।
যদিও নেপালৰ সাম্প্রতিক ভয়াৱহ আকস্মিক বানৰ পাছত সেই বহুচর্চিত উপগ্ৰহৰ ভূমিকাক লৈয়েই প্রশ্ন উঠিবলৈ আৰম্ভ হৈছে। সম্প্রতি নেপালৰ ৰছুৱা জিলাত হিমবাহৰ স্খলন আৰু বোকাৰ সোঁতৰ কাৰণে যি প্রলয়ংকৰী বান পৰিস্থিতিৰ সৃষ্টি হ’ল, সেয়া প্রধানকৈ সেই ধৰণৰ ঘটনা; যাক পর্যবেক্ষণ কৰিবলগীয়া আছিল নিছাৰ উপগ্রহে।
এতিয়া একাংশ ভূ-বিজ্ঞানীয়ে প্রশ্ন কৰিছে যে মহাকাশত এটা বছৰ সফলভাবে কটোৱাৰ পাছতো কিয় ইমান ডাঙৰ বিপৰ্যয়ৰ বিষয়ে নিছাৰৰ পৰা এটাও আগতীয়া পূর্বাভাস বা বৈজ্ঞানিক বিশ্লেষণ পোৱা নগ’ল? অথচ মহাকাশলৈ উৎক্ষেপণৰ সময়ত নাছা আৰু ইছৰ’ৱে দাবী কৰিছিল যে হিমালয়ৰ হিমবাহৰ গতিবিধি, বিপজ্জনক হিমবাহ হ্রদ আৰু ভূমিস্খলনৰ আগতীয়া লক্ষণ চিহ্নিত কৰাত নিছাৰে যুগান্তকাৰী ভূমিকা পালন কৰিব।
লক্ষ্যণীয়ভাৱে, নেপালৰ বিপৰ্যয়ৰ কিছুদিন পূর্বেই বাংগালুৰুত জাকজমকতাৰে নিছাৰৰ এবছৰ পূৰ্তি পালন কৰা হয়। তাতো দুয়োটা সংস্থাৰ বিজ্ঞানীসকলে এই অভিযানৰ বিপুল সাফল্যৰ খতিয়ান দাঙি ধৰিছিল।
ঘটনাক্রমে, নেপালৰ বিপৰ্যয়ৰ পাছত তথ্য সংগ্ৰহৰ বাবে ইছৰ’ৱে তেওঁলোকৰ আন উপগ্ৰহৰ সহায় ল’লেও নিছাৰৰ কোনো সক্রিয় ভূমিকা দেখা পোৱা নগ’ল। নিছাৰ হয়তো কোনো পোনপটীয়া ‘জৰুৰী সতর্কতা কেন্দ্র’ নহয়, কিন্তু যি প্রযুক্তিক দুর্যোগ মোকাবিলাৰ বাবে বৃহৎ হাতিয়াৰৰূপে দাঙি ধৰা হৈছিল, বিপৰ্যয়ৰ সময়ত তাৰ এনে নীৰৱতাক মহাকাশ গৱেষণাৰ বিজ্ঞাপনী চমককে কাঠগৰাত তুলিলে বহু একাংশ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।



































