Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
February 19, 2024
in Assam, India, News
Reading Time: 5 mins read
0
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Will the Congress Be Vigilant:কংগ্রেছ সতর্ক হ’বনে ?

ADVERTISEMENT

#প্রাঞ্জলসেন ডেকা

কংগ্ৰেছ নেতাসকলৰ শেহতীয়া কার্যকলাপলৈ চাই শতিকা পুৰণি এই দলৰ প্ৰকৃততে প্ৰয়োজন আছে নে তাক লৈ প্রশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক। ভাৰতীয় ৰাজনীতিত দল সলনি কোনো নতুন ঘটনা নহয়। পদ আৰু ধনৰ বিনিময়ত সংসদ- বিধানসভাৰ পৰা পৌৰসভা- গাঁও পঞ্চায়তলৈ নির্বাচিত জনপ্রতিনিধিয়ে সঘনে স্থিতি আৰু দল সলনি কৰি আহিছে।

গণতান্ত্রিক পৰম্পৰাক পদদলিত কৰি মুকলিকৈয়ে সাংসদ-বিধায়ক কিনা-বেচা চলিছে। ১৯৬৭ত হাৰিয়ানাত মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে অত্যধিক হাৰত বিধায়ক কিনা-বেচা, তাক প্রত্যাহ্বান জনাই পুনৰ কিনা-বেচাৰ লগতে দল সালসলনিৰ ইমানবোৰ ঘটনা সংঘটিত হয় যে অৱশেষত বিধানসভা ভংগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। সেইবাৰ গয়া লাল নামৰ নির্দলীয় প্রার্থী এজন তেতিয়াৰ হাছানপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হয় আৰু কংগ্ৰেছত যোগদান কৰে। এইজন গয়ালালে এপষেকত তিনিবাৰকৈ দল সলনিৰে ভাৰতীয় ৰাজনীতিত এক নতুন অভিলেখৰ সূচনা কৰে।

কংগ্রেছ ত্যাগ কৰি তেওঁ সংযুক্ত মৰ্চাত যোগদান কৰে। এইজন গয়া লালে সংযুক্ত মর্চাত যোগদান কৰে যদিও কিছু সময় পাছতে কংগ্রেছলৈ উভতি আহে। তাৰ মাত্র নঘণ্টা পাছত গয়া লালে পুনৰ দল সলনি কৰি সংযুক্ত মর্চাত চামিল হয়। তেওঁক কংগ্রেছলৈ পুনা ওভতাই অনাৰ পাছত চণ্ডীগড়ত এক সংবাদমেলত- কংগ্রেছ নেতা ৰাও বীৰেন্দ্র সিঙে ঘোষণা কৰে – ‘গয়া ৰাম এতিয়া আয়া ৰাম’। তেতিয়াৰ পৰাই এনে দল সালসলনি ‘আয়াৰাম-গয়াৰাম’ৰ ৰাজনীতিৰূপে সমগ্র দেশতে পৰিচিত হ’বলৈ ধৰে।

আমোদজনক কথা যে ১৯৬৭ৰ পাছতো গয়া লালে অসংখ্যবাৰ দল সলনি কৰি নিৰ্বাচনত অৱতীর্ণ হয় আৰু বিধানসভাত পদার্পণৰ সুযোগ লাভ কৰে। আনকি তেওঁৰ পুত্র উদয় ভানেও কে’বাবাৰো ভিন ভিন দলৰ প্রার্থীৰূপে আৰু নির্দলীয়ভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে আৰু বিধায়ক নির্বাচিত হয়।

এনে অবাঞ্ছিত পৰম্পৰা বন্ধ কৰাৰ উদ্দেশ্যে ১৯৮৫ ত ৰাজীৱ গান্ধীৰ প্রধানমন্ত্রীত্বৰ কালত দলত্যাগ বিৰোধী আইন প্রণয়ন কৰা হয় যদিও পৰিস্থিতিৰ বিশেষ পৰিবর্তন নহ’ল। ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষৰ পক্ষপাতিত্বমূলক ভূমিকাৰ বাবেই এই আইনো ব্যর্থ হোৱাটো প্রমাণিত হৈছে শেহতীয়া সময়ছোৱাত।

২০১৪ ত নৰেন্দ্ৰ মোদী কেন্দ্রৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা ঘাইকৈ কংগ্ৰেছ আৰু একাংশ আঞ্চলিক দলৰ নেতাৰ বিজেপি গমনে এক নতুন অভিলেখ – সৃষ্টি কৰিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অসমতো তৰুণ গগৈ চৰকাৰৰ তৃতীয়টো কার্যকালৰ পৰাই কংগ্ৰেছ নেতা – মন্ত্রীৰ বিজেপি গমনৰ ধাধা আৰম্ভ হৈছিল আৰু এতিয়াও সি অব্যাহত আছে। অৱশ্যে বাওঁপন্থী দলসমূহ এই ক্ষেত্রত এতিয়াও ব্যতিক্রম হৈ আছে।

সবাতোকৈ আশ্চর্যকৰ বিষয় এয়ে যে যিসকল কংগ্রেছ প্ৰমুখ্যে বিৰোধী দলৰ শীর্ষ নেতাক প্রধানমন্ত্রী মোদী তথা বিজেপিয়ে অতি ভ্রষ্টাচাৰীৰূপে তালিকাভুক্ত কৰি কঠোৰ শাস্তি প্রদানৰ হুংকাৰ দি আহিছিল, সেই সকলোকে বিজেপিয়ে ইতিমধ্যে দলত চামিল কৰি লৈছে। তাৰ পাছতে সেইসকলৰ ভ্ৰষ্টাচাৰৰ অভিযোগবোৰ হঠাতে নাইকিয়া হৈ পৰাই নহয়, প্রায় সংখ্যককেই কেন্দ্রীয় মন্ত্রিত্বৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রিত্ব আৰু অন্যান্য গুৰুত্বপূর্ণ পদত বহুওৱা হৈছে।

অসমতো তেনে এক ধাৰাই ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰি আহিছে। ফলস্বৰূপে নামটোৰ বাহিৰে কংগ্রেছ আৰু বিজেপি নেতাসকলৰ মাজত ৰাইজে কোনো পার্থক্য বিচাৰি নোপোৱা হৈছে। লগতে প্রধানমন্ত্রী মোদী আৰু বিজেপিৰ দুর্নীতিবিৰোধী অভিযানৰ স্বৰূপ নির্লজ্জভাৱে ওলাই পৰিছে। ৰাজকোষ লুণ্ঠনৰ অপৰাধক কিদৰে ক্ষমতা কুক্ষিগত কৰাত ব্যৱহাৰ কৰিব পাৰি তাৰ এক নতুন মন্ত্র দিলে মোদীয়ে।

লগতে যিমানে গুৰুতৰ দুর্নীতি-ভ্রষ্টাচাৰ নহওক, জেলৰ পৰিৱর্তে বিজেপিত চামিল হৈ গুৰুত্বপূর্ণ পদ লাভৰ পথহে প্রশস্ত কৰি দিয়া হ’ল। মোদীৰ স্পষ্ট বার্তা- ৰাজকোষ লুটি-পুতি উদং কৰক আৰু ধৰা পৰিলে বিজেপিত যোগদান কৰক। লগে লগে দোষমুক্ততো হ’বই, লগতে বোনাছৰূপে পাব মন্ত্রিত্ব। ইয়াতকৈ আত্মপ্রতাৰণা আৰু কিবা হ’ব পাবে নে?

দলে দলে কলংকিত ভ্রষ্টাচাৰীৰ আগমনত প্রকৃত বিজেপি নেতা-কর্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱাটো স্বাভাৱিক। অৱশ্যে এইসকলৰ ক্ষোভ-অসন্তুষ্টিয়ে এতিয়া আৰু বিজেপিত কোনো প্রভাব নেপেলায়। সি যি কি নহওক, সাম্প্রতিক ৰাজনীতিৰ ধামখুমীয়াত থাউনি হেৰুৱাই কংগ্রেছ যে দুর্দশাগ্রস্ত হৈ পৰিছে সেয়া আৰু লুকাই থকা নাই।

২০০১ৰ পৰা অসমত একেৰাহে তিনিটাকৈ কার্যকাল শাসনাধিষ্ঠিত হোৱা কংগ্রেছে ক্ষমতা হেৰুওৱাৰ পাছতে এনে দুর্যোগৰ সন্মুখীন হ’ব লাগিব বুলি কল্পনা কৰা নাছিল। পূর্বতেও কংগ্রেছ একাধিকবাৰ ক্ষমতাচ্যুত হৈছিল যদিও প্রতিবাৰেই শক্তিশালীভাবে প্রত্যাৱর্তন কৰিবলৈ সক্ষম হৈছিল। ক্ষমতা হেৰুওৱাৰ পৰিণতিত যিকোনো দলত হতাশা আৰু বিশৃংখলাৰ সৃষ্টি হোৱাটো নতুন কথা নহয়;

কিন্তু বিৰোধীৰ ভূমিকা সঠিকভাবে ৰূপায়ণ কৰিবলৈ সক্ষম হ’লে পুনৰ ভোটাৰৰ ওচৰলৈ যোৱাৰ সুযোগ লাভ কৰে। দৰাচলতে অসমৰ কংগ্রেছ নেতৃত্ব এক বদ্ধমূল ধাৰণাৰ বশৱতী হৈ আহিছে যে বৰ্তমানৰ চৰকাৰৰ ওপৰত বীতশ্রদ্ধ হৈ ৰাইজে পুনৰ তেওঁলোকক শাসনভাৰ গতাই দিব। সেই বাবে তেওঁলোকে দলক সুশৃংখলিত আৰু ঐক্যবদ্ধ কৰি সংগঠন শক্তিশালী কৰাত মনোনিৱেশ কৰা নাই।

আনকি মূল বিৰোধী দলৰ ভূমিকাও সঠিকভাৱে ৰূপায়ণ কৰিবলৈ কোনো প্রচেষ্টা গ্রহণ কৰা নাই। ৰাজ্যবাসীৰ সন্মুখত এনে কোনো বিষয় অথবা পৰিকল্পনা দাঙি ধৰিবও পৰা নাই, যাৰ বাবে তেওঁলোকক ৰাইজে আঁকোৱালি ল’ব। আন বাদেই, দলৰ বিধায়ককেইজনো ঐক্যবদ্ধ হৈ থকাটো সম্ভব হৈ উঠা নাই। এইসকলৰে পূৰ্বৰ চৰকাৰত মন্ত্রিত্ব লাভ কৰাসকলে ক্ষমতাৰ অপব্যবহাৰ কৰি ব্যাপক দুর্নীতিতলিপ্ত হোৱাৰ কথা কোনে পাহৰিছে ? কোৱা বাহুল্য যে কংগ্রেছ ক্ষমতাচ্যুত হোৱাৰ অন্যতম কাৰণ আছিল সেই মন্ত্রীসকলৰ দৌৰাত্ম্য।

দল সলনিৰ জৰিয়তে বিধায়কসকলে ৰাইজক কৰা বিশ্বাসঘাতকতাৰ স্বৰূপ ওলাই পৰিছে। সমষ্টিৰ ভোটাৰ ৰাইজে কংগ্রেছ প্রার্থীৰূপেহে তেওঁলোকক বিজয়ী কৰি বিধানসভালৈ প্রেৰণ কৰিছিল; অথচ কেৱল ক্ষমতাৰ স্বাৰ্থত প্রত্যক্ষ অথবা পৰোক্ষভাবে তেওঁলোক শাসক দলত চামিল হোৱাৰ অৰ্থ ভোটাৰক প্রৱঞ্চনা কৰাটোৱে নহ’ল নে? বিৰোধী বিধায়ককপে যদিহে ইমানেই অস্থিৰ হৈ পৰিছে আৰু শাসক দলত চামিল হ’বলৈ উদ্বাউল হৈছে, তেন্তে তেওঁলোকে বিধায়ক পদ ত্যাগ কৰিহে তেনে কৰাটো বাঞ্ছনীয়।

শেহতীয়াভাৱে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি তথা বৰাক উপত্যকাৰ প্ৰভাৱশালী নেতা কমলাক্ষ্য দে পুৰকায়স্থ আৰু প্রাক্তন মন্ত্রী বসন্ত দাসে ‘কংগ্রেছত থাকিয়ে বিজেপি চৰকাৰলৈ’ সমর্থনৰ কথা ঘোষণা কৰিছে। বিধায়ক দাসে আনকি বিধানসভা ভৱনত মুখ্যমন্ত্রীৰ চৰণ স্পর্শ কৰি আশীর্বাদো গ্রহণ কৰিছে।

লক্ষ্যণীয় যে ৰাজ্য চৰকাৰৰ এজন কঠোৰ সমালোচকৰূপে বিধায়ক পুৰকায়স্থই এক পৰিচয় লাভ কৰিছিল। দলৰ অধিকাংশ নেতাই নির্বাচনত পৰাজিত হোৱাৰ পাছতো বিজেপিৰ শক্তিশালী উপস্থিতি থকা সমষ্টিৰ পৰা পুৰকায়স্থই একেবাহে তিনিটাকে নির্বাচনত জয়লাভ কৰি বৰাক উপত্যকাত যথেষ্ট প্রভাৱশালী হৈ উঠিছে।

আগন্তুক সময়ছোৱাত এই যুৱ নেতাজন বৰাকৰ কংগ্ৰেছৰ সবাতোকৈ শক্তিশালী নেতাৰূপে পৰিগণিত হোৱাৰ পূর্ণ সম্ভাৱনা ফুটি উঠিছিল। এনে এজন নেতাৰ স্থিতি সলনি যে কংগ্ৰেছৰ বাবে এক গুৰুতৰ আঘাত তাৰ ব্যাখ্যা নিষ্প্রয়োজন। ৰাজনীতিত বিভিন্ন ধৰণৰ প্রত্যাহান থাকে। প্রতিজন নেতাই দলৰ বাহিৰে-ভিতবে প্রতিনিয়ত এনে বহু প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সেইবোৰক যথোচিতভাবে মোকাবিলা কৰি শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হোৱাজনেই সফল আৰু প্রভাৱশালী নেতাৰূপে স্বীকৃতি লাভ কৰে।

গতিকে পুৰকায়স্থৰ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত এই প্ৰসংগতে বিচার্য। তেওঁক ধৰি ৰখাত যিদৰে দলৰ নেতৃত্ব ব্যর্থ হৈছে, তেনেদৰেই ক্ষমতাৰ লোভ আৰু শাসকপক্ষৰ হেঁচাত সেও মানি তেওঁ নিজৰ দুৰ্বলতাক উদত্তাই দিছে। ইয়াৰ পাছতো আন কে’বাজনো বিধায়কে বিজেপি অথবা সহযোগী অগপত যোগদানৰ উদ্দেশ্যে দৰ-দাম কৰি থকা বুলি প্রকাশ পাইছে।

মুঠতে কংগ্রেছ ত্যাগ কৰাটোৱে যেন এইসকলৰ এতিয়া প্রধান লক্ষ্য হৈ পৰিছে। পৰিতাপৰ বিষয় যে নীতি-আদর্শ অথবা ৰাজহুৱা স্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেহে এইসকলে এনেদৰে ওভতগোৰে নাচিছে।

ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে যে কংগ্রেছ নেতৃত্বই দলক আগবঢ়াই নিয়াৰ অথবা অসমৰ উন্নয়নৰ দিশত কোনো আঁচনি প্রস্তুত কৰি ৰাইজৰ সন্মুখত দাঙি ধৰিব পৰা নাই। ক্ষমতা লাভত ব্যর্থ হৈ কংগ্রেছ নেতাসকল নিজৰ মাজতে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ৰাজীৱ ভৱনৰ ভুৰখাসকলৰ এই কথা জ্ঞাত যে এই সময়ছোৱাত কংগ্রেছ নেতৃত্ব ঐক্যবদ্ধ হোৱাৰ বিপৰীতে অধিকাংশ নেতাই নিজস্ব লবী গঠনত ব্যস্ত।

আজিৰ শক্তিশালী বিজেপি দল আৰু চৰকাৰক প্ৰত্যাহ্বান জনোৱা দূৰৈৰ কথা, তেওঁলোক পদবী আৰু কর্তৃত্ব দখলৰ যুঁজত অৱতীৰ্ণ হৈ নিজৰ দলকে অস্থিৰ কৰি তুলিছে। পৰস্পৰৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনাতে তেওঁলোকে সময় ব্যয় কৰিছে। মুখ্যমন্ত্রী প্রমুখ্যে শাসকপক্ষৰ নেতাই সততে দাবী কৰি আহিছে যে কংগ্ৰেছৰ প্ৰতিটো সৰু-বৰ পদক্ষেপ তেওঁলোকৰ জ্ঞাত; কিয়নো একাংশ কংগ্রেছী নেতাই গোপনে তেওঁলোকক এই সকলোবোৰ তথ্য নিয়মীয়াকৈ যোগান ধৰি আহিছে।

সন্দেহ নাই যে প্রদেশ কংগ্রেছৰ শীর্ষস্থানীয় নেতাসকলৰ মাজতে এনে বিশ্বাসঘাতক সক্রিয় হৈ আছে। গতিকে এনে নেতাসকলে নেতৃত্ব প্রদান কৰা এটা দলে অসমবাসীক নতুন পথ দেখুৱাব বুলি আশা কৰিব পাৰি জানো? সময় সম্পূর্ণৰূপে উকলি যোৱাৰ পূর্বেই কংগ্রেহে নির্মোহভাৱে পৰিস্থিতিৰ বিশ্লেষণ কৰি যথোপযুক্ত পদক্ষেপ গ্রহণ কৰিব নোৱাৰিলে বিপর্যয় নিশ্চিত। চৰকাৰৰ ব্যাপক সাফল্যৰ প্ৰচাৰ সত্ত্বেও দেশ অথবা ৰাজ্য বিভিন্ন সমস্যাৰে জৰ্জৰিত।

চৰকাৰৰ প্ৰতিশ্রুতি আৰু দাবীৰ বিপৰীতে বাস্তৱক্ষেত্ৰৰ পৰিস্থিতি শেহতীয়া কেইটামান ঘটনাই উদঙাই দিছে। দুর্নীতি নির্মূলৰ ধ্বনি দিয়া এই চৰকাৰে প্ৰৱৰ্তন কৰা নিৰ্বাচনী বণ্ডৰ নামত ব্যাপক দুর্নীতিৰ ইংগিত দি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে তাক নাকচ কৰিছে। একেদৰে কৃষকৰ আয় দুগুণ কৰাৰ শ্ল’গান দিয়াৰ ১০ বছৰ পাছতো কৃষকে পথৰ দাঁতিত দিনৰ পাছত দিন চৰকাৰী নিগ্রহৰ মাজতো আন্দোলন অব্যাহত ৰাখিবলগীয়া হৈছে।

আনহাতে, আর্থিক দিশত বিপুল অগ্রগতিৰ দাবীৰ সময়ত দেশৰ ৮০ কোটিৰো অধিক দৰিদ্ৰ নাগৰিকক পেটৰ ভাতমুঠি চৰকাৰেই বিনামূলীয়কৈ যোগান ধৰিবলগীয়া হৈছে। এইবোৰেই সাফল্যৰ দাবীৰ অন্তঃসাৰশূন্যতা স্পষ্ট কৰি দিয়া নাই নেং এনেবোৰ বিষয় ৰাইজৰ সন্মুখত দাঙি ধৰি জনমত গঠনৰ পৰিৱৰ্তে ক্ষমতা আৰু কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ জালৰ পৰা হাত সাৰিবলৈ কংগ্ৰেছ নেতাসকল বিজেপিৰ উচ্ছিষ্ট লাভৰ বাবে শাৰী পাতিছে।

প্রধান বিৰোধী দলৰূপে কংগ্ৰেছেই যদি জনমত গঠনত ব্যর্থ হয়, তেন্তে তাৰ বাবে দায়ী কোন হ’ব? আয়াসতে ক্ষমতা ভোগৰ আশা পালি থকাতকৈ কংগ্রেছে প্রথমে বিৰোধীৰ দায়িত্বকে সুচাৰুৰূপে পালন কৰক।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCArticlesPranjalsen DekaRajib BhawanWill the Congress Be Vigilant
publisher

publisher

Related Posts

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d