BJP National President:
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে নতুন দিল্লীত দলটোৰ হেড কোৱাৰ্টাৰত সোমবাৰে এক উথপথপ পৰিবেশৰ সৃষ্টি হয় ৷ বৰ্তমানৰ সভাপতি জেপি নাড্ডা উত্তৰসূৰীৰ বাবে হোৱা নিৰ্বাচন বাবে আজি মনোনয়ন দাখিলত দেখা গ’ল দলটোৰ শীৰ্ষ নেতা সকলক ৷ মনোনয়ন দাখিলৰ আজি আছিল অন্তিম দিন ৷ ইতিমধ্যে নিৰ্ধাৰিত সময় উকলি যোৱাত বৰ্তমানৰ কাৰ্যকৰী সভাপতি নিতীন নবীনৰ নামত এখন মনোনয়নপত্ৰ দাখিল হয় ৷
উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ হৈ মনোনয়ন পত্ৰ একেলগে দাখিল কৰে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে ৰাজনাথ সিং,জেপি নাড্ডা,ৰাজনাথ সিং,ক্ষিৰেন ৰিজিজু,ধমেন্দ্ৰ প্ৰধান সহ আন কে’বাজনো নেতা৷ আনহাতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নীতিন নবীনৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷
সোমবাৰৰ সন্ধিয়া পৰ্যন্ত এখন মনোনয়নপত্ৰ দাখিল হোৱাত মঙলবাৰে আনুষ্ঠানিক নিতীন নবীনৰ নাম সভাপতি ৰূপে নাম ঘোষণা হ’ব ৷ মঙলবাৰেই নিতীন নবীনে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷



































