Himanta Viswa Sarma:
এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, এআইচিচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে আজি এখন সংবাদ মেলৰ জৰিয়তে মোৰ বিৰুদ্ধে মিছা, বিদ্বেষপূৰ্ণ আৰু মানহানিকৰ অভিযোেগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছ নেতা শ্রীজিতেন্দ্র সিং, শ্ৰীভূপেশ বাঘেল আৰু শ্ৰীগৌৰৱ গগৈৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মানহানিৰ গোচৰ ৰুজু কৰিছোঁ।
ADVERTISEMENT



































