চিৰাং জিলাৰ পানবাৰীৰ কাশিবাৰীত বিদ্যুতপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু হয় । ঘটনা অনুসৰি চিৰাঙৰ পানবাৰীত বন্যহস্তীৰ সন্ত্ৰাস ৰোধিবলৈ নিজৰ খেতিত অবৈধ ভাৱে বৈদ্যুতিক তাঁৰৰ সংযোগেৰে বৈদ্যুতিকৰণ কৰাৰ ফলত বিদ্যুতপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু হয় ।
বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মৃত বন্যহস্তীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰ কৰাৰ লগতে এই সন্দৰ্ভত দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে সুশিল নাৰ্জাৰী আৰু আৰু সম্বাৰু বসুমতাৰী ।
উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিতৌ মানাহ সংলগ্ন অঞ্চলত সন্ত্ৰাস চলায় । বন্যহস্তীৰ জাকটোৱে কৃষকৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । ইয়াৰ উপৰিও প্ৰায়েই সীমান্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণত কেবাজনো লোক আহত হোৱাৰ লগতে নিহত হোৱাৰ ঘটনাও সংঘটিত হয় ।
আনহাতে, বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হয় । সেয়ে গঞাই নিজেই তৎপৰতাৰে নিজৰ ঘৰ তথা সম্পত্তি বন্যহস্তীৰ পৰা ৰক্ষা পাবৰ বাবে এইদৰে অবৈধ ভাৱে নিজৰ খেতিত বিদ্যুত সংযোগ কৰিছিল আৰু তাতেই বিদ্যুতপৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু ঘটে ।





























