IndianBulletTrain : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতত কেতিয়া চলিব দেশীয় প্ৰযুক্তিৰে নিৰ্মিত বুলেট ট্ৰেইন? এই অপেক্ষাৰ শীঘ্ৰেই অৱসান ঘটিবলৈ গৈছে । বুলেট ট্ৰেইনক লৈ এইবাৰ ডাঙৰ আপডেট দিলে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ট্ৰেইনৰ বডী ফ্ৰেম নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। সকলো কাম পৰিকল্পনা অনুসৰি আগবাঢ়িলে ২০২৭ চনৰ মে’ অথবা জুন মাহতে পৰীক্ষামূলকভাৱে ট্ৰেকত নামিব বুলেট ট্ৰেইন।
গুজৰাটৰ ভদোদৰাত অনুষ্ঠিত ‘নমো ফৰ বিকশিত ভাৰত’ অনুষ্ঠানত উপস্থিত হৈছিল অশ্বিনী বৈষ্ণৱ। সেই অনুষ্ঠানৰ পৰাই বুলেট ট্ৰেইনক লৈ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, ভদোদৰাৰ এই অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। অনুষ্ঠানৰ পৰাই ৩৫ হেজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে তেওঁ।
কেতিয়া ট্ৰেকত নামিব বুলেট ট্ৰেইন?
অনুষ্ঠানত অশ্বিনী বৈষ্ণৱে জনায় যে ভাৰতত দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা বুলেট ট্ৰেইনৰ বডী ফ্ৰেম নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ইয়াক স্কুইজ টেষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে।
এই সন্দৰ্ভত ৰে’লমন্ত্ৰীগৰাকীয়ে কয়, “অহা বছৰৰ মে’ অথবা জুন মাহৰ ভিতৰত ভাৰতৰ নিজা বুলেট ট্ৰেইন পৰীক্ষাৰ বাবে ট্ৰেকত নামি পৰিব। দুমাহৰ পৰা চাৰিমাহলৈ পৰীক্ষাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজেই বুলেট ট্ৰেইন উদ্বোধন কৰিব।”
অৰ্থাৎ, ৰে’লমন্ত্ৰীগৰাকীৰ বক্তব্য অনুসৰি সকলো ঠিকেই থাকিলে ২০২৭ চনৰ মাজভাগত দেশীয় বুলেট ট্ৰেইনৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ হ’ব পাৰে। ইয়াৰ পিছত কেবামাহ ধৰি পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰি ৰে’লে যাত্ৰী সেৱাৰ দিশে আগবাঢ়িব।
ডেৰ ঘণ্টাত ভদোদৰাৰ পৰা মুম্বাই
বুলেট ট্ৰেইন চলাচল আৰম্ভ হ’লে যাত্ৰাৰ সময় কিমান কমিব, তাৰো এটা উদাহৰণ দিছে ৰে’লমন্ত্ৰীয়ে। তেওঁৰ দাবী অনুসৰি, বুলেট ট্ৰেইনেৰে ভদোদৰাৰ পৰা মুম্বাইলৈ যাবলৈ প্ৰায় ডেৰ ঘণ্টা সময় লাগিব।
দেশৰ প্ৰথমটো হাই-স্পীড ৰে’ল কৰিডৰ মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰে’ল কৰিডৰৰ কাম বৰ্তমান দ্ৰুতগতিত আগবাঢ়িছে। পৰৱৰ্তী সময়ত কৰিডৰটোৰ বাকী অংশসমূহো পৰ্যায়ক্রমে মুকলি কৰাৰ পৰিকল্পনা আছে। সমগ্ৰ প্ৰকল্প সম্পূৰ্ণ হ’লে মুম্বাইৰ পৰা আহমেদাবাদলৈ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পাব।































