টিংখাং সমষ্টিৰ ৰাজগড়ৰ নিকট কেন্দুগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত থেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন হবলগীয়া হৈছে এগৰাকী ছাত্ৰী ।
ঘটনা অনুসৰি সপ্তম শ্ৰেণীৰ ছাত্ৰী বৃষ্টিবন্যা শৰ্মা নামৰ এগৰাকী ছাত্ৰীক বিদ্যালয় খনৰ প্ৰধান শিক্ষক কুশল পাঠৰিয়ে এটি সাধাৰণ কাৰণত চাউলৰ গোদামৰ পৰা এন্দুৰ মৰা লাঠী এডালেৰে অমানুষিক মাৰপিট কৰে ।
যাৰ ফলত চিকিৎসাধীন হবলগা হৈছে ছাত্ৰী গৰাকী । প্ৰধান শিক্ষকৰ এনে দু-ব্যৱহাৰত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে অভিভাৱক । ইয়াৰ উপৰিও প্ৰধান শিক্ষক কুশল পাঠৰিয়ে পূৰ্বেও কেইজনমান ছাত্ৰক মাৰপিট কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
শিক্ষক জনৰ কাণ্ডজ্ঞানহীন কাণ্ডত এতিয়া চিন্তিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলৰ লগতে অঞ্চলটোৰ সচেতন মহল । ছাত্ৰ ছাত্ৰী সকললৈ ভাবুকি কঢ়িয়াই অনা শিকক জনক অতি সোনকালে বদলি বিচাৰিছে স্থানীয় ৰাইজে ।
উল্লেখযোগ্য যে প্ৰধান শিক্ষকৰ প্ৰহাৰত অচেতন হৈ পৰি চিকিৎসাধীন হব লগীয়া হোৱাত পাছতো বিদ্যালয়খনৰ এজনো শিক্ষক-শিক্ষয়ীত্ৰিয়ে খবৰ এটা কৰিবলৈ নোজোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।































