MartianMoonsExploration : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যোৱা ২০ অক্টোবৰত নিজৰ ঐতিহাসিক মার্টিয়ান মন্স এক্সপ্ল’ৰেচন মহাকাশ যানখন সফলভাবে উৎক্ষেপণ কৰিলে জাপানে। এই অভিযান সফল হ’লে কেৱল জাপানেই নহয়, সমগ্ৰ মানৱজাতিৰ মহাকাশ-উচ্চাকাংক্ষাৰ এক নতুন অধ্যায় ৰচিত হ’ব।
অৱশ্যে ইয়াৰ বাবে আৰু কিছু মাহ অপেক্ষা কৰিব লাগিব। ‘মহাকাশৰ ৰঙা লণ্ঠন’ৰূপে খ্যাত মঙল গ্ৰহৰ চন্দ্ৰ অৰ্থাৎ উপগ্রহ আছে দুটা। ডিমোছ আৰু ফোবোছ। ইয়াৰে দ্বিতীয়টোৱেই জাপানী মহাকাশ যানৰ লক্ষ্য। তাত নামি মাটি আৰু পাথৰৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰি অহাই লক্ষ্য মার্টিয়ান লন্স এক্সপ্লোৰেচন মহাকাশ যানৰ লক্ষ্য।
সেই লক্ষ্যতে যোৱা মঙলবাৰে স্থানীয় সময় পুৱা প্রায় পাঁচ বজাত যানখন উৎক্ষেপণ কৰা হয়। জাপানৰ টানেগাছিমা স্পেচ চেণ্টাৰৰ পৰা ‘এইছত’ ৰকেটত উঠি পৃথিৱীৰ সীমা অতিক্ৰম কৰি যায় যানখনে। এই যানখনত অৱশ্যে কোনো মানুহ নাই।
২০২৭ৰ আগষ্টত যানখনে মঙল গ্ৰহৰ কাষত উপস্থিত হোৱাৰ কথা। ফোবোছৰ মাটিত নামিব আইডেফিক্স নামৰ এটা সৰু ৰোভাৰ। তাৰ পাছত সেই ৰোভাৰে মঙলৰ উপগ্ৰহটোত দীর্ঘ সময় ধৰি খনন চলাব। ২০৩১ত যানখনে প্রায় ১০ গ্রাম মাটি লৈ পৃথিৱীলৈ উভতি অহাৰ কথা।
সেয়া সফল হ’লে ফোবোছ সম্পর্কে এনে বহু কথাই জনাটো সম্ভৱ হ’ব, যিবোৰ আগতে জানিব পৰা হোৱা নাছিল। ইয়াৰ ফলত মানুহৰ মহাকাশ সম্পৰ্কে জ্ঞানৰ পৰিধি অধিক বৃদ্ধি পাব, যি আগন্তুক দিনৰ গৱেষণাসমূহক নতুন দিশৰ সন্ধান দিব।
উল্লেখ্য যে বিগত ৫০ বছৰত নাছাই সফলভাৱে নখন মহাকাশ যান মঙলৰ মাটিলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ২০২১ত চীনেও মঙলক স্পর্শ কৰে। অথচ ফোবোছ সকলোৰে স্পৰ্শৰ পৰা দূৰতে আছে।
মঙলৰ আনটো উপগ্রহ ডিমোছত অৱশ্যে এই পর্যন্ত কোনেও অৱতৰণ কৰিব পৰা নাই। নমুনা সংগ্ৰহ কৰি অনাটো বহু দূৰৰে কথা। সবাতোকৈ আশ্চৰ্যকৰ বিষয়টো হৈছে, নবাৰ মঙলত নামিও নাছাই এই পর্যন্ত ৰঙা গ্ৰহৰ মাটিৰ নমুনাও পৃথিৱীত অনাত সফল হোৱা নাই।
সেই দিশৰ পৰা ফোবোছৰ মাটিৰ নমুনা আমাৰ গ্রহলৈ আহিলে, মহাকাশ অভিযানৰ এক বিৰাট দিগন্ত স্পর্শ কৰিব মানৱজাতিয়ে।

































