এইবাৰ কৰ’নাজনিত পৰিস্থিতিৰ বাবেই ৰাজ্যত নাই বনভোজৰ আনন্দ-উল্লাস।ম্লান হৈ পৰিল বনভোজৰ আনন্দ। আজি পহিলা ডিচেম্বৰ আজিৰ দিনটোত পূৰ্বৰ বছৰ সমূহত সমগ্ৰ ৰাজ্যৰ বনভোজস্থলী সমূহৰ দৰে নগাঁও জিলাৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰে সমৃদ্ধ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাত ভৰি পৰিছিল দেশী-বিদেশী পৰ্যটকৰে । চাপানালাৰ ঐতিহাসিক এই বনভোজীস্থলীত সমাগম হৈছিল অসংখ্য বনভোজ দলৰ ।কিন্তু এইবাৰ নাই সেই পৰিৱেশ ।মহামাৰী কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বাবে বনভোজীস্থলীলৈ অহা নাই বনভোজৰ দল ।যাৰ বাবে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ চাপানালাৰ চম্পাৱতী কুণ্ড তথা জলপ্ৰপাতত। আনহাতে নৱবৰ্ষত চম্পাবতী কুণ্ড পৰিচালনা সমিতিয়ে বনভোজদলক আদৰিবলৈ বনভোজীস্থলী খন পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে সজাই-পৰাই তুলিছে যদিও বৰ্তমানেও এই স্থানলৈ বনভোজ দল আহিবনে নাহে সেয়া অনিশ্চয়তাৰ মাজত ।আনহাতে চৰকাৰ-তথা প্ৰশাসনে এই বনভোজীস্থলী সমূহক লৈ কভিড১৯ৰ বাবে কি কি নীতি-নিৰ্দেশনা জাৰি কৰে সেয়াও লক্ষ্যণীয় হ’ব।





























