KidneyTransplant: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ বৃক্ক সংৰোপণৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ ৰোগীৰ বাবে চিকিৎসা বিজ্ঞানে বহু আশাৰ সঞ্চাৰ কৰিছে। আমেৰিকাত প্ৰথমবাৰৰ বাবে জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰবৃক্ক জীৱিত মানুহৰ শৰীৰত প্ৰায় ২৭১ দিন অর্থাৎ প্রায় ৯ মাহ কাম কৰিছিল।
৬৬ বছৰীয়া টিম এণড্ৰজৰ শৰীৰত বৃক্ক সংৰোপণ কৰা হয়। আটাইতকৈ বিশেষ কথাটো হ’ল এই সময়ছোৱাত তেওঁক ডায়েলাইছিছৰ প্ৰয়োজন নাছিল। পিছত যেতিয়া মানৱ দাতাৰ বৃক্ক উপলব্ধ হ’ল, তেতিয়া চিকিৎসকে তেওঁৰ মানৱবৃক্ক প্রতিস্থাপন কৰে।
টিম এণড্ৰজে শেষ পর্যায়ৰ বৃক্কৰ ৰোগত যুঁজি আছিল। তেওঁৰ সংকটজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ দাতাৰ বৃক্ক বিচাৰি পোৱাৰ সম্ভাৱনা আছিল ক্ষীণ। তেনে ক্ষেত্ৰত জিনীয়ভাৱে সম্পাদিত গাহৰিৰ বৃক্ক হৈ পৰিছিল এক প্ৰকাৰৰ অস্থায়ী সমর্থন তেওঁৰ বাবে।
২০২৫ ৰ জানুৱাৰীত চিকিৎসকে তেওঁৰ শৰীৰত এই বৃক্ক সংৰোপণ কৰিছিল। প্ৰায় ৯ মাহ ধৰি গাহৰিৰ বৃক্কই কাম কৰাৰ পিছত এণড্রজে এজন মানৱ দাতাৰ পৰা বৃক্ক লাভ কৰে আৰু চিকিৎসকে তেওঁৰ ট্রান্সপ্লান্ট কৰিছিল।
মানুহৰ শৰীৰে সাধাৰণতে বিদেশী বস্তু হিচাপে আন প্ৰজাতিৰ অংগসমূহৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰ আক্ৰমণ চলাব পাৰে।
এই কাৰণেই মানুহৰ অংগ প্রতিস্থাপন বিজ্ঞানীসকলৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক হৈ পৰিছে। এই সমস্যা হ্রাস কৰিবলৈ বিজ্ঞানীসকলে গাহৰিৰ কিছুমান জিন সংশোধন কৰে।
ইয়াৰ উদ্দেশ্য হৈছে অংগটোক মানৱ শৰীৰৰ বাবে অধিক উপযোগী কৰি তোলা আৰু অংগ প্রত্যাখ্যানৰ সম্ভাৱনা হ্রাস কৰা। এণড্ৰজৰ ক্ষেত্ৰত ব্যৱহৃত বৃক্কটোও একেদৰেই জিনীয়ভাবে সম্পাদনা কৰা হৈছিল।
বৃক্ক ট্রান্সপ্লান্টৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল দাতাৰ অংগৰ অভাৱ। আমেৰিকাত প্রায় ১০ লাখ লোকে বৃক্ক ট্রান্সপ্লান্টৰ বাবে অপেক্ষা কৰি আছে, আনহাতে প্রতি বছৰে মাত্র প্রায় ২৫ হাজাৰ ট্রান্সপ্লান্টহে কৰা হয়। এই কাৰণতে বিজ্ঞানীসকলে দীর্ঘদিন ধৰি জিন’ট্রান্সপ্লান্টেচনৰ কামা কৰি আহিছে। ইয়াত এটা প্ৰজাতিৰ অংগ আন এটা প্ৰজাতিৰ শৰীৰত প্ৰতিস্থাপন কৰা হয়।
যদি এই কৌশল নিৰাপদ আৰু ফলপ্রসূ বুলি প্রমাণিত হয়, তেন্তে ভৱিষ্যতে মানুহৰ অংগ উপলব্ধ নোহোৱালৈকে গুৰুতৰভাৱে অসুস্থ ৰোগীক পশুৰ অংগ সাময়িকভাৱে প্রদান কৰিব পৰা যাব।






























