অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক পুলকেশ বৰুৱাই আজি নৱ গঠিত অসম জাতীয় পৰিষদত যোগ দিয়ে । বৰুৱাৰ লগতে টিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন, প্ৰাক্তন ছাত্ৰ নেতা বিপুল দাস, অগপৰ শ্ৰম পৰিসদৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ তালুকদাৰসহ মুঠ ১৫ জনে আজি পৰিসদত যোগদান কৰে ।
মহানগৰীৰ লেম্ব ৰোডস্থিত মুখ্য কাৰ্যালয়ত জাতীয় পৰিসদৰ মুখ্য আহ্বায়কদ্বয় ড° কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু উসন্ত ডেকাই অগপৰ প্ৰাক্তন নেতাকেইজনক দললৈ আদৰণি জনাই তেওঁলোকৰ যোগদানে দলৰ শক্তি বৃদ্ধি কৰিব বুলি মত পোষণ কৰে ।
ইফালে অগপ ত্যাগ কৰি বিজেপিলৈ যোৱা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষজনে আজি পুনৰ জাতীয় পৰিসদত যোগদান কৰি আঞ্চলিক দলৰ পৰা ৰাজনৈতিক পথাৰত ভৰি থৈ আজি পুনৰ আঞ্চলিক ৰাজনৈতিক দললৈ উভতি অহা বুলি কয় । তেওঁ কয় যে বিজেপিৰ লগত থাকি অসম গণ পৰিষদে কেতিয়াও অসমীয়াৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে । ‘আমি এজেপিৰ হাত শক্তিশালী কৰিব লাগিব, তেতিয়াহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব ।’ এইদৰে তেওঁ কয় ।
একেদৰে বিজেপিৰ আগ্ৰাসী ভূমিকা বাধা দিব নোৱাৰিলে ৰাজ্যখনৰ অধিক ক্ষতি হ’ব বুলি তেওঁ মত পোষণ কৰি জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত জাতীয় পৰিসদক সকলোৱে আগুৱাই নিব লাগিব ।





























