Veteran artist Samar Hazarika:
ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা নিজৰাপাৰাস্থ বাসগৃহত হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে মহানগৰীৰ হায়াট হাস্পতালত ৷
ADVERTISEMENT
বৰ্ষীয়ান সংগীত শিল্পী গৰাকীৰ দেহত হ্ৰাস পাইছিল অক্সিজেনৰ মাত্ৰা। যাৰবাবে সম্প্ৰতি ভৰ্তি হৈ আছে ICUত ৷ হায়াটৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাৰ তত্ত্বাৱধানত থকা প্ৰবীন শিল্পী গৰাকীৰ স্বাস্থ্য সামান্যভাবে উন্নত হৈছে বুলি চিকিৎসালয় সূত্ৰে জানিব পৰা গৈছে।



































